নৌ-পৰিবহন মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ইটালীৰ মন্ত্ৰীক সাক্ষাৎ কৰে, শক্তিশালী সামুদ্ৰিক সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে
                    
                    
                        ইটালীয়ান নৌসেনা জাহাজ এমেৰিগ' ভেশপুচি আৰু মুম্বাই পৰ্টৰ ইন্দিৰা ডকত থকা ইটালীৰ আদৰ্শ গাঁও পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
শ্ৰী সৰ্বানন্দ সোনোৱালে ইটালীৰ পৰা গুজৰাটৰ ৰাষ্ট্ৰীয় মেৰিটাইম হেৰিতেজ কপ্লেক্সত সহযোগৰ বাবে আহ্বান
                    
                
                
                    Posted On:
                30 NOV 2024 8:25PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে দুই দেশৰ মাজত সামুদ্ৰিক সহযোগ বৃদ্ধি কৰাৰ উদ্দেশ্যে ইটালীৰ চৰকাৰৰ উদ্যোগ মন্ত্ৰী এডল্ফ উৰছোক সাক্ষাৎ কৰে। এই বৈঠক অনুষ্ঠিত হয় মুম্বাই বন্দৰত থকা ইটালীয়ান নেভি স্কুল শ্বিপ, দ্যা এমেৰিগ' ভেছ্পুচিত। লগতে উৰছোৰ সহযোগত সোনোৱালে পৰিদৰ্শন কৰে ইটালীৰ আদৰ্শ গাঁও ' ভিলেজিঅ' ইটালীয়া'। 
এই উপলক্ষত ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়-" ভাৰত আৰু ইটালী দুয়োখন দেশে দ্বীপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ যি পদক্ষেপ সেয়া দুয়োখন দেশৰ বাবেই সন্তুষ্টিৰ মুহূৰ্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত দুয়োখন দেশৰ অৰ্থনৈতিক সহযোগিতা অন্যান্য শীৰ্ষ ব্যৱসায়িক সহযোগী দেশসমূহৰ দৰে। আন্তঃগাঁঠনি, অটোমোবাইল আৰু নবীকৰণযোগ্য শক্তিৰ দৰে খণ্ডত যথেষ্ট অগ্ৰগতি ঘটিছে। আজি আমি কৌশলগত অংশীদাৰীত্ব উপভোগ কৰিছোঁ কাৰণ আমি চাইবাৰ সুৰক্ষা, আবিষ্কাৰ, প্ৰতিৰক্ষা, সেউজ অৰ্থনীতি, শক্তি সুৰক্ষা, পৰিৱৰ্তন সমান্তৰাল কৈ নীল অৰ্থনীতিৰ ওপৰত কাম কৰিছো। বাঢ়ি অহা বাণিজ্যক সম্পৰ্কলৈ লক্ষ্য ৰাখি দুয়োখন দেশৰ সামুদ্ৰিক অৰ্থনৈতিক সহযোগিতা অতি প্ৰয়োজনীয়। আমি জানো যে কোচিন শ্বিপয়াৰ্ড লিমিটেদে ইতিমধ্যে ফিনচেণ্টাৰীয়াৰ সৈতে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত কাম কৰি আছে। আমি ইয়াতকৈও অধিক সহযোগিতাৰে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ দ্বীপাক্ষিক সামুদ্ৰিক সম্পৰ্ক অধিক গভীৰ কৰা বাবে নীল অৰ্থনীতিৰ সম্ভাৱনাক আৰু অধিক অণ্বেষন বাবে প্ৰতিশ্ৰুতিবদ্ধ।
শুভাৰম্ভনি অনুষ্ঠানৰ ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে এমঅ'পিএছডব্লিউ দ্বাৰা গুজৰাটৰ লোঠালত নিৰ্মান হৈ থকা নেচনেল মেৰিটাইম হেৰিতেজ চেণ্টাৰক সহযোগিতা আৰু সহায়ৰ আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে কি দৰে সামুদ্ৰিক বিশেষত্ব আৰু ইয়াৰ লগতে ইটালীৰ সাংস্কৃতিক শক্তিয়ে সামুদ্ৰিক সংগ্ৰাহালয়তোৰ গুৰুত্ব অধিক বঢ়াব।
ইটালীৰ সৃষ্টিশীলতা আৰু কাৰুকাৰ্য্যক প্ৰদৰ্শন কৰা বাবে জাহাজ খন বাথ কৰা ঘটাত এখন ইটালীয়ান গাঁও সৃষ্টি কৰা হৈছিল। ভিলাগি ইটালীয়াত 'ৱি আৰ চি' প্ৰদৰ্শনী, এক্সপ' লিয়ানাৰ্ডও, জিঅ'ট' এক্সপিৰিয়েন্স, দ্যা আৰ্ট অৱ জাগো, চানৰেমো ফেষ্টিভেলৰ দৰে বহু প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি থকা পৃথিৱীৰ আটাইতকৈ ধুনীয়া জাহাজ হিচাপে অভিহিত ভেছপুচি চাব পাৰে দর্শনাৰ্থী সকলে। 

ইটালী আৰু ভাৰতে সামুদ্ৰিক বাণিজ্যৰ ক্ষেত্ৰত এক সুস্থ সম্পৰ্ক বৰ্তাই ৰাখিছে। এমবিপিএ ৰ বাবে ষ্টীল, প্ৰজেক্ট কাৰ্গঅ', ইত্যাদি এক্সিম কাৰ্গঅ'ই পৰিচালনা কৰে। এখন ইটালীয়ান ফেলগ ক্ৰুজ জাহাজ এম ভি কোষ্টাৰ সেৰেনা হোম বন্দৰ কৰা হৈছিল আৰু বিত্তীয় বৰ্ষ ২০২৩-২৪ ত এমবিপিএ ত এই জাহাজৰ বাবে ২০ টা কল আছিল। মুম্বাই পৰ্ট অথৰিটি হৈছে ভাৰতৰ দ্বিতীয় পুৰণি গুৰুত্বপূৰ্ণ বন্দৰ। মুম্বাই পৰ্ট অথৰিটিয়ে ইতিমধ্যে ১৫১ বছৰৰ অভিজ্ঞতাৰে লব্ধ।
এমেৰিগ' ভেছ্পুচি হৈছে এখন ওখ ইটালীয়ান নেভিৰ জাহাজ। ভ্ৰমনকাৰী এমেৰিগ' ভেছ্পুচিৰ নামেৰেই এই জাহাজ খনৰ নামাকৰণ কৰা হৈছে। ১৯৩১ চনত এই জাহাজ খন কমিচন কৰা হৈছিল। জাহাজ খনৰ দীঘ ১০০.৫ মিটাৰ, বিম ১৫.৫৬ মিটাৰ আৰু দ্ৰাফ্ট ৭ মিটাৰ। জাহাজ খনৰ প্ৰপালচনত আছে ২৬ টা পাল, ২ টা ডিজেল জেনেৰেটৰ ইঞ্জিন আৰু ১ টা ইলেক্ট্রিক প্ৰপালচন ইঞ্জিন। ১৫ নট ( ঘণ্টাত ২৮ কিলোমিটাৰ) বেগত গতি কৰিব পৰা জাহাজ খনত ১৫ বিষয়া, ৬৪ জন নন কমিচন বিষয়া, ১৮৫ জন নাবিক, ১৩০ জন নৌসেনা কেডেট আৰু সহায়কৰে পৰিপূৰক। জাহাজ খনৰ ২০২৩-২৫ লৈ বিশ্ব ভ্ৰমণৰ অংশ হিচাপে ইউএছএ ৰ লছ এঞ্জেলছ, জাপানৰ টকীঅ', অষ্ট্ৰেলিয়াৰ দাৰুইন চিংগাপুৰ ভ্ৰমণ কৰিছে। বৰ্তমান মুম্বাইত আছে আৰু ইয়াৰ পাছতে আবুধাবিৰ দোহা আৰু জেদদাহ ভ্ৰমণ কৰিব।
মহাকাশ আৰু নীল অৰ্থনীতিৰ এই শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে এমবিপিএ ৰ অধ্যক্ষ, আইআৰএছএমই সুশীল কুমাৰ সিং, এমঅ'পিএণ্ডডব্লিউ ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব আইএএছ ৰাজেশ কুমাৰ সিংহ, এমবিপিএ ৰ অতিৰিক্ত অধ্যক্ষ, এদিএম আইএএছ আদেশ তিতাৰমাৰে, ইটালীয়ান নেভি এণ্টনীঅ' নাটাল, ভাৰতৰ ৰাজদূত এণ্টনীঅ' বাৰ্টলি, উদ্যোগ মন্ত্ৰীৰ ৰাজনৈতিক পৰামৰ্শদাতা ৰাজদূত মাৰিয়ো কোচপিত, উদ্যোগ মন্ত্ৰীৰ ডিপ্লমেটিক পৰামৰ্শদাতা ৰাজদূত মাৰীয়া টেলো, প্ৰতিৰক্ষা মন্ত্ৰী জ্যেষ্ঠ পৰামৰ্শদাতা ৰাজদূত লোকা এণ্ডৰেলি।
 
 
DS/AK/DS
                
                
                
                
                
                (Release ID: 2104623)
                Visitor Counter : 37