প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈ ধন্য অনুভৱ কৰিছোঃ প্ৰধানমন্ত্ৰী
সংগমত স্নান কৰাটো এক ঐশ্বৰিক সংযোগৰ মুহূৰ্তঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
05 FEB 2025 12:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ পৰিদৰ্শন কৰি সংগমত পবিত্ৰ স্নান কৰে।
এক্সত পৃথক পোষ্টত তেওঁ লিখেঃ
“প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈ ধন্য অনুভৱ কৰিছো। সংগমত স্নান কৰাটো এক ঐশ্বৰিক সংযোগৰ মুহূৰ্ত আৰু ইয়াত অংশগ্ৰহণ কৰা আন কোটি কোটি লোকৰ দৰে ময়ো ভক্তিভাৱনাৰে ভৰি পৰিলোঁ।
মা গংগাই সকলোকে শান্তি, প্ৰজ্ঞা, সুস্বাস্থ্য আৰু সম্প্ৰীতিৰে আশীৰ্বাদ কৰক।”
“আজি প্ৰয়াগৰাজ মহাকুম্ভত পবিত্ৰ সংগমত স্নান কৰি পূজা কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। মা গংগাৰ আশীৰ্বাদ লাভ কৰি মনটোৱে অপৰিসীম শান্তি আৰু সন্তুষ্টি লাভ কৰিছে। তেওঁক সমগ্ৰ দেশবাসীৰ সুখ, সমৃদ্ধি, স্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। হৰ-হৰ গংগে!”
“প্ৰয়াগৰাজৰ ঐশ্বৰিক আৰু ভব্য মহাকুম্ভত বিশ্বাস, ভক্তি আৰু আধ্যাত্মিকতাৰ সংগমে সকলোকে আৱৰি ধৰিছে। পবিত্ৰ কুম্ভত স্নান কৰি থকাৰ কেইখন ছবি....”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2099984)
অতিথি কক্ষ : 60
ত এই ৰিলিজটো পঢ়ক:
English
,
Khasi
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam