প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক স্মৰণ কৰে
प्रविष्टि तिथि:
11 DEC 2024 10:29AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জয়ন্তীত তেওঁক স্মৰণ কৰে।
প্ৰয়াত মুখাৰ্জীক এগৰাকী উৎকৃষ্ট ৰাজনীতিবিদ বুলি অভিহিত কৰি শ্ৰী মোদীয়ে তেওঁক এগৰাকী প্ৰশাসক হিচাপে প্ৰশংসা কৰাৰ লগতে দেশৰ উন্নয়নত তেওঁৰ অৱদান উল্লেখযোগ্য বুলি কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"প্ৰণৱ মুখাৰ্জীৰ জয়ন্তীত স্মৰণ কৰিছো। প্ৰণৱ বাবু এগৰাকী ৰাজহুৱা ব্যক্তি আৰু উৎকৃষ্ট ৰাজনীতিবিদ, বিস্ময়কৰ প্ৰশাসক তথা জ্ঞানৰ ভঁৰাল আছিল। ভাৰতৰ উন্নয়নত তেওঁৰ অৱদান লক্ষণীয়। তেওঁ সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত এক অনন্য সামৰ্থ্যৰে আশীৰ্বাদপ্ৰাপ্ত আছিল, শাসনৰ ক্ষেত্ৰত তেওঁৰ বিশাল অভিজ্ঞতা থকাৰ লগতে ভাৰতৰ সংস্কৃতি আৰু লোকাচাৰৰ বিষয়ে তেওঁৰ গভীৰ জ্ঞান আছিল। আমি আমাৰ দেশৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ কাম কৰি যাম।"
***
MJPS/RT/MK/BB
(रिलीज़ आईडी: 2083063)
आगंतुक पटल : 75
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam