তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
দেশৰ মনোৰঞ্জন আৰু সৃষ্টিশীল উদ্যোগৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আহ্বান: বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল শক্তি প্ৰদৰ্শন কৰিবলৈ ৱেভছ সন্মিলনত যোগদান কৰক
যুৱ সমল সৃষ্টিকৰ্তাসকলৰ সজীৱ আৰু গতিশীল অৱদানে ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ দিশত ইন্ধন যোগাইছে : শ্ৰী নৰেন্দ্ৰ মোদী
ভাৰতীয় চিনেমাৰ কিংবদন্তি ব্যক্তিসকলৰ শতবাৰ্ষিকীত তেওঁলোকৰ কালজয়ী সৃষ্টিৰ উদযাপনেৰে প্ৰধানমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি
Posted On:
29 DEC 2024 1:44PM by PIB Guwahati
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কি বাত’ৰ ১১৭ সংখ্যক খণ্ডত ভাৰতৰ সৃষ্টিশীল আৰু মনোৰঞ্জন ক্ষেত্ খনৰ বিষয়ে কেতবোৰ বিশেষ কথা প্ৰকাশ কৰে।দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ভাৰতে আগন্তুক ৫-৯ ফেব্ৰুৱাৰী, ২০২৫ত প্ৰথমবাৰৰ বাবে বিশ্ব শ্ৰাব্য-দৃশ্য মনোৰঞ্জন সন্মিলন (WAVES)ৰ আয়োজন কৰিব।
ৱেভছ সন্মিলন : বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শনৰ এক সুযোগ
ৱেভছ সন্মিলনক বিশ্ব বিখ্যাত ডাভোছৰ সৈতে তুলনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় "ভাৰতৰ সৃষ্টিশীল প্ৰতিভাক বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ এক বৃহৎ সুযোগ আহি আছে। সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান লগতে সৃষ্টিশীল কৰ্মৰ সৈতে জড়িতসকলে এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতক বিশ্বজুৰি সমল সৃষ্টিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব ।"
ভাৰতৰ সৃষ্টিশীল লোকসকলৰ গতিশীল মনোভাৱক প্ৰতিফলিত কৰি তেওঁ ৱেভছৰ প্ৰস্তুতিত যুৱ সমল সৃষ্টিকৰ্তাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখকৰে। তেওঁ দেশৰ যুৱক-যুৱতীসকলৰ উৎসাহ আৰু তেওঁলোকৰ অৱদানৰ বাবে গৌৰৱ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে যিটো ভাৰতে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ উৎসাহ আৰু অৱদানক মূল চালিকা শক্তি হিচাবে অভিহিত কৰে।
তেওঁ কয় "আপুনি এজন যুৱ সমল সৃষ্টিকৰ্তাই হওক বা প্ৰতিষ্ঠিত শিল্পীয়েই হওক, বলীউড বা আঞ্চলিক চিনেমাৰ সৈতে জড়িতই হওক, টিভি উদ্যোগৰ পেছাদাৰীয়েই হওক, এনিমেচন, গেমিঙৰ বিশেষজ্ঞই হওক, বা মনোৰঞ্জন প্ৰযুক্তিৰ উদ্ভাৱকেই হওক, মই আপোনালোকক ৱেভছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছো।" ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মনোৰঞ্জন আৰু সৃষ্টিশীল উদ্যোগৰ সকলো অংশীদাৰক ৱেভছত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য ৱেভছ শীৰ্ষ সন্মিলনে ভাৰতৰ সৃষ্টিশীল প্ৰতিভাৰ বাবে এক বিশ্ব জনীন মঞ্চ হিচাপে কাম কৰিবলৈ সাজু হৈছে। এই সন্মিলনে সহযোগিতাৰ মনোভাবেৰে মনোৰঞ্জন ক্ষেত্ৰ খনক লাভাৱান্বিত কৰিবলৈ আৰু বিশ্বমানৰ বিষয়বস্তু সৃষ্টিৰ কেন্দ্ৰ হিচাপে দেশৰ সম্ভাৱনা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ইয়াৰ উপৰি এনিমেচন, গেমিং, মনোৰঞ্জন প্ৰযুক্তি, আৰু আঞ্চলিক তথা মূলসুঁতিৰ চিনেমাৰ ক্ষেত্ৰত ভাৰতৰ উন্নতিৰ বিষয়তো এই সন্মিলনত আলোকপাত কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে ৱেভছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সকলোকে জনোৱা আহ্বানে ভাৰতৰ সৃষ্টিশীল ক্ষেত্ৰ খনৰ অৰ্থনীতিৰ বিকাশ সাধন কৰাৰ লগতে সংবাদ মাধ্যম তথা মনোৰঞ্জনৰ ক্ষেত্ৰত বিশ্বৰ অগ্ৰনী দেশ হিচাবে হিচাপে পৰিগণিত কৰাত সহায় কৰিব।
চিনেমাৰ কিংবদন্তিসকলক তেওঁলোকৰ শতবাৰ্ষিকী জন্ম বাৰ্ষিকীত সন্মান জনোৱাৰ পদক্ষেপ
চলচ্চিত্ৰ জগতৰ কিংবদন্তিসকলক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনত ভাৰতীয় চিনেমাৰ কেইবাগৰাকীও চিনাকি ব্যক্তিৰ শততম জন্ম জয়ন্তীৰ কথাও উল্লেখ কৰে। তেওঁ কালজয়ী ছবিৰ জৰিয়তে ভাৰতৰ সৃষ্টিশীল শক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত ৰাজ কাপুৰৰ ভূমিকাৰ কথাও শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা মহম্মদ ৰফিৰ কণ্ঠৰ বিষয়েও মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। ৰফিৰ কণ্ঠ সকলো প্ৰজন্মৰ মাজত অনুৰণিত হৈ আহিছে বুলি তেওঁ কয়। অক্কিনেনী নাগেশ্বৰ ৰাওৰ অৱদানে ভাৰতীয় ছবিৰ পৰম্পৰাক প্ৰতিফলিত কৰাৰ লগতে তেলেগু চিনেমাক উন্নীত কৰাত সহায় কৰাৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে স্বীকাৰ কৰে। তেওঁ তপন সিনহাৰ ঐক্য আৰু সজাগতাৰ বাৰ্তা বহন কৰা সমাজ সচেতনমূলক ছবিৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে এই কিংবদন্তি ব্যক্তিসকলৰ অৱদানে কেনেদৰে ভাৰতীয় চিনেমাৰ সোণালী যুগ গঢ় দিয়াত সহায় কৰাৰ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক শক্তিশালী কৰি প্ৰজন্মৰ বাবে প্ৰশংসা তথা প্ৰেৰণাৰ এক চিৰন্তন উত্তৰসূৰী এৰি থৈ গৈছে সেই বিষয়েও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। ।
মন কৰিবলগীয়া কথাটো হল ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ৰাজ কাপুৰ, তপন সিনহা, আক্কিনেনী নাগেশ্বৰ ৰাও (এএনআৰ), আৰু মহম্মদ ৰফীৰ দৰে অসাধাৰণ ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ চিৰসেউজ কৰ্মৰাজিক সামৰি প্ৰদৰ্শনী আৰু বাৰ্তালাপৰ আয়োজন কৰা হৈছিল। এনে অনুষ্ঠানসমূহৰ জড়িয়তে কিংবদন্তি চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল । চিনেমাৰ জগতখনলৈতেওঁলোকে আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰাৰ লগতে সেইবোৰৰ আলোকপাত কৰা হৈছিল।
(Release ID: 2088789)
Visitor Counter : 17
Read this release in:
Odia
,
English
,
Urdu
,
Hindi
,
Nepali
,
Marathi
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam