সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাইলৈ নতুন দিল্লীত আন্তৰ্জাতিক প্ৰতিবন্ধী দিৱস ২০২৪ উপলক্ষে্য় প্ৰতিবন্ধী ব্যক্তিসকলৰ সবলীকৰণৰে জড়িত ৩৩ গৰাকী অনুকৰণীয় ব্যক্তি আৰু প্ৰতিষ্ঠানক প্ৰদান কৰিব ৰাষ্ট্ৰীয় বঁটা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

চৰকাৰে প্ৰতিবন্ধী ব্যক্তিসকলৰ জীৱন সমৃদ্ধ কৰাৰ লক্ষ্যৰে ১৬ টা পৰিৱৰ্তনকামী পদক্ষেপো উন্মোচন কৰিব

Posted On: 02 DEC 2024 8:48PM by PIB Guwahati

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ  প্ৰতিবন্ধী ব্যক্তিৰ সবলীকৰণ বিভাগে কাইলৈ নতুন দিল্লীত আন্তৰ্জাতিক প্ৰতিবন্ধী ব্যক্তি দিৱস, ২০২৪ উপলক্ষে্য প্ৰতিবন্ধী ব্যক্তিসকলৰ সবলীকৰণৰ প্ৰক্ৰিয়াৰে  জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানক  সন্মানীয় ৰাষ্ট্ৰীয় বঁটা  প্ৰদান  কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে  উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত  প্ৰতিবন্ধী লোকসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত  অসামান্য অৱদান আগবঢ়োৱা  ৩৩ গৰাকী  অনুকৰণীয় ব্যক্তি, প্ৰতিষ্ঠান আৰু সংগঠনক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হব।

 

অনুষ্ঠানটোত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰৰ লগতে সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠৱালে তথা  শ্ৰী বি এল বাৰ্মাও উপস্থিতি থাকিব।  প্ৰতি বছৰে ৩ ডিচেম্বৰত   সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে  প্ৰতিবন্ধী ব্যক্তিসকলৰ সবলীকৰণ  দিশত ব্যতিক্ৰমী  পদক্ষেপ গ্ৰহণ কৰি   সফলতা অৰ্জন  কৰা ব্যক্তি, সংগঠন, বেচৰকাৰী সংগঠন আৰু ৰাজ্য/জিলা/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক  ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি সন্মান জনাই আহিছে।

 

ৰাষ্ট্ৰীয় বঁটা ২০২৪  দুটা মুখ্য শ্ৰেণীৰ লগতে  একাধিক উপশ্ৰেণীৰ শাখাত প্ৰদান কৰা হ'ব:

 

১. ব্যক্তিগত উৎকৰ্ষতাৰ বাবে ৰাষ্ট্ৰীয় বঁটা

 

◙   বিশেষভাবে সক্ষম শ্ৰেষ্ঠ ব্যক্তি

◙  অসামান্য  প্ৰতিভাৰ প্ৰতিবন্ধী ব্যক্তি

◙  বিশেষভাবে সক্ষম শিশু (পুৰুষ/মহিলা)

◙ বিশেষভাবে সক্ষম ব্যক্তিৰ সবলীকৰণৰ বাবে সৰ্বশ্ৰেষ্ঠ  কাম কৰা ব্যক্তি

◙ বিশেষভাবে সক্ষম ব্যক্তিৰ  পুনৰ্সংস্থাপন ক্ষেত্ৰত কাম কৰা সৰ্বশ্ৰেষ্ঠ কৰ্মী

◙ বিশেষভাবে সক্ষম ব্যক্তিৰ  সবলীকৰণত কৰা সৰ্বশ্ৰেষ্ঠ গৱেষণা/উদ্ভাৱন/সামগ্ৰী বিকাশৰ বাবে বঁটা

 

২. প্ৰতিষ্ঠানগত উৎকৰ্ষতাৰ বাবে ৰাষ্ট্ৰীয় বঁটা

 

◙বিশেষভাবে সক্ষম ব্যক্তিৰ সবলীকৰণৰ বাবে কাম কৰা শ্ৰেষ্ঠ প্ৰতিষ্ঠান (ব্যক্তিগত সংগঠন, বেচৰকাৰী সংগঠন)

◙প্ৰতিবন্ধী ব্যক্তিৰ ক্ষেত্ৰত  সৰ্বশ্ৰেষ্ঠ নিয়োগকৰ্তা (চৰকাৰী/পিএছইউ/ব্যক্তিগত)

◙প্ৰতিবন্ধী ব্যক্তিসকলৰ বাবে কাম কৰা  সৰ্বশ্ৰেষ্ঠ প্লেচমেণ্ট এজেন্সি

◙ সুগম ভাৰত অভিযান ৰূপায়ণৰ বাবে সৰ্বশ্ৰেষ্ঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/জিলা

◙সৰ্বশ্ৰেষ্ঠ সুলভ পৰিবহন/আইচিটি সমাধানৰ বাবে বঁটা(ব্যক্তিগত/চৰকাৰ)

◙আৰপিডব্লিউডি আইন আৰু প্ৰতিবন্ধী ব্যক্তিসকলৰ বাবে আঁচনি ৰূপায়ণত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/জিলা

◙ আৰপিডব্লিউডি আইন, ২০১৬-ৰ অধীনত শ্ৰেষ্ঠ ৰাজ্যিক বিশেষভাবে সক্ষম ব্যক্তিৰ আয়ুক্ত

◙বিশেষভাবে সক্ষম ব্যক্তিৰ পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত উল্লেখনীয় সাফল্য অৰ্জন কৰা  সৰ্বশ্ৰেষ্ঠ সংগঠনলৈ বঁটা

উল্লেখ্য ৰাষ্ট্ৰীয় বঁটা ২০২৪-ৰ বাবে ১৫ জুনৰ পৰা ১৫  আগষ্ট, ২০২৪ লৈ ৰাষ্ট্ৰীয় বঁটা পৰ্টেলৰ (www.awards.gov.in) জৰিয়তে আবেদন আহ্বান কৰা হৈছিল। বিভাগটোৱে ইয়াৰ পিছতে  ১,৮৮৬ খন  আবেদন  লাভ  কৰিছিল। সেই আবেদনলমূহৰ ভিতৰত আছে ব্যক্তিগত শ্ৰেণীত ১,৭০৪ খন আবেদন   আৰু প্ৰতিষ্ঠানগত শ্ৰেণীত 1১৮২ খন আবেদন।

 

২০২৪ চনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস উপলক্ষে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে প্ৰতিবন্ধী ব্যক্তিসকলৰ জীৱন সমৃদ্ধ কৰাৰ লক্ষ্যৰে ১৬ টা পৰিৱৰ্তনকামী  পদক্ষেপো উন্মোচন কৰিব। এই পদক্ষেপসমূহে অন্তৰ্ভুক্তি, উদ্ভাৱন আৰু প্ৰযুক্তিৰ প্ৰসাৰ ঘটাই  বিশেষভাবে সক্ষম ব্যক্তিৰসবলীকৰণৰ প্ৰতি বিভাগটোৰ  প্ৰতিশ্ৰুতিৰ কথাকেই প্ৰতিফলিত কৰিছে।

 

মুখ্য পদক্ষেপসমূহ:

 

১.আইআইটি মাদ্ৰাজ আৰু এছবিএমটি  বাংগালুৰুৰ সহযোগত 'কদম নী জয়েন্ট' কাৰ্যসূচীৰ শুভাৰম্ভ।

২.চণ্ডীগড়ৰ চি.এছ.আই.ও.-চি.এছ.আই.আৰ-এ বিকশিত কৰা উচ্চ-শক্তিৰ চশমাৰ প্ৰৱৰ্তন।

৩. কানপুৰৰ এলিমকোৰ দ্বাৰা প্ৰস্তুত কৰা   'দিব্যাশা' ই-কফি টেবল বুক মুকলি ।

৪.পৰিৱেশ অডিটৰ পেনেলৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰা।

৫. 'সুগম্য ভাৰত যাত্ৰা'ৰ বাবে এছ'চিয়েচন ফৰ পাৰচন্স উইথ ডিচেবিলিটিজ (এপিডি) আৰু পিডব্লিউডিৰ মাজত বুজাবুজি চুক্তি।

৬. ' পাথ ৱে টু একছেছ : পাৰ্ট  ৩'ৰ শুভাৰম্ভ।

৭.  সজাগতা সৃষ্টি আৰু প্ৰচাৰ সম্পৰ্কীয়  পৰ্টেলৰ প্ৰৱৰ্তন।

 

৮. এনবিটি আৰু এনআইইপিভিডি, ডেৰাডুনৰ সহযোগত দৃষ্টিহীন শিশুসকলৰ বাবে ২১  খন সুলভ  সাধুকথাৰ পুথি উন্মোচন ।

৯. মানক ভাৰতীয় ব্ৰেইল কোড চূড়ান্ত কৰা।

১০. 'ব্ৰেইল বুক পৰ্টেল'ৰ শুভাৰম্ভ।

১১. ইনফোচিছ বিপিএম লিমিটেডৰ সৈতে নিযুক্তি সম্পৰ্কীয় বুজাবুজি চুক্তি

১২. ১১  টা ভাৰতীয় ভাষাত প্ৰতিবন্ধী লোকৰ  বাবে নিয়োগৰ ক্ষেত্ৰত  যোগ্যতা লাভৰ অৰ্থে  দক্ষতা বৃদ্ধিৰ  গ্ৰন্থ   উন্মোচন।

১৩. ইনফোচিছৰ স্প্ৰিংবৰ্ড দক্ষতা বৃদ্ধি কাৰ্যসূচীৰ আৰম্ভনি

 

১৪. শ্ৰৱণ শক্তিহীন ব্যক্তিসকলৰ বাবে ছাইন-আপ গুগল এক্সটেনচনৰ সুবিধা

 

১৫. টাটা পাৱাৰ কমিউনিটি ডেভেলপমেণ্ট ট্ৰাষ্ট আৰু এনআইইপিআইডিৰ দ্বাৰা ই-সানিধ্য পৰ্টেল মুকলি

 

১৬. এন.আই.ই.পি.আই.ডি.-ৰ দ্বাৰা আয়োজিত  ভাৰতীয় বুদ্ধিমত্তাৰ পৰীক্ষাৰ বিষয়ত  কম্পিউটাৰ-আধাৰিত পৰীক্ষা

 

এই পদক্ষেপসমূহে   বিশেষভাবে সক্ষম তথা প্ৰতিবন্ধী লোকসকলৰ সামগ্ৰিক শিক্ষা, প্ৰযুক্তি আৰু নিযুক্তিৰ দৃশ্যপট সলনি কৰিবলৈ সাজু হৈছে।  যাৰ ফলত প্ৰতিবন্ধী ব্যক্তিসকলে  অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভৱিষ্যতৰ পথেৰে আগুৱাই যাব পাৰিব।  এই  অনুষ্ঠানত  চৰকাৰী আৰু বেচৰকাৰী সংগঠন,  এই বিষয়ৰ বিশেষজ্ঞ আৰু বিভিন্ন অংশীদাৰসকলক একত্ৰিত কৰিব। ইয়াৰ উদ্দেশ্য হৈছে সামাজিক পৰিৱৰ্তনক অনুপ্ৰাণিত কৰা আৰু  সামগ্ৰিকভাবে বিকশিত  সমাজৰ  এখন গঢ়াৰ পদক্ষেপক স্থায়িত্ব প্ৰদান কৰা।


(Release ID: 2080199) Visitor Counter : 26