গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত-বাংলাদেশ সীমান্তৰ বেৰা

Posted On: 04 FEB 2025 2:46PM by PIB Guwahati

 

ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে ৪০৯৬.৭ কিলোমিটাৰ, যাৰ ভিতৰত ৩২৩২.২১৮ কিলোমিটাৰ অংশ বেৰাৰে আৱৰা হৈছে।


(খ) আৰু (গ):এক গুৰুত্বপূৰ্ণ সুৰক্ষা ব্যৱস্থা হিচাপে সীমান্ত সুৰক্ষিত কৰাৰ বাবে বেৰা নিৰ্মাণ কৰা হৈছে। সীমান্তত দিয়া বেৰাই সীমাপাৰত অপৰাধমূলক কাৰ্যকলাপ, চোৰাং ব্যৱসায়, অপৰাধীৰ চলাচল আৰু সৰবৰাহৰ প্ৰত্যাহ্বানবোৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰি অপৰাধমুক্ত সীমান্ত নিশ্চিত কৰাত সহায় কৰি আহিছে। বেৰা দিয়াকে ধৰি সীমান্তৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত ভাৰতে দুয়োখন চৰকাৰৰ মাজত, আৰু সীমা সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্ত ৰক্ষী বাহিনীৰ মাজত সম্পাদিত সকলো প্ৰটোকল আৰু চুক্তি পালন কৰি
আহিছে বুলি বাংলাদেশ চৰকাৰক অৱগত কৰা হৈছে। পূৰ্বৰ সকলো বুজাবুজি বাংলাদেশৰ দ্বাৰা ৰূপায়ণ কৰা হ'ব আৰু সীমাৰ সিপাৰৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতামূলক দৃষ্টিভংগী অব্যাহত ৰাখিব বুলি ভাৰত চৰকাৰে আশা কৰিছে বুলিও বাংলাদেশ চৰকাৰক জনোৱা হৈছে।

(ঘ):১৭৪.৫১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বস্তুতঃ অসম্ভৱ এটা এলেকাকে ধৰি ভাৰত-বাংলাদেশ সীমান্তৰ ৮৬৪.৪৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তত বেৰা দিবলৈ এতিয়াও বাকী আছে। সীমান্ত-বেৰা নিৰ্মাণ প্ৰকল্পৰ প্ৰসাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ হৈছে ভূমি অধিগ্ৰহণ, বৰ্ডাৰ গাৰ্ড বাংলাদেশ (বিজিবি)ৰ আপত্তি, সীমিত কৰ্মঋতু আৰু ভূমিস্খলন/জলাহভূমিৰ আদিৰে সম্পৰ্কিত।


লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা সদৰী কৰে।



******

RK/VV/ASH//RR/PR/PS/365


(Release ID: 2099631) Visitor Counter : 34