সাংস্কৃতিক মন্ত্ৰালয়
মহাকুম্ভ ২০২৫: এক অখণ্ড আৰু আধ্যাত্মিকভাৱে সমৃদ্ধ যাত্ৰাই ভক্তসকলৰ বাবে অপেক্ষা কৰিছে
Posted On:
29 DEC 2024 10:59AM by PIB Guwahati
"১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ৪৫ দিনৰ বাবে প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব ‘মহাকুম্ভ’। এই সময়ছোৱাত প্ৰবাসী ভাৰতীয়সকলক ভাৰতলৈ আহিবলৈ কোৱাৰ বহুকেইটা কাৰণ আছে। প্ৰথমে ‘এনআৰআই দিৱস’, তাৰ পিছত ‘মহাকুম্ভ’ আৰু তাৰ পিছত ‘গণৰাজ্য দিৱস’, এয়াও হৈছে এক প্ৰকাৰৰ ‘ত্ৰিবেণী’, ভাৰতৰ উন্নয়ন আৰু ঐতিহ্যৰ সৈতে সংযোগ স্থাপনৰ এক উত্তম সুযোগ।" নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজত ‘মহাকুম্ভ ২০২৫’ এক বিশাল, সুৰক্ষিত আৰু আধ্যাত্মিকভাৱে সমৃদ্ধ অনুষ্ঠান হোৱাটো নিশ্চিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই আছে। এই ‘মহাকুম্ভ’ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগা ৪০ কোটিতকৈয়ো অধিক ভক্তক আতিথ্য প্ৰদান কৰাৰ আশা কৰা হৈছে। ইয়াৰ বাবে গ্ৰহণ কৰা বিতং প্ৰচেষ্টাবোৰ তলত দিয়া হৈছে:
শ্ৰেণী
|
বিৱৰণ/পৰিসংখ্যা
|
সময়কাল
|
৪৫ দিন (১৩ জানুৱাৰী – ২৬ ফেব্ৰুৱাৰী, ২০২৫)
|
দৰ্শনাৰ্থীৰ প্ৰাত্যাশিত সংখ্যা
|
৪০ কোটিৰো অধিক (৪০০নিযুত)
|
পথ আন্তঃগাঁথনি
|
৯২টা পথৰ পুনৰ্নিৰ্মাণ; ১৭ টা সৌন্দৰ্যবৰ্দ্ধন
|
পণ্টুন দলং
|
৩,৩০৮ পন্টুন ব্যৱহাৰ কৰি ৩০ খন দলং নিৰ্মাণ কৰা হৈছে; সাজু হৈ উঠিছে ২৮খন
|
সংকেত ফলক সংস্থাপন
|
৮০০ বহুভাষিক সংকেত ফলক পৰিকল্পনা কৰা হৈছে; ইতিমধ্যে ৪০০ ৰো অধিক সংস্থাপিত কৰা হৈছে
|
চেকাৰ প্লেট সমূহ ৰখা হৈছে
|
মেলাক্ষেত্ৰত ২,৬৯,০০০খন চেকাৰ প্লেট সংস্থাপিত কৰা হৈছে
|

১. মুখ্য আন্তঃগাঁথনিৰ উন্নয়ন
- • অস্থায়ী মহানগৰ স্থাপন: মহাকুম্ভ নগৰক হাজাৰ হাজাৰ তম্বু আৰু আশ্ৰয়শিবিৰৰ সৈতে অস্থায়ী চহৰলৈ ৰূপান্তৰিত কৰা হৈছে, যাৰ ভিতৰত আছে ‘আইআৰচিটিচি’-ৰ "মহাকুম্ভ গ্ৰাম" বিলাসী ‘টেণ্ট চিটী’ৰ দৰে ‘ছুপাৰ ডিলাক্স’ আৱাস যিয়ে আধুনিক সা-সুবিধাৰ সৈতে ‘ডিলাক্স টেণ্ট’ আৰু ‘ভিলা’ প্ৰদান কৰিব।
- • পথ আৰু দলং:
- • ৯২ টা পথৰ নৱীকৰণ আৰু ১৭ টা মুখ্য পথৰ সৌন্দৰ্যবৰ্ধন সম্পূৰ্ণ হোৱাৰ পথত।
- • ৩,৩০৮টা ‘পন্টুন’ ব্যৱহাৰ কৰি ৩০খন ‘পন্টুন দলং’ নিৰ্মাণৰ কাম চলি আছে; ২৮খন ইতিমধ্যে কাৰ্যক্ষম হৈ আছে।
- • নেভিগেশ্বনৰ বাবে ছাইনেজ: দৰ্শনাৰ্থীসকলক নিৰ্দেশনা দিবলৈ মুঠ ৮০০টা বহু-ভাষিক ছাইনেজ (হিন্দী, ইংৰাজী আৰু আঞ্চলিক ভাষা) স্থাপন কৰা হৈছে। ৪০০ৰো অধিক সম্পূৰ্ণ হৈ উঠিছে, বাকীবোৰ ৩১ ডিচেম্বৰৰ ভিতৰত সাজু হৈ উঠিব।
- • ৰাজহুৱা উপযোগিতা: পথৰ বাবে ২,৬৯,০০০ৰো অধিক চেকাৰ প্লেট স্থাপন কৰা হৈছে। ভ্ৰাম্যমাণ শৌচালয় আৰু শক্তিশালী আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালীয়ে পৰিচ্ছন্নতা নিশ্চিত কৰিব।
-
২. সুৰক্ষা ব্যৱস্থা:
- • উন্নত নিৰীক্ষণ:
- • মুখ্য স্থানসমূহত ৩৪০ৰো অধিক বিশেষজ্ঞৰ জৰিয়তে ‘এআই’-চালিত ভিৰৰ ঘনত্ব নিৰীক্ষণৰ দিহা কৰা হৈছে।
- • আকাশী নিৰীক্ষণৰ বাবে হাজাৰ হাজাৰ ‘চিচিটিভি কেমেৰা’ আৰু ‘ড্ৰোন’ সাজু কৰা হৈছে।
- • বৰ্ধিত সুৰক্ষাৰ বাবে প্ৰৱেশ স্থানসমূহত মুখচিনাক্তকৰণ প্ৰযুক্তি।
- • অগ্নি সুৰক্ষাৰ: ৩৫ মিটাৰ ওখ, ৩০ মিটাৰ বহল জুইৰে মোকাবিলা কৰিব পৰা চাৰিটা ‘আৰ্টিকুলেটিং ৱাটাৰ টাৱাৰ’ (এডব্লিউটি) স্থাপন কৰা হৈছে।
- • অগ্নি সুৰক্ষা ব্যৱস্থাৰ বাবে ১৩১ কোটিতকৈও অধিক ধন আৱণ্টিত কৰা হৈছে। অগ্নিকাণ্ডৰ ঘটনা প্ৰতিহত কৰিবলৈ আৰু সুৰক্ষা বৃদ্ধি কৰিবলৈ ভিডিঅ' আৰু ‘থাৰ্মেল ইমেজিং’ প্ৰণালীসহ উন্নত প্ৰযুক্তিৰে ‘এডব্লিউটি’বোৰ সজ্জিত কৰা হৈছে।
- • পানীৰ তলৰ ড্ৰোন: প্ৰথমবাৰৰ বাবে ১০০০ মিটাৰ পৰ্যন্ত ডুব দিব পৰা পানীৰ তলৰ ড্ৰোনে সঙ্গম এলেকাত চব্বিশ ঘণ্টাই নিৰীক্ষণ প্ৰদান কৰিব।
- • চাইবাৰ নিৰাপত্তা: ৫৬ জনীয়া চাইবাৰ যোদ্ধাৰ এটা দলে অনলাইন ভাবুকি নিৰীক্ষণ কৰিব। সকলো আৰক্ষী থানাত ‘চাইবাৰ হেল্প ডেস্ক’ স্থাপন কৰা হৈছে।
- • সুৰক্ষা আৰু দুৰ্যোগৰ তৎপৰতা বৃদ্ধি কৰাৰ বাবে অত্যাধুনিক ‘মাল্টি-ডিজাষ্টাৰ ৰেচপন্স’ বাহনৰ মোতায়েন কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰম্ভ কৰি পথ দুৰ্ঘটনালৈকে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম। ধ্বংসাৱশেষৰ তলত কোনোবা পোত গলেও উদ্ধাৰ কৰিব পৰা ১০ৰ পৰা ২০টন ক্ষমতাৰ এটা উত্তোলন মোনা আৰু ১.৫ টন পৰ্যন্ত ওজনৰ গধুৰ বস্তুকো উঠোৱা আৰু স্থানান্তৰ কৰিবলৈ বিশেষ যন্ত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।
চিচিটিভি কেমেৰা
|
বাস্তৱ-সময় নিৰীক্ষণৰ বাবে এআই ক্ষমতাযুক্ত ২৭০০ কেমেৰা স্থাপন কৰা হৈছে
|
মুখ চিনাক্তকৰণ প্ৰযুক্তি
|
বৰ্ধিত সুৰক্ষাৰ বাবে প্ৰৱেশ বিন্দুত ব্যৱহাৰ কৰা হৈছে
|
নীৰিক্ষণৰ বাবে ড্ৰোন
|
আকাশী নীৰিক্ষণৰ বাবে মোতায়েন কৰা হৈছে
|
পানীৰ তলৰ ড্ৰোন
|
চব্বিশ ঘণ্টা নিৰীক্ষণৰ বাবে ১০০ মিটাৰ পৰ্যন্ত ডুব দিব পৰা
|
অগ্নি সুৰক্ষাৰ বাজেট
|
অগ্নি সুৰক্ষা ব্যৱস্থাৰ বাবে ১৩১.৪৮ কোটি টকা আৱণ্টিত কৰা হৈছে
|
আৰক্ষী মোতায়েন
|
অৰ্ধসামৰিক বাহিনীকে ধৰি ৫০,০০০ ৰো অধিক কৰ্মচাৰী
|
৩. স্বাস্থ্য সেৱা
- • চিকিৎসা আন্তঃগাঁথনি:
- • অস্ত্ৰোপচাৰ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধাৰে সজ্জিত অস্থায়ী চিকিৎসালয়।
- • "ভীষ্ম কিউব" নিয়োজিত কৰা, যি একেসময়তে ২০০ গৰাকীলৈকে চিকিৎসা কৰিবলৈ সক্ষম।
- • আই কেয়াৰ ইনিচিয়েটিভ: এটা "নেত্ৰকুম্ভ" শিবিৰৰ লক্ষ্য হৈছে ৫ লাখতকৈয়ো অধিক তীৰ্থযাত্ৰীৰ বাবে চকু পৰীক্ষা কৰা আৰু ৩ লাখতকৈয়ো অধিক চশমা বিতৰণ কৰা, গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰাৰ দিশত।
- • এটা নেত্ৰদান শিবিৰ স্থাপন কৰা হৈছে, য'ত ২০১৯ চনত ১১,০০০ ৰো অধিক লোকে চকু দান কৰিছিল, আৰু এই বছৰৰ লক্ষ্য হৈছে ভাৰতৰ ১.৫ কোটি দৃষ্টিহীন ব্যক্তিৰ মাজত অন্ধত্ব হ্ৰাস কৰাত সহায় কৰিবলৈ দাতাসকলক অধিক উৎসাহিত কৰা।
- • দুৰ্বল গোটসমূহৰ বাবে বিশেষ যত্ন: বৃদ্ধ তীৰ্থযাত্ৰী আৰু শিশুসকলৰ বাবে সমৰ্পিত স্বাস্থ্য শিবিৰবোৰে গতিশীলতা সহায়, হাইড্ৰেচন সমৰ্থন, আৰু জৰুৰীকালীন যত্নত গুৰুত্ব দিব।
-
৪. পাৰিপাৰ্শ্বিক স্থিৰতা
• নদী সুৰক্ষাৰ: গংগা আৰু যমুনা নদীত পৰিষ্কাৰ পানী নিশ্চিত কৰিবলৈ ৩টা অস্থায়ী নৰ্দমা শোধন প্ৰকল্প (এছটিপি) স্থাপন কৰা হৈছে।
• পৰিৱেশ-অনুকূল পদক্ষেপ: পোহৰৰ বাবে সৌৰ শক্তিৰ ব্যৱহাৰ, পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীক উদগণি, আৰু একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ক্ষেত্ৰত নিষেধাজ্ঞা।
৫. ডিজিটেল উদ্ভাৱন
• ম'বাইল এপ্ আৰু অনলাইন সেৱা: এক সমৰ্পিত ‘এপ’-য়ে ভিৰৰ ঘনত্ব, জৰুৰীকালীন সতৰ্কবাণী, নিৰ্দেশনা, আৰু বাসস্থানসমূহৰ বিৱৰণৰ প্ৰসংগত বাস্তৱ-সময়ৰ আপডেট প্ৰদান কৰিব। অনলাইন পঞ্জীয়ন আৰু টিকেট প্ৰদান ব্যৱস্থাই দৰ্শনাৰ্থী ব্যৱস্থাপনাক সুশৃংখলিত কৰিব।
• ৱাই-ফাই জোন: অস্থায়ী ‘ৱাই-ফাই জোন’-য়ে দৰ্শনাৰ্থীসকলৰ বাবে সংযোগ নিশ্চিত কৰিব।
• মহাকুম্ভ নগৰৰ ভিতৰত নেভিগেশ্বনৰ বাবে ‘গুগল মেপ’-ৰে একত্ৰীকৰণ।
৬. পৰ্যটন আৰু সাংস্কৃতিক প্ৰচাৰ
• উত্তৰ প্ৰদেশ পেভিলিয়ন:
• নাগবাচুসুকী মন্দিৰৰ ওচৰত ৫ একৰ জুৰি থকা, ই উত্তৰ প্ৰদেশৰ পৰ্যটন বৰ্তনী (যেনে ৰামায়ণ বৰ্তনী, কৃষ্ণ-ব্ৰজ চাৰ্কিট, বৌদ্ধ বৰ্তনী, বুন্দেলখণ্ড চাৰ্কিট)ক প্ৰদৰ্শন কৰিব আৰু সাংস্কৃতিক কাৰ্যসূচীৰ লগতে এখন হস্তশিল্প বজাৰ প্ৰদৰ্শিত কৰিব।
• সাংস্কৃতিক অনুষ্ঠানঃ ভাৰতৰ আধ্যাত্মিক ঐতিহ্যৰ সন্দৰ্ভত শাস্ত্ৰীয় সংগীত, নৃত্য আৰু প্ৰদৰ্শনীৰ প্ৰদৰ্শনে ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধিত আলোকপাত কৰিব।
• নতুন কৰিডৰ আৰু মন্দিৰৰ নৱীকৰণ:
• অক্ষয়ৱত কৰিডৰ, সৰস্বতী কুপ কৰিডৰ আৰু পাটলপুৰী কৰিডৰৰ দৰে নতুন কৰিডৰৰ বিকাশ।
• নাগবাসুকী মন্দিৰ আৰু হনুমান মন্দিৰ কৰিডৰৰ নৱীকৰণ।
৭. অৰ্থনৈতিক প্ৰভাৱ
• মহাকুম্ভই ডায়েৰী, কেলেণ্ডাৰ, মৰাপাটৰ মোনা আৰু ষ্টেচনৰীৰ দৰে মহাকুম্ভ-থিমযুক্ত সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ লগতে স্থানীয় বাণিজ্য বৃদ্ধি কৰিছে। সতৰ্কতাৰে ব্ৰেণ্ডিং কৰাৰ বাবে বিক্ৰী ২৫% লৈকে বৃদ্ধি হৈছে।
৮. গোলকীয় প্ৰসাৰ
• ভাৰতৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰা বহুভাষিক ছাইনেজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ সৈতে আন্তৰ্জাতিক দৰ্শনাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। এই ব্যাপক প্ৰচেষ্টাৰ জৰিয়তে মহাকুম্ভ ২০২৫ ৰ লক্ষ্য কেৱল এক ধৰ্মীয় সমাৱেশেই নহয়, বৰং আধ্যাত্মিকতা, সংস্কৃতি, সুৰক্ষা, স্থিৰতা আৰু আধুনিকতাৰ এক বিশ্বজোৰা উদযাপন।
প্ৰসংগসূত্ৰ
• তথ্য আৰু জনসম্পৰ্ক বিভাগ (ডিপিআইআৰ), উত্তৰ প্ৰদেশ চৰকাৰ
Download in PDF
***
Santosh Kumar/ Sarla Meena/ Vatsla Srivastava/KB
(Release ID: 2095026)