প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এই সুন্দৰ কুচকাৱাজত সাংস্কৃতিক ঐতিহ্য আৰু সামৰিক শৌৰ্য প্ৰদৰ্শিত হৈছে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
26 JAN 2025 3:41PM by PIB Guwahati
‘গণৰাজ্য দিৱস উদযাপন ২০২৫’ৰ দৃশ্যাংশসমূহ সহভাগ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক বৈচিত্ৰ্যৰ মাজত ভাৰতৰ ঐক্যৰ এক জীৱন্ত প্ৰদৰ্শন বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে এই সুন্দৰ কুচকাৱাজে সাংস্কৃতিক ঐতিহ্য আৰু সামৰিক শৌৰ্য প্ৰদৰ্শন কৰিলে।
‘এক্স’-ত প্ৰেৰণ কৰা পৃথক ‘পোষ্ট’ত শ্ৰী মোদীয়ে কয়:
"গণৰাজ্য দিৱস উদযাপন ২০২৫-ৰ কিছু দৃশ্যাংশ...
বৈচিত্ৰ্যৰ মাজত ভাৰতৰ একতাৰ এক জীৱন্ত প্ৰদৰ্শন। সুন্দৰ কুচকাৱাজত সাংস্কৃতিক ঐতিহ্য আৰু সামৰিক শৌৰ্যৰ প্ৰদৰ্শন কৰিছিল। জীৱন্ত প্ৰতীকপটসমূহে আমাৰ ৰাজ্যসমূহৰ সমৃদ্ধ পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছিল।"
"এয়া সঁচাকৈয়ে কৰ্তব্য পথত এটা স্মৰণীয় ৰাতিপুৱা আছিল। ইয়াত আৰু কিছু দৃশ্যাংশ আছে..."
****
MJPS/SR/SKS/KB
(रिलीज़ आईडी: 2096999)
आगंतुक पटल : 41
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada