নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে অখিল ভাৰতীয় য়ুনেক্স চানৰাইজ চাব জুনিয়ৰ ৰেঙকিঙৰ বেডমিণ্টন টুৰ্ণামেণ্টৰ বিজয়ী সকলক সম্বৰ্ধনা জনায়

পোষ্ট কৰা হৈছে: 02 NOV 2024 5:26PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি অসমৰ ডিব্ৰুগড়ত ২৫ ৰ পৰা ৩০ অক্টোবৰ লৈ অনুষ্ঠিত অখিল ভাৰতীয় য়ুনেক্স চানৰাইজ চাব জুনিয়ৰ ৰেঙকিঙৰ বেডমিণ্টন টুৰ্ণামেণ্টৰ বিজয়ী সকলক সম্বৰ্ধনা জনায়। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত এই টুৰ্ণামেণ্টত দেশৰ বহুত প্ৰতিভাশালী যুৱ ক্ৰীড়াবিদে  অংশগ্ৰহণ কৰে, লগতে অসমৰো খেলুৱৈয়ে প্ৰশংসনীয়  ফলাফল দেখুৱাই। 

শ্ৰী সৰ্বানন্দ সোনোৱালে তেওঁৰ ডিব্ৰুগড়ৰৰ বাসগৃহত বিজয়ী খেলুৱৈ সকলক, অভিভাৱক আৰু প্ৰশিক্ষক সকলক শুভেচ্ছা জনায় আৰু তেওঁলোকৰ সফলতাৰ সান্দৰ্ভত আলোচনা কৰে। তেওঁ খেলুৱৈ সকলক বিশ্বাস প্ৰদৰ্শন কৰি কয় এই সকল যুৱ খেলুৱৈয়ে ভৱিষ্যতে নতুন উৎসাহ আৰু উদ্যমেৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰক অধিক সমৃদ্ধিশালী কৰিব।

NKK/AK/DS


(ৰিলিজ আই ডি : 2104618) অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil