তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মহাকুম্ভ ২০২৫: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ডিজিটেল প্ৰদৰ্শনীয়ে আয়ুষ্মান ভাৰতৰ দৰে চৰকাৰী কল্যাণমূলক আঁচনি আৰু মহিলা সবলীকৰণৰ বাবে পদক্ষেপৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে
Posted On:
18 JAN 2025 7:50PM by PIB Guwahati
'মহিলা সবলীকৰণ হৈছে ৰাষ্ট্ৰৰ উন্নতি'ৰ নীতি অনুসৰণ কৰি, ভাৰত চৰকাৰে মহিলাসকলৰ আৰ্থ-সামাজিক সবলীকৰণৰ বাবে অসংখ্য কাৰ্যসূচী ৰূপায়ণ কৰিছে। মহাকুম্ভৰ সময়ত প্ৰয়াগৰাজৰ ত্ৰিবেণী মাৰ্গ প্ৰদৰ্শনী ক্ষেত্ৰত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা ডিজিটেল প্ৰদৰ্শনীৰ জৰিয়তে এই আঁচনি, নীতি আৰু কাৰ্যসূচীসমূহৰ বিষয়ে তথ্য এক আকৰ্ষণীয় ভাৱে উপস্থাপন কৰা হৈছে।
এই প্ৰদৰ্শনীখনত নাৰী শক্তি বন্দনা আইন আৰু নমো ড্ৰোণ দিদি আঁচনিৰ দৰে বিভিন্ন আঁচনি প্ৰদৰ্শন কৰা হৈছে, যিবোৰে মহিলাসকলক শক্তিশালী কৰাৰ ভাৰত চৰকাৰৰ দৃষ্টিভংগীক জীৱন্ত কৰি তুলিছে। ডিজিটেল প্ৰদৰ্শনীত উল্লেখ কৰা হৈছে যে, নাৰী শক্তি বন্দনা আইনৰ জৰিয়তে, লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ ৩৩% আসন এতিয়া মহিলাসকলৰ বাবে সংৰক্ষিত। এতিয়ালৈকে ১০কোটি মহিলা আত্মসহায়ক গোটৰ জৰিয়তে স্বাৱলম্বিত হৈছে, আৰু ১ কোটিৰো অধিক মহিলা লাখপতি দিদি হৈ পৰিছে। লক্ষ্য হৈছে আৰু ২ কোটি মহিলা লাখপতি দিদি গঢ়ি তোলা। নাৰী সন্মান উদ্যোগৰ অধীনত, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা ঘৰবোৰ মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে।
নমো ড্ৰোণ দিদি আঁচনিৰ উদ্দেশ্য হৈছে মহিলাৰ আত্মসহায়ক গোটবোৰক স্বাৱলম্বী কৰা। এহেজাৰ নমো ড্ৰোণ দিদিছক ইতিমধ্যে ড্ৰোণ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও, ৪ কোটিতকৈও অধিক সুকন্যা সমৃদ্ধি একাউণ্ট খোলা হৈছে, মুঠ ২.৬ লাখ কোটি টকা জমা ৰখাৰ সৈতে, ছোৱালীসকলৰ বাবে এক সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা।
একেদৰে, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰায় ৬৮ কোটি লোকে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিছে, আৰু ৩৬ কোটিৰো অধিক আয়ুষ্মান কাৰ্ড জাৰী কৰা হৈছে। ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ ৬ কোটিতকৈও অধিক জ্যেষ্ঠ নাগৰিকে আয়ুষ্মান ভায় বন্দনা কাৰ্ডৰ পৰা লাভান্বিত হৈছে। চিকিৎসা আসনৰ সংখ্যা ২০১৪ চনৰ ৫১,০০০ ৰ পৰা এতিয়া ১,১৮,০০০ লৈ দুগুণতকৈও অধিক হৈছে। ১৪,০০০ ৰো অধিক জন ঔষধি কেন্দ্ৰই সুলভ ঔষধ প্ৰদান কৰি আছে। শিশু আৰু মহিলাসকলৰ বাবে নিয়মীয়া টিকাকৰণ ৰেকৰ্ড বজাই ৰখাৰ বাবে এক ইউ-উইন পৰ্টেল মুকলি কৰা হৈছে।
ঐক্যৰ ওপৰত গুৰুত্ব দিয়া এই ঐশ্বৰিক আৰু বিশাল ডিজিটেল প্ৰদৰ্শনীখনে প্ৰয়াগৰাজৰ মহাকুম্ভত ৰাইজক এই অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। প্ৰদৰ্শনীখন শ শ লোকে নিয়মীয়াকৈ পৰিদৰ্শন কৰি আহিছে আৰু চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে ব্যাপক প্ৰশংসা লাভ কৰিছে।
*****
(Release ID: 2094209)
Visitor Counter : 6