বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

বিজ্ঞানৰ বৰ্ণমালাৰে বিকশিত ভাৰতৰ কাহিনী ৰচনা হ'ব: ডাঃ জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈজ্ঞানিক দক্ষতাক প্ৰদৰ্শন কৰা আইআইএছএফ-২০২৪ উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয় কাৰ্য্যকালৰ প্ৰথম পাঁচ মাহত গ্ৰহণ কৰা ছটা যুগান্তকাৰী সিদ্ধান্তই ভাৰতৰ বৈজ্ঞানিক অগ্ৰগতিক ত্বৰান্বিত কৰিছে

আইআইএছএফ-২০২৪য়ে আকৰ্ষণীয় প্ৰদৰ্শনী আৰু ইন্টাৰেক্টিভ ইভেন্টৰে ভাৰতৰ বৈজ্ঞানিক কৃতিত্বৰাজিক থূপাই-প্ৰদৰ্শন কৰিছে

ডাঃ জিতেন্দ্ৰ সিঙে আইআইএছএফ-২০২৪ত উত্তৰ-পূবৰ ৰূপান্তৰক উদযাপন, ভাৰতৰ বিকাশত অঞ্চলটোৰ কেন্দ্ৰীয় ভূমিকাত আলোকপাত কৰে

সমগ্ৰ ভাৰতৰ ১০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে আইআইএছএফ-২০২৪ত যোগদানেৰে এই মহোৎসৱত ব্যাপক অংশগ্ৰহণ আৰু যুৱ মনৰ সংযোগক উজ্জ্বল কৰি তুলিছে

Posted On: 30 NOV 2024 4:17PM by PIB Guwahati

“বিজ্ঞানৰ বৰ্ণমালাৰে বিকশিত ভাৰতৰ কাহিনী ৰচনা হ'ব”, আজি গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (IISF)-২০২৪ৰ ১০ম সংস্কৰণ উদ্বোধন কৰি এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে।

এই অনুষ্ঠানত সমবেত হোৱাসকলক সম্বোধনেৰে তেওঁ ভাৰতৰ এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ পথ বৈজ্ঞানিক অগ্ৰগতি আৰু উদ্ভাৱনৰ প্ৰতি থকা দায়বদ্ধতাৰে গভীৰভাৱে সম্পৰ্কীয় বুলি কয়। ডাঃ জিতেন্দ্ৰ সিঙে বিজ্ঞানে অগ্ৰগতিক চালিত কৰা এটি সংস্কৃতি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে, যিয়ে এনে এটি ভৱিষ্যতৰ গঢ় দিয়ে য’ত প্ৰযুক্তি আৰু গৱেষণাই স্বাস্থ্যসেৱাৰপৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে সমাজৰ প্ৰতিটো দিশতে অৰিহণা যোগায়। তেওঁৰ এই বক্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত বিজ্ঞানৰ ৰূপান্তৰশীল শক্তিৰ এক শক্তিশালী স্মাৰক হিচাপে খাপ খাই উঠিছে।

ডাঃ জিতেন্দ্ৰ সিঙে তেওঁৰ ভাষণত মোদী চৰকাৰে তৃতীয়টো কাৰ্য্যকালৰ প্ৰথম পাঁচ মাহতে গ্ৰহণ কৰা ছটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত আলোকপাত কৰে, যি সিদ্ধান্তৰাজিয়ে ভাৰতৰ বৈজ্ঞানিক অগ্ৰগতিৰ প্ৰতি দায়বদ্ধতাকে প্ৰতিফলিত কৰে। গ্ৰহণ কৰা সিদ্ধান্তৰাজিৰ ভিতৰত আছিল ১ লাখ কোটি টকাৰ ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন স্থাপন, মহাকাশ ষ্টাৰ্ট-আপৰ বাবে ১,০০০ কোটি টকাৰ ভেঞ্চাৰ ফাণ্ড, বতৰৰ পূৰ্বাভাসৰ বৰ্ধনৰ বাবে মিছন মৌচমৰ শুভাৰম্ভকৰণ। তেওঁ পৰিবেশ, অৰ্থনৈতিক আৰু নিয়োগ বৃদ্ধিৰ বাবে জৈৱ-প্ৰযুক্তিৰ লাভা-লাভ অৰ্জনৰ অৰ্থে ডিজাইন কৰা বাঅ’-ই৩ পদক্ষেপ আৰু ২ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীক শৈক্ষিক আলোচনীত সৰ্বজনীন সুগমতা প্ৰদানৰ বাবে “এক ৰাষ্ট্ৰ, এক চাবস্ক্ৰিপচন” নীতি প্ৰৱৰ্তন সম্পৰ্কেও আলোচনা কৰে। ইয়াৰ উপৰিও, উদ্ভাৱনক লালন-পালনৰ বাবে বৈশ্বিক স্বীকৃতি লাভ কৰা অটল উদ্ভাৱন অভিযানক ইয়াৰ প্ৰভাৱ বৃদ্ধিৰ বাবে অধিক সম্প্ৰসাৰিতকৰণৰ কথা ব্যক্ত কৰে।

এই মহোৎসৱৰ বিষয়বস্তুঃ “বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে বিশ্ব নিৰ্মাণ কেন্দ্ৰ হিচাপে ভাৰত” হৈছে জৈৱ-উৎপাদন, অৰ্ধপৰিবাহী আৰু চিকিৎসা সঁজুলিৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানৰ অৰ্থে ৰাষ্ট্ৰৰ আকাংক্ষাৰে সংগতিপূৰ্ণ। ডাঃ জিতেন্দ্ৰ সিঙে উল্লেখ কৰে যে ভাৰতে এই ক্ষেত্ৰসমূহত দ্ৰুত অগ্ৰগতি লাভ কৰিছে, উল্লেখযোগ্য বিনিয়োগ আৰু নীতি-ব্যৱস্থাসমূহে কোৱান্টাম মিছন আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ দৰে অগ্ৰগতিত বৰঙণি যোগাইছে। তেওঁ কয় যে চৰকাৰৰ দৃষ্টিভংগী হৈছে ভাৰতক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰা।

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিজ্ঞান যোগাযোগক এক মূল কেন্দ্ৰবিন্দু হিচাপে অভিহিত কৰে। ইয়াৰ উল্লেখেৰে তেওঁ সমগ্ৰ দেশৰ যুৱ মনক অনুপ্ৰাণিতকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। ডাঃ জিতেন্দ্ৰ সিঙে কয় যে জৈৱ-প্ৰযুক্তি, মহাকাশ আৰু কৃষি-প্ৰযুক্তিৰ ষ্টাৰ্টআপসমূহ প্ৰধানকৈ বেংগালুৰু আৰু পুনেৰ দৰে চহৰসমূহৰপৰাই উদ্ভৱ হৈছে। সেয়েহে তেওঁ এইসমূহ সৰু-সৰু চহৰ আৰু গ্ৰামাঞ্চলসমূহত উপনীত হোৱাৰ অৰ্থে গুৰুত্ব আৰোপ কৰে। যুৱ উদ্ভাৱকসকলৰ বাবে বৰ্ধিত আউটৰিচ আৰু এটি সুগম বাতাবৰণ গঢ়ি তোলাৰ আহ্বানেৰে তেওঁ কয়, “আগন্তুক ষ্টাৰ্টআপসমূহৰ দেশৰ প্ৰতিটো প্ৰান্তৰপৰাই উদ্ভৱ হ’ব লাগিব।”

আইআইএছএফ-২০২৪য়ে ইয়াত অংশগ্ৰহণকাৰীসকলক জড়িত কৰিবলৈ আৰু বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ কৃতিত্বৰাজিক থূপাই-প্ৰদৰ্শনৰ অৰ্থে ভিন্ন ধৰণৰ কাৰ্য্যসূচী হাতত লৈছে। ইয়াৰ অন্যতম হৈছেঃ মিউজিয়াম অৱ মুন প্ৰদৰ্শনী, থ্ৰীডি লেজাৰ শ্ব’, ৰিইমেজিনিং ভাৰত প্ৰদৰ্শনী আৰু যুৱ বিজ্ঞানী সন্মিলন আদি। ইয়াত উত্তৰ-পূবৰ বৈজ্ঞানিক সম্পদৰাজিক অন্বেষণৰ বাবে সমৰ্পিত এখনি বিজ্ঞান প্ৰতিৰক্ষা এক্সপ’ আৰু বিশেষ বিজ্ঞান ওডিচিয়ে কৌতূহলৰ বৰ্ধন আৰু উদ্ভাৱনক লালন-পালনৰ বাবে মহোৎসৱৰ উদ্দেশ্যকে বৰ্ধিতভাৱে আলোকপাত কৰে।

ডাঃ জিতেন্দ্ৰ সিঙে মোদী চৰকাৰৰ আমোলত উল্লেখযোগ্য ৰূপান্তৰ ঘটা এটি অঞ্চল উত্তৰ-পূৰ্বাঞ্চলত এই মহোৎসৱ আয়োজনৰ তাৎপৰ্যৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে ২০১৪ৰ পূৰ্বে উত্তৰ-পূবৰ বহু প্ৰান্তত মৌলিক আন্তঃগাঁথনিৰ অভাৱ আছিল, কিন্তু আজি অঞ্চলটোত ৰেলপথ, জলপথ আৰু পথ নেটৱৰ্কৰ সম্প্ৰসাৰণ ঘটিছে। দেশৰ উন্নয়নত এই অঞ্চলটোক এক গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে অভিহিতকৰণেৰে তেওঁ কয়, “উত্তৰ-পূব এতিয়া পৰিসীমাৰ বিপৰীতে ভাৰতৰ বিকাশৰ কাহিনীৰ কেন্দ্ৰীয় অঞ্চল হৈ পৰিছে।“

আইআইএছএফ-২০২৪ৰ এক অনন্য বৈশিষ্ট্য হৈছে ইয়াৰ সহযোগিতামূলক “সমগ্ৰ বিজ্ঞান” পন্থা, যি পদ্ধতিয়ে সকলো বিজ্ঞান মন্ত্ৰালয় আৰু নীতি-নিৰ্ধাৰকসকলক একেখন মঞ্চতে সমবেত কৰিছে। এই আৰ্হিটো “সমগ্ৰ চৰকাৰ” কৌশললৈকে বিস্তৃত। কেন্দ্ৰীয় চৰকাৰ আৰু অসম প্ৰশাসনে এই মহোৎসৱৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে সমন্বয়ৰে কাম কৰিছে। ডাঃ জিতেন্দ্ৰ সিঙে ২০৪৭ৰ ভিতৰত এখনি বৈজ্ঞানিকভাৱে উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ নাগৰিক, ষ্টাৰ্টআপ আৰু নীতি-নিৰ্ধাৰকসকলক একত্ৰিতকৰণেৰে “সমগ্ৰ ৰাষ্ট্ৰ” প্ৰচেষ্টাৰ বিস্তৃত দৃষ্টিভংগীতো গুৰুত্ব আৰোপ কৰে।

সমগ্ৰ ভাৰতৰ ১০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আইআইএছএফ- ২০২৪ৰ বাকৰিত অভূতপূৰ্ব অংশগ্ৰহণ প্ৰত্যক্ষ হৈছে, যিয়ে পৰৱৰ্তী প্ৰজন্মৰ বিজ্ঞানী আৰু উদ্ভাৱকসকলক অনুপ্ৰাণিতকৰণৰ এখনি মঞ্চ হিচাপে ইয়াৰ তাৎপৰ্য্যতে আলোকপাত কৰিছে। এই ব্যাপক অংশগ্ৰহণে ২০১৯ৰ এই উৎসৱৰ আবেদন আৰু যুৱ মনৰ মাজত এটি কৌতূহলপূৰ্ণ তথা বৈজ্ঞানিক অন্বেষণৰ সংস্কৃতি গঢ়ি তোলাত ইয়াৰ ভূমিকাকে প্ৰতিফলিত কৰে। এই মহোৎসৱে যুৱ মনৰ বাবে সংযোগ, শিক্ষণ আৰু বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্ব নেতা হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান সুনামত অৰিহণা যোগোবলৈ এক অনুঘটক হিচাপে কাম কৰে।

এই মহোৎসৱত ভাৰতৰ বৈজ্ঞানিক সমাজৰ উজ্জ্বল ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ইয়াত নিটি আয়োগৰ ডঃ ভিকে সাৰশ্বত, অধ্যাপক এ.কে. সূদ, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা, চিএছআইআৰক নেতৃত্ব প্ৰদান কৰা প্ৰথমগৰাকী মহিলা ডঃ এন. কালাইচেলভি, জৈৱ-প্ৰযুক্তিৰ সচিব ডঃ ৰাজেশ গোখলে তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক অভয় কাৰণ্ডিকাৰে ভাগ লয়। মহোৎসৱত তেওঁলোকৰ উপস্থিতিয়ে এখনি বৈজ্ঞানিক উদ্ভাৱন আৰু সহযোগিতা মঞ্চ হিচাপে ইয়াৰ ভূমিকাক উজ্জ্বল কৰি তোলে।

বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে (CSIR) ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক প্ৰোৎসাহনৰ প্ৰতি থকা ইয়াৰ দায়বদ্ধতাক প্ৰকট কৰি তুলি আইআইএছএফ-২০২৪ৰ আয়োজন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে চিএছআইআৰৰ সঞ্চালক প্ৰধান ডঃ এন. কালাইচেলভিক এনে বৃহৎ-পৰিসৰৰ আৰু প্ৰভাৱশালী অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানৰ বাবে তেওঁক প্ৰশংসা কৰে।

ভাষণৰ সামৰণিত ডাঃ জিতেন্দ্ৰ সিঙে ভাৰতৰ বৈজ্ঞানিক ভৱিষ্যতক লৈ আশা ব্যক্ত কৰে। “আমি ২০৪৭ৰ অভিমুখে ধাৱমান হোৱাৰ লগে-লগে যুৱক-যুৱতীসকলে, বিশেষকৈ আমাৰ ষ্টাৰ্টআপসমূহে আমাক বিশ্ব নেতা হিচাপে আমাৰ ভাগ্য লিখিব“, উদ্ভাৱন, সহযোগিতা আৰু প্ৰগতিৰ প্ৰতি ৰাষ্ট্ৰখনৰ অংগীকাৰক সুদৃঢ়কৰণেৰে তেওঁ এইদৰে কৰে।

***

NKR/KS/SB
 


(Release ID: 2079418) Visitor Counter : 50