প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ ৰূপায়ণৰ বাবে ‘ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’ আৰু ‘উৰিষ্যা চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ৰ মাজত হোৱা বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে উৰিষ্যাৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
13 JAN 2025 7:00PM by PIB Guwahati
‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ ৰূপায়ণৰ বাবে ‘ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’ আৰু ‘উৰিষ্যা চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ৰ মাজত হোৱা বুজাবুজি চুক্তিস্বাক্ষৰৰ বাবে উৰিষ্যাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই আঁচনিয়ে বিশেষকৈ নাৰীশক্তি আৰু উৰিষ্যাৰ বৃদ্ধসকলক সুলভ মূল্যত সৰ্বোচ্চ মানৰ স্বাস্থ্যসেৱা নিশ্চিত কৰিব।
উৰিষ্যাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে লিখিছে:
"উৰিষ্যাৰ জনসাধাৰণক অভিনন্দন!
এয়া সঁচাকৈয়ে এক প্ৰহসন আছিল যে উৰিষ্যাৰ মোৰ ভগ্নী আৰু ভাতৃসকলক পূৰ্বৰ চৰকাৰে আয়ুষ্মান ভাৰতৰ লাভালাভসমূহৰ পৰা বঞ্চিত কৰিছিল। এই আঁচনিয়ে সুলভ হাৰত সৰ্বোচ্চ মানৰ স্বাস্থ্যসেৱা নিশ্চিত কৰিব। ই বিশেষকৈ নাৰীশক্তি আৰু উৰিষ্যাৰ বৃদ্ধসকলক লাভান্বিত কৰিব।"
***
MJPS/VJ/KB
(रिलीज़ आईडी: 2093477)
आगंतुक पटल : 43
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam