প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় পুষ্প প্ৰদৰ্শনীৰ এলানি আলোকচিত্ৰ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
04 JAN 2025 4:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় পুষ্প প্ৰদৰ্শনীৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ কৰি অনুষ্ঠানটোৰ সৈতে থকা তেওঁৰ গভীৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত ইয়াৰ বিকাশ তেওঁ প্ৰত্যক্ষ কৰিছিল। শ্ৰী মোদীয়ে জোৰ দি কয় যে এনে অনুষ্ঠানে প্ৰকৃতিৰ সৌন্দৰ্য্যক উদযাপন কৰাই নহয়, বহনক্ষমতাৰ বিষয়ে সজাগতাও প্ৰসাৰিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এই সন্দৰ্ভত প্ৰকাশ কৰে -
“ইয়াত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় পুষ্প প্ৰদৰ্শনীৰ কিছু আভাস দিয়া হ’ল। এই অনুষ্ঠানটোৰ প্ৰতি মোৰ প্ৰবল মোহ আছে, কিয়নো মই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ইয়াৰ অভূতপূৰ্ব বিকাশ দেখিছিলো। এনে অনুষ্ঠানে প্ৰকৃতিৰ সৌন্দৰ্য্যক উদযাপন কৰে আৰু বহনক্ষমতাৰ বিষয়ে সজাগতা সৃষ্টি কৰে। স্থানীয় কৃষক, মালিক আৰু ইয়াৰ প্ৰতি উৎসাহীসকলক তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবেও ই এক মঞ্চ দিয়ে।”
“আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় পুষ্প প্ৰদৰ্শনীৰ আৰু কিছু আভাস...”
***
MJPS/ST
(Release ID: 2090462)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam