গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীঅমিত শ্বাহে কাইলৈ আহমেদাবাদৰ পৰামুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, হায়দৰাবাদ, কোচি আৰু আহমেদাবাদ বিমানবন্দৰত ‘ফাষ্ট ট্ৰেক ইমিগ্ৰেচন– ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেম’ (এফটিআই-টিটিপি) উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘বিকশিত ভাৰত’ @২০৪৭ দৃষ্টিভংগীৰ অধীনত এফটিআই-টিটিপি হৈছে ভ্ৰমণকাৰীসকলক বিশ্বমানৰ প্ৰব্ৰজনৰ সুবিধা প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত কৰি তোলাৰ এক উল্লেখযোগ্য পদক্ষেপ

প্ৰথম অৱস্থাত ভাৰতীয় নাগৰিক আৰু অ’চিআই কাৰ্ডধাৰীৰ বাবে এই সুবিধা বিনামূলীয়াকৈ আৰম্ভ কৰা হৈছে

দেশৰ ২১টা ডাঙৰ বিমানবন্দৰত এফটিআই-টিটিপি কাৰ্যকৰী কৰা হ’ব

Posted On: 15 JAN 2025 12:48PM by PIB Guwahati

কেন্দ্ৰীয় গৃহতথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অহা ২০২৫ চনৰ ১৬ জানুৱাৰী তাৰিখে আহমেদাবাদৰ পৰা মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, হায়দৰাবাদ, কোচি আৰু আহমেদাবাদ বিমানবন্দৰত ‘ফাষ্ট ট্ৰেক ইমিগ্ৰেচন– ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেম’ (এফটিআই- টিটিপি) উদ্বোধন কৰিব। ইয়াৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে ২০২৪ চনৰ ২২ জুনত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (আই জি আই) টাৰ্মিনেল-৩ৰ পৰা ‘ফাষ্ট ট্ৰেক ইমিগ্ৰেচন - ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেম’ আৰম্ভ কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘বিকশিত ভাৰত’@২০৪৭ দৃষ্টিভংগীৰ অধীনত ‘ফাষ্ট ট্ৰেক ইমিগ্ৰেচন - ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেম’ হৈছে এক উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ উদ্দেশ্য হৈছে ভ্ৰমণকাৰীসকলক বিশ্বমানৰ প্ৰব্ৰজনৰ সুবিধা প্ৰদান কৰা, যাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত হয়। প্ৰথম অৱস্থাত ভাৰতীয় নাগৰিক আৰু অ’চিআই কাৰ্ডধাৰীৰ বাবে এই সুবিধা বিনামূলীয়াকৈ আৰম্ভ কৰা হৈছে।

এফটিআই-টিটিপি এটা অনলাইন পৰ্টেলhttps://ftittp.mha.gov.inৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীত নামভৰ্তি কৰিবলৈ আবেদনকাৰীয়ে তেওঁলোকৰ সবিশেষ পূৰণ কৰি আৰু প্ৰয়োজনীয় নথি-পত্ৰ পৰ্টেলটোত আপলোড কৰি অনলাইন পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব। পঞ্জীয়নভুক্ত আবেদনকাৰীৰ বায়’মেট্ৰিক তথ্য হয় বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ত (এফ আৰ আৰ অ’) নহয় বিমানবন্দৰৰ মাজেৰে যোৱাৰ সময়ত সংগ্ৰহ কৰা হ’ব।

পঞ্জীয়নভুক্ত ভ্ৰমণকাৰীসকলে ই-গেটত বিমান সংস্থাসমূহে প্ৰদান কৰা বৰ্ডিং পাছ স্কেন কৰাৰ পিছত পাছপ’ৰ্ট স্কেন কৰিব লাগিব। প্ৰৱেশ আৰু প্ৰস্থান দুয়োটা স্থানতে ই-গেটত যাত্ৰীৰ বায়’মেট্ৰিক প্ৰামাণীকৰণ কৰা হ’ব। এই প্ৰামাণীকৰণ সফল হ'লে ই-গেট স্বয়ংক্ৰিয়ভাৱে খোল খাব, আৰু ইমিগ্ৰেচন ক্লিয়াৰেন্স অনুমোদিত বুলি গণ্য কৰা হ'ব।

দেশৰ ২১টা ডাঙৰ বিমানবন্দৰত এফটিআই-টিটিপি কাৰ্যকৰী কৰা হ’ব। প্ৰথম পৰ্যায়ত দিল্লীৰ উপৰি সাতটা ডাঙৰ বিমানবন্দৰ—মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, হায়দৰাবাদ, কোচিআৰু আহমেদাবাদত এই সুবিধা প্ৰৱৰ্তন কৰাহ'ব।

 

*****

RK/VV/ASH/PS/KD


(Release ID: 2093280) Visitor Counter : 10