প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ডিক শ্বুফৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টেলিফোনিক বাৰ্তালাপ
দুয়োগৰাকী নেতাই ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত বিশ্বাসযোগ্য আৰু গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰে
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক দৃঢ় আৰু উন্নীত কৰাৰ উপায়ৰ বিষয়েও আলোচনা কৰে
পোষ্ট কৰা হৈছে:
18 DEC 2024 6:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ডিক শ্বুফৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
দুয়োগৰাকী নেতাই ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত বিশ্বাসযোগ্য আৰু গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিবোৰ উমৈহতীয়া মূল্যবোধ আৰু গণতন্ত্ৰ আৰু আইনৰ শাসনৰ লগতে বিশ্বাসৰ ভেটিত গঢ় লৈ উঠে।
দুয়োগৰাকী নেতাই পানী, কৃষি, স্বাস্থ্য খণ্ডত বৰ্তমানৰ সহযোগিতা আৰু অধিক গভীৰ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। ইফালে দ্বিপাক্ষিক অংশীদাৰিত্বক উন্নীত কৰাৰ লগতে বাণিজ্য, প্ৰতিৰক্ষা, নিৰাপত্তা, উদ্ভাৱন, সেউজ হাইড্ৰজেন আৰু অৰ্ধপৰিবাহীকে ধৰি বিভিন্ন খণ্ডত ইয়াক কৌশলগত মাত্ৰা প্ৰদান কৰিবলৈও সন্মত হয় দুয়োগৰাকী বিশ্বনেতা। দুয়োজনে শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত মানুহৰ লগত ঘনিষ্ঠ মানুহৰ সম্পৰ্ক আৰু বিনিময় গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বব্যাপী উন্নয়নৰ সন্দৰ্ভত মত বিনিময় কৰি শান্তি, নিৰাপত্তা সহযোগিতা আৰু স্থিতিশীলতাৰ প্ৰসাৰৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।
অনাগত সময়তো দুয়োগৰাকী নেতাই সঘন যোগাযোগত থাকিবলৈও সন্মত হয়।
***
MJPS/SR
(ৰিলিজ আই ডি : 2086439)
অতিথি কক্ষ : 63
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam