উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূব অঞ্চলৰ ষ্টাৰ্টআপসমূহ
Posted On:
13 FEB 2025 2:01PM by PIB Guwahati
দেশৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰত উদ্ভাৱন, ষ্টাৰ্টআপ আৰু বিনিয়োগক উৎসাহিত কৰাৰ বাবে এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰে ২০১৬ চনৰ ১৬ জানুৱাৰীত ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপ আৰম্ভ কৰিছিল। ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ডিপিআইআইটি-ৰ দ্বাৰা ষ্টাৰ্টআপ হিচাপে স্বীকৃতি লাভ কৰা উত্তৰ-পূবৰ ৰাজ্যভিত্তিক সংস্থাসমূহৰ সংখ্যা তলত উল্লেখ কৰা হ"লঃ
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল
|
ডিপিআইআইটিৰ দ্বাৰা ষ্টাৰ্টআপ হিচাপে স্বীকৃতি দিয়া সত্তাৰ সংখ্যা
|
অৰুণাচল প্ৰদেশ
|
৪৭
|
অসম
|
১৪৮৭
|
মণিপুৰ
|
১৭৯
|
মেঘালয়
|
৬২
|
মিজোৰাম
|
৪১
|
নাগালেণ্ড
|
৮৫
|
ছিকিম
|
১২
|
ত্ৰিপুৰা
|
১৪১
|
মুঠ
|
২০৫৪
|
ওপৰৰ কথাখিনিৰ উপৰি, উত্তৰ-পূব উদ্যোগ উন্নয়ন আঁচনি (এন. ই. ই. ডি. এছ.)ৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা এন. বি. এফ. চি. নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰ বিকশিত কৰাৰ বাবে প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলক সহায় কৰি আহিছে।
আজি ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে।
*****
Samrat/ Dheeraj /KD
Allen:donerpib[at]gmail[dot]com
(Release ID: 2102793)