তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত চৰকাৰৰ সাফল্য , পৰিকল্পনা, নীতি আৰু জনকল্যাণমূলক কাৰ্যসূচীৰ বিষয়ে তথ্য প্ৰদানৰ উদ্দেশ্যে মহাকুম্ভ নগৰত বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগে আয়োজন কৰিছে প্ৰদৰ্শনী

Posted On: 17 JAN 2025 9:27PM by PIB Guwahati

প্ৰয়াগৰাজত চলি থকা  মহাকুম্ভৰ  ত্ৰিবেণী পথত বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগে এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনী অনুষ্ঠিত হোৱা এলেকাত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কেন্দ্ৰীয়  চৰকাৰে বিভিন্ন ক্ষেত্ৰত অৰ্জন কৰা  কৃতিত্ব, পৰিকল্পনা, নীতি আৰু জনকল্যাণমূলক কাৰ্যসূচীৰ বিষয়ে সাধাৰণ জনতাক তথ্য প্ৰদানৰ অৰ্থে ডিজিটেল প্ৰদৰ্শনীৰ এক বিশেষ  মণ্ডপ স্থাপন কৰিছে। ইয়াত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু প্ৰকাশন বিভাগৰ ষ্টলসমূহৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিৰ পেভিলিয়নো স্থাপন কৰা হৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ডিজিটেল প্ৰদৰ্শনীত এনামৰ্ফিক ৱাল, এল ই ডি টিভি স্ক্ৰীণ, এল ই ডি ৱাল, হল’গ্ৰাফিক চিলিণ্ডাৰৰ জৰিয়তে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ তথ্য প্ৰদৰ্শন কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিৰ ডিজিটেল প্ৰদৰ্শনীত বিভিন্ন কোম্পানী, অধীনস্থ প্ৰতিষ্ঠানত কিদৰে  প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ লাভ কৰিব পাৰি সেই  প্ৰক্ৰিয়াৰ বিষয়ে জনসাধাৰণক সহজ সৰলভাবে বাখ্যা কৰাৰ ব্যৱস্থা ৰখা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰদৰ্শনীত বানপানী, জুই, ভূমিকম্প, শীত প্ৰবাহ , বনজুই আৰু অন্যান্য প্ৰাকৃতিক তথা  মানৱসৃষ্ট দুৰ্যোগ প্ৰতিৰোধৰ ব্যৱস্থাসমূহৰ বিষয়ে  ডিজিটেল মাধ্যমৰ জৰিয়তে অৱগত কৰাৰ লগতে এই বিষয়ক বিভিন্ন তথ্য  প্ৰদৰ্শন কৰা হৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগৰ ষ্টলত গুৰুত্বপূৰ্ণ বিষয় আৰু মহান ব্যক্তিৰ  জীৱনৰ আধাৰত ৰচিত গ্ৰন্থ আদি উপলব্ধ হৈছে ।

এই প্ৰদৰ্শনীৰ দৰ্শনাৰ্থীৰ বাবে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ষ্টলত বাজৰাৰ সামগ্ৰী আৰু শাক-পাচলিৰ বীজো উপলব্ধ হৈছে।

 

মহাকুম্ভলৈ অহা হাজাৰ হাজাৰ লোকে এই প্ৰদৰ্শনীৰ লগতে অন্যান্য ষ্টলসমূহো  দৰ্শন কৰিছে।  দৰ্শকে এই প্ৰদৰ্শনীসমূহত প্ৰদৰ্শিত ছবি, চিনেমা আদিৰ  জৰিয়তে  আগঢ়োৱা  তথ্যৰ শলাগ লৈছে। দৰ্শকে ডিজিটেল প্ৰদৰ্শনীক তথ্যসমৃদ্ধ আৰু শিক্ষামূলক বুলি অভিহিত কৰিছে।

 

মহাকুম্ভ নগৰ, ত্ৰিবেণী মাৰ্গ প্ৰদৰ্শনী কমপ্লেক্সত আয়োজিত এই প্ৰদৰ্শনীসমূহ ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীলৈকে বিনামূলীয়াকৈ জনসাধাৰণৰ দৰ্শনৰ বাবে  মুকলি থাকিব।


(Release ID: 2095163)