সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাকুম্ভ ২০২৫ ত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশকসকল

শিল্পসত্ত্বাৰ পৰম্পৰাৰ পৰা আধ্যাত্মিকতালৈ এক অনুপম মিশ্ৰণ

Posted On: 09 JAN 2025 6:15PM by PIB Guwahati

বিশ্বৰ অন্যতম বৃহৎ আধ্যাত্মিক সমাৱেশ মহা কুম্ভ মেলা কেৱল নদীৰ মিলন নহয় বৰঞ্চ সংস্কৃতি, পৰম্পৰা, কলাত্মক প্ৰকাশৰ সংমিশ্ৰণ। প্ৰতি বাৰ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই অসাধাৰণ অনুষ্ঠানটোৱে ধৰ্মীয় আৰু আধ্যাত্মিক সীমাৰ বাহিৰলৈ গৈ ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে এক মঞ্চ প্ৰদান কৰে। ইয়াৰ বহু উপাদানৰ ভিতৰত সাংস্কৃতিক শিল্পীসকলৰ অনবদ্য শিল্প পৰিৱেশনে বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে। তেওঁলোকৰ সংগীত, নৃত্য, ভক্তি আৰু ইতিহাসৰ কাহিনী কোৱা বিভিন্ন নাট্যাভিনয়েৰে লাখ লাখ লোকক মোহিত কৰিছে। ধ্ৰুপদী নৃত্যৰ পৰা আৰম্ভ কৰি লোক পৰম্পৰালৈকে এই শিল্পীসকলে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতিক প্ৰদৰ্শন কৰা এক সজীৱ ঐতিহ্যৰ মায়াময় ছবিৰ সৃষ্টি কৰে, যিয়ে তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থী উভয়ৰে বাবে আধ্যাত্মিক অভিজ্ঞতাক সমৃদ্ধ কৰে।

উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলা ২০২৫ ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শিল্পীক আমন্ত্ৰণ জনাইছে। ২০২৫ চনৰ ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান ২৪ ফেব্ৰুৱাৰীলৈকে চলিব। প্ৰথম দিনটোৰ সাংস্কৃতিক অনুষ্ঠান শংকৰ মহাদেৱনৰ সংগীতানুষ্ঠানেৰে আৰম্ভ হ’ব, আনহাতে শেষৰ দিনটোত মোহিত চৌহানে অনুষ্ঠান পৰিৱেশন কৰিব। কৈলাশ খেৰ, শ্বান মুখাৰ্জী, হৰিহৰণ, কবিতা কৃষ্ণমূৰ্তি, কবিতা ছেঠ, ঋষভ ৰিখিৰাম শৰ্মা, শোভনা নাৰায়ণ, এল সুব্ৰমণিয়াম, বিক্ৰম ঘোষ, মালিনী অৱস্থী, আদি বহুকেইজন প্ৰখ্যাত শিল্পীকো এই কুম্ভমেলাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

মহাকুম্ভ মেলাত সাংস্কৃতিক পৰিবেশকসকলে আধ্যাত্মিকতা আৰু কলাত্মক প্ৰকাশৰ সুন্দৰ সংমিশ্ৰণক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ পৰিৱেশনে লাখ লাখ লোকক প্ৰভাৱিত কৰাৰ উপৰি ভাষিক আৰু আঞ্চলিক বিভাজনক অতিক্ৰম কৰি মানুহক সামূহিক ভক্তি আৰু শ্ৰদ্ধাৰে একত্ৰিত কৰে। মহাকুম্ভৰ পৱিত্ৰ ক্ষেত্ৰত সুৰ, নৃত্য, আখ্যান প্ৰতিধ্বনিত হোৱাৰ লগে লগে পাৰ্থিৱক ঐশ্বৰিকৰ সৈতে সংযোগ কৰাত সংস্কৃতিৰ শক্তিশালী ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই শিল্প উদযাপনে মহাকুম্ভক সৰল তীৰ্থযাত্ৰাৰ পৰা এক উল্লেখযোগ্য সাংস্কৃতিক ঐতিহ্যলৈ ৰূপান্তৰিত কৰে। মহাকুম্ভ ২০২৫ত কণ্ঠদান কৰা শিল্পীসকলৰ সম্পূৰ্ণ তালিকাৰ বাবে তলত দিয়া লিংকটো চাওক:

https://drive.google.com/file/d/1oWHyhakcdnB-ZIsTMNrLul_WM-b5Dc4Q/view?usp=sharing

প্ৰাসঙ্গিক টোকা

তথ্য আৰু জনসংযোগ বিভাগ (ডিপিআইআৰ), উত্তৰ প্ৰদেশ চৰকাৰ

পিডিএফটো চাবলৈ ইয়াত ক্লিক কৰক

*****


(Release ID: 2094447) Visitor Counter : 46