উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী জগদীপ ধনখড়ে ৰাইজৰ আস্থা আৰু প্ৰত্যাশাক সন্মান জনাবলৈ সাংসদসকলক আহ্বান জনায়

সাংসদসকলৰ মাজত জবাবদিহিতা আৰু আত্মনিৰীক্ষণৰ আহ্বান ৰাজ্যসভাৰ অধ্যক্ষৰ

Posted On: 20 DEC 2024 11:44AM by PIB Guwahati

আজি ৰাজ্যসভাত ব্যাঘাত ঘটাৰ মাজতে অধ্যক্ষ শ্ৰী জগদীপ ধনখড়ে সংসদীয় কাৰ্য্যবিধিৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশেৰে কয়,

“মাননীয় সদস্যসকল,

আমাৰ গণতন্ত্ৰক বিশ্বই চাই আছে, তথাপিও আমি আমাৰ আচৰণৰ জৰিয়তে আমাৰ নাগৰিকসকলক হতাশ কৰোঁ। সংসদীয় এনে বিঘিনিয়ে জনসাধাৰণৰ আস্থা আৰু আশাক উপহাস কৰে। ইয়াৰ জৰিয়তে অধ্যৱসায়েৰে সেৱা আগবঢ়োৱা আমাৰ মৌলিক কৰ্তব্য অৱহেলিত হৈ আহিছে।

য’ত যুক্তিযুক্ত আলোচনাই প্ৰাধান্য পাব লাগে, তাত আমি কেৱল বিশৃংখলতাৰ আশ্ৰয় লওঁ। মই দল নিৰ্বিশেষে প্ৰতিজন সাংসদকে নিজৰ বিবেক পৰীক্ষা কৰিবলৈ আহ্বান জনাইছোঁ।

মানৱ জাতিৰ এক ষষ্ঠাংশ আমাৰ গণতন্ত্ৰৰ নাগৰিক এনে দৃশ্যতকৈ উন্নত পৰিবেশ প্ৰত্যক্ষৰ বাবে যোগ্য।

আমি এনে বহুমূলীয়া সুযোগৰ অপচয় কৰোঁ, যি সুযোগৰাজিৰ জৰিয়তে আমাৰ জনসাধাৰণৰ বৃহত্তৰ মংগলৰ সেৱা কৰিব পাৰোঁ।

আশাকৰোঁ, সদস্যসকলে গভীৰভাৱে আত্ম-নিৰীক্ষণ কৰিব আৰু নাগৰিকসকলে নিজ-নিজ জবাবদিহিতা প্ৰয়োগ কৰিব।

এই পবিত্ৰ সদন আমাৰ শপতক সন্মান কৰা আচৰণৰ যোগ্য, ইয়াক বিশ্বাসঘাতকতা কৰা পৰিস্থিতিৰ যোগ্য নহয়।”

****

 

JK/RC/SM/SB
 


(Release ID: 2086420)