পৰ্যটন মন্ত্ৰালয়
পৰ্যটন মন্ত্ৰালয়ে লালকিল্লাত ২৬-৩১ জানুৱাৰীত ছদিনীয়া বৃহৎ অনুষ্ঠান "ভাৰত পৰ্ব"ৰ আয়োজন কৰিছে
ভাৰত পৰ্ব, ২০২৫ৰ থিম হৈছে 'দেখ' অপনা দেশ' ছদিনীয়া এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ’ল ৫৯ ফুড ষ্টল, হস্তশিল্প আৰু হস্ততাঁতৰ ৭০ ষ্টল, ৩৪ ৰাজ্যৰ টুৰিজিম পেভিলিয়ন আৰু ২৪ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ষ্টল ভাৰত পৰ্ব ২৭-৩১ জানুৱাৰীত দিনৰ ১২ বজাৰপৰা নিশা ০৯ বজালৈ মুকলি থাকিব
Posted On:
26 JAN 2025 11:40PM by PIB Guwahati
গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে ২০১৬ৰ পৰা প্ৰতি বছৰে ২৬ জানুৱাৰী-৩১ জানুৱাৰীত নতুন দিল্লীৰ লালকিল্লাত ভাৰত পৰ্ব অনুষ্ঠিত হৈ আহিছে। পৰ্যটন মন্ত্ৰালয়ে ন’ডেল মন্ত্ৰালয় হিচাপে এই কাৰ্য্যসূচীৰ আয়োজন কৰে আৰু লালকিল্লাৰ সন্মুখৰ লন আৰু জ্ঞান পথত এয়া অনুষ্ঠিত হয়।
ভাৰত পৰ্ব-২০২৫ৰ আকৰ্ষণ হৈছে গণৰাজ্য দিৱসৰ প্ৰতীকপটৰ প্ৰদৰ্শন, সশস্ত্ৰ বাহিনীৰ বেণ্ড (ষ্টেটিক আৰু মুভিং)ৰ প্ৰদৰ্শন, জেডচিচি আৰু ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ দলৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন, ভাৰতৰ খাদ্য সম্ভাৰ, ষ্টুডিঅ’ কিটচেন আৰু ক্ৰাফ্টছ বজাৰৰ জৰিয়তে খাদ্যৰাজিৰ প্ৰদৰ্শন, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ পেভিলিয়ন।
এই বৰ্ষৰ থিম হৈছে ‘দেখ’ অপনা দেশ’। এই অনুষ্ঠানে নাগৰিকসকলক "দেখ’ অপনা দেশঃ পিপলছ চয়ছ ভোটিঙত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে। এইদৰে নাগৰিকৰ অংশগ্ৰহণেৰে জনপ্ৰিয় আৰু উদীয়মান গন্তব্যস্থানসমূহ উজ্জ্বল হৈ উঠিব আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি গভীৰ প্ৰশংসাৰ মনোভাৱ জাগ্ৰত হ’ব। তলৰ কিউআৰ ক’ডটো স্কেন কৰি বা https://bit.ly/DADPC লৈ গৈ নাগৰিকে দেখ’ অপনা দেশ পিপলছ চয়ছ ভোটিঙত অংশগ্ৰহণ কৰিব পাৰিব।
ভাৰত পৰ্ব, ২০২৫ৰ উল্লেখযোগ্য বৈশিষ্ট্যঃ-
ছদিনীয়া এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণসমূহ হৈছেঃ
- ৫৯ ফুড ষ্টলঃ ৰাজ্য চৰকাৰৰ ষ্টল, আইএইচএমৰ ষ্টল, আন-আন হোটেল মেনেজমেন্ট শিক্ষানুষ্ঠানৰ ষ্টল, নাছভি (NASVI), ষ্টুডিঅ’ কিটচেনৰ জৰিয়তে খাদ্যসম্ভাৰৰ প্ৰদৰ্শন।
- হস্তশিল্প আৰু হস্ততাঁতৰ ৭০ ষ্টলঃ হস্ততাঁতৰ ডিচিৰ ষ্টল, হস্তশিল্পৰ ডিচিৰ ষ্টল, কেভিআইচি, ট্ৰাইফেড, তিহাৰ জেলৰ ষ্টল, কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ষ্টল, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ষ্টল।
- ৩৪ ৰাজ্যৰ টুৰিজিম পেভিলিয়ন আৰু ২৪ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ষ্টল।
- সংস্কৃতি আৰু ঐতিহ্যঃ উত্তৰ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ (সংস্কৃতি মন্ত্ৰালয়)ৰ নৃত্য পৰিবেশন, কানাড়া সন্থা, গুজৰাট সন্থা আদি দিল্লী-স্থিত আঞ্চলিক সংস্থাৰ পৰিবেশন আৰু জনপ্ৰিয় শিল্পীৰ বিশেষ অনুষ্ঠান।
- গণৰাজ্য দিৱসৰ প্ৰতীকপটৰ প্ৰদৰ্শন, সেনা, নৌসেনা, বায়ুসেনা আৰু অৰ্ধসামৰিক বেণ্ডৰদ্বাৰা প্ৰদৰ্শন।
- এক্টিভিটি জ’নঃ বাটৰ নাট, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, পৰ্যটন যুৱ ক্লাব, বিদ্যালয়/মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ, অভিজ্ঞতাৰ আদান-প্ৰদান।
অংশগ্ৰহণকাৰী সংস্থাসমূহঃ
- সকলো ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যটন আৰু সংস্কৃতি বিভাগ।
- কেন্দ্ৰীয় মন্ত্ৰালয় (২২) / বিভাগ / সংস্থাঃ প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰেলৱে মন্ত্ৰালয়, আয়ুষ মন্ত্ৰালয়, মাইগভ (MEITY), শিক্ষা মন্ত্ৰালয়, সংস্কৃতি মন্ত্ৰালয়, বস্ত্ৰ মন্ত্ৰালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়, ড’নাৰ মন্ত্ৰালয়, পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, ভাৰত সংস্কৃতি পৰ্টেল, আইজিএনচিএ, অমৰ চিত্ৰ কথা, স্থাপত্য পৰিষদ, এনচিএছএম, খনি মন্ত্ৰালয়, ৰাষ্ট্ৰপতি ভৱন, খাদ্য সংসাধন মন্ত্ৰালয়, যুৱ পৰিক্ৰমা মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, জল শক্তি মন্ত্ৰালয় (NGCM), গ্ৰামোন্নয়ন মন্ত্ৰালয়, এমএছএমই মন্ত্ৰালয়, ডাক বিভাগ ইত্যাদি।
- আন-আন সংস্থাঃ ৰাষ্ট্ৰপতি ভৱন, তিহাৰ কাৰাগাৰ, আগা খান ট্ৰাষ্ট (এনজিঅ’), আইএইচএম পুছা, এফডিডিআই, গ্ৰামীণ স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰ, মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান, উত্তৰ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ, নেচনেল বুক ট্ৰাষ্ট ইত্যাদি।
২৬ জানুৱাৰীত সন্ধিয়া ০৫ বজাৰপৰা নিশা ০৯ বজালৈ আৰু ২৭ জানুৱাৰী-৩১ জানুৱাৰীত দিনৰ ১২ বজাৰপৰা নিশা ০৯ বজালৈ ভাৰত পৰ্ব, ২০২৫ৰ দ্বাৰ মুকলি থাকিব। ইয়াত প্ৰৱেশ বিনামূলীয়া।
****
Sunil Kumar Tiwari/SB
(Release ID: 2096787)
|