উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

অষ্টলক্ষ্মী মহোৎসৱ সম্পৰ্কীয় সংবাদমেলত অংশগ্ৰহণ কৰিলে উত্তৰ-পূব অঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ উন্নয়ন মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই

৬ ডিচেম্বৰৰ পৰা দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত আৰম্ভ হ'ব অষ্টলক্ষ্মী মহোৎসৱ, ২০২৪

২০২৪ চনৰ ৬ ডিচেম্বৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এই মহোৎসৱ

শ্ৰী সিন্দিয়াই কয় “ এই মহোৎসৱে অঞ্চলটোৰ গতিশীল বস্ত্ৰ উদ্যোগ খণ্ড, পৰ্যটনৰ সুযোগ, পৰম্পৰাগত কাৰুকাৰ্য্য আৰু স্বকীয় ভৌগোলিক সূচক (জি আই টেগ) লাভ সামগ্ৰী প্ৰদৰ্শনৰ বাবে এক অতুলনীয় মঞ্চ আগবঢ়াব”

Posted On: 29 NOV 2024 7:51PM by PIB Guwahati

উত্তৰ-পূব অঞ্চলৰ যোগাযোগ আৰু উন্নয়ন দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত আজি অষ্টলক্ষ্মী মহোৎসৱৰ বাবে এখন সংবাদমেল  অনুষ্ঠিত হয়। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে  কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ অনুসৰি ।ড’নাৰ মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে অষ্টলক্ষ্মী মহোৎসৱ আয়োজন কৰিব।   তেওঁ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতৰ ভৱিষ্যত উন্নয়নত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বৰ বিষয়েও  আলোকপাত  কৰে। সংবাদমেলত মন্ত্ৰী সিন্ধিয়াই কয় ‘উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ বৃদ্ধিৰ ইঞ্জিন হিচাপে কাম কৰাটো প্ৰধানমন্ত্ৰীৰ এক  দৃষ্টিভংগী। লক্ষ্মীৰ আঠটা অৱতাৰ— সমৃদ্ধি,  প্ৰাচুৰ্যতা, বিশুদ্ধতা, ধন, জ্ঞান, কৰ্তব্য, কৃষি, আৰু পশুপালন— হৈছে  উত্তৰ-পূবৰ সাৰমৰ্মৰ প্ৰতীক”।

 

আজিৰ এই সংবাদমেলত  শিক্ষা আৰু ড’নাৰ দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰ,  ড’নাৰ দপ্তৰৰ সচিব   শ্ৰী চঞ্চল কুমাৰ আৰু ড’নাৰ দপ্তৰৰ  অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

 

উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক সম্পদৰ  বিকাশ সাধনৰ উদ্দেশ্য  নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত অহা ৬ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰ , ২০২৪লৈ তিনিদিনীয়া সাংস্কৃতিক উৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱউত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে চিপিএছই, উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেডৰ (এনইএইচএইচডিচি) জৰিয়তে পৰিচালনা কৰিব।

 সংবাদমেলত  মহোৎসৱৰ মাস্কট ‘পুৰ্বী’ৰ পৰিচয়ো দাঙি ধৰা হয়।   উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যকে প্ৰতিনিধিত্ব কৰা এগৰাকী কণমানি ছোৱালী  হৈছে পূৰ্বী। এই মাস্কটটোৱে এই অনুষ্ঠানৰ  উদ্দেশ্যত প্ৰতিফলিত কৰাৰ লগতে ভৱিষ্যতেও উত্তৰ-পূব অঞ্চলৰ উন্নয়ন আৰু ঐক্যৰ  প্ৰতীক হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।

 

সংবাদমেলত ব্ৰিগেডিয়েৰ ৰাজীৱ কুমাৰ সিং (অৱসৰপ্ৰাপ্ত), এম ডি, এন ই এইচ এইচ ডি চিয়ে সমবেত লোকসকলক মহোৎসৱৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে  অষ্টলক্ষ্মী মহোৎসৱৰ প্ৰথম সংস্কৰণটো   উত্তৰ-পূব ভাৰতৰ বিশাল সাংস্কৃতিক ঐতিহ্যক  উজ্জ্বল কৰি তুলিবলৈ সাজু কৰি তোলা হৈছে।  ইয়াত  পৰম্পৰাগত কলা, শিল্পকলা, আৰু সাংস্কৃতিক  ঐতিহ্যৰ  শৃংখলক   গতিশীল কৰি তোলা হ'ব বুলিও তেওঁ কয়৷   এই উৎসৱৰ লক্ষ্য হৈছে পৰম্পৰাগত হস্তশিল্প, হস্ততাঁত, কৃষিজাত সামগ্ৰী, আৰু পৰ্যটনৰ দৰে ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু অৰ্থনৈতিক সুযোগ প্ৰসাৰিত  কৰা৷ যাৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক উন্নতি আৰু প্ৰগতিৰ  বাট অধিক প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে৷

 

 

মহোৎসৱত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হ’ব,  সেইবোৰৰ ভিতৰত আছে -

 

১.শিল্পী প্ৰদৰ্শনী- য'ত উত্তৰ-পূব অঞ্চলৰ ২৫০ গৰাকীতকৈয়ো  অধিক শিপিনী আৰু উদ্যোগীয়ে হস্তশিল্প, হস্ততাঁত আৰু কৃষি  উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰিব৷ লগতে  ৩৪ টা জি আই টেগ কৰা সামগ্ৰীৰ এক সুন্দৰ সংগ্ৰহো ইয়াত প্ৰদৰ্শিত হ'ব৷  উত্তৰ-পূব ভাৰতৰ থলুৱা ফল-মূল আৰু জৈৱিক সামগ্ৰী আদিও ইয়াত প্ৰদৰ্শন কৰা হ'ব । ইয়াত ৰাজ্যভেদে  নিৰ্দিষ্ট পেভিলিয়ন, ইৰি আৰু মুগা ৰেচম গেলেৰীও  থাকিব৷

 

২. উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ, যেনে মহিলা নেতৃত্ব, তথ্য প্ৰযুক্তি, শক্তি, স্বাস্থ্যসেৱা, ক্ৰীড়া, কলা, আৰু সংস্কৃতি সন্দৰ্ভত  কাৰিকৰী অধিবেশনো আয়োজন কৰা হ'ব। মহোৎসৱৰ সময়ত দেশখনক উন্নতিৰ দিশলৈ  আগুৱাই নিয়াত অঞ্চলটোৱে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তোলাৰ লক্ষ্যৰে "সমৃদ্ধিৰ দিশত: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতি এক বিকশিত  ভাৰতৰ বাবে  অনুঘটক" শীৰ্ষক এখন  অধিবেশনো  অনুষ্ঠিত কৰা হ'ব।

 

৩.বিনিয়োগকাৰী ঘূৰণীয়া মেজমেল- , অংশীদাৰিত্ব আৰু যৌথ পদক্ষেপ গঢ়ি তোলা আৰু  ইয়াক শক্তিশালী কৰাৰ লক্ষ্যৰে মহোৎসৱৰ সময়তে  উত্তৰ-পূবত ব্যৱসায়িক সম্ভাৱনা  বৃদ্ধি আৰু নতুন বিনিয়োগৰ  সুযোগৰ বিষয়ত আলোকপাত কৰি আলোচনা অনুষ্ঠিত কৰা হ'ব।

 

৪. ক্ৰেতা আৰু বিক্ৰেতাই বিশেষভাৱে তেওঁলোকৰ সংশ্লিষ্ট খণ্ডসমূহৰবিষয়ত গুৰুত্ব আৰোপ কৰি আলোচনাত  মিলিত হ'ব। এনে কাৰ্যসূচীয়ে  হস্ততাঁত আৰু হস্তশিল্প, কৃষি আৰু উদ্যান শস্য, ৰত্ন আৰু গহনা,  পৰ্যটন আদি খণ্ডক সামৰি ল'ব। ইয়াত অংশগ্ৰহণকাৰীসকলে ব্যৱসায়িক সুযোগসমূহ অন্বেষণ কৰিব  আৰু এই মূল খণ্ডসমূহৰ মাজত  অৰ্থপূৰ্ণ সংযোগ স্থাপন কৰিব। ইয়াৰ  ফলত অৰ্থনৈতিক সহযোগিতা আৰু বিকাশ অধিক ত্বৰান্বিত হ'ব।

 

৫.ডিজাইন কনক্লেভ আৰু ফেশ্বন শ্ব'-  উত্তৰ-পূব ভাৰতৰ চহকী হস্ততাঁত আৰু হস্তশিল্প পৰম্পৰাক ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰাৰ দিহা কৰা হ'ব।  ডিজাইন কনক্লেভৰ লক্ষ্য হৈছে ডিজাইনৰ সৈতে জড়িত  শিক্ষাৰ্থী  আৰু অনুৰাগীৰ মাজত এই সম্পৰ্কীয় জ্ঞানৰ  আদান প্ৰদান কৰা। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে  শিক্ষাৰ লগতে প্ৰেৰণা বৃদ্ধি কৰা  আৰু সকলোৰে সৱলীকৰণক কৰা। এই অনুষ্ঠান হ'ব অঞ্চলটোৰ শিল্পী আৰু বিশিষ্ট ডিজাইনাৰসকলৰ মাজত এক সুন্দৰ সহযোগিতাৰ অনুষ্ঠান। এই  ফেশ্বন শ্ব’ৱে বিকাশৰ নতুন পথৰ সন্ধান দিব।

 

৬. উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত গ্ৰাম্য বজাৰক উজ্জীৱিত কৰি তুলিবলৈ   অষ্টলক্ষ্মী মহোৎসৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব।  ইয়াৰ বাবে গ্ৰহণ কৰা এক  উল্লেখযোগ্য পদক্ষেপ হৈছে   অষ্টলক্ষ্মী গ্ৰামীন হাট। এই  নিৰ্বাচিত বজাৰখনৰ ষ্টলসমূহত  বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীৰ সংগ্ৰহ থাকিব, য’ত ৩০০ৰো অধিক শিল্পী, জৈৱিক উৎপাদক  আৰু কৃষকে বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে।

 

৭.  সাংস্কৃতিক কাৰ্যসূচীৰ  পৰিবেশন: পৰম্পৰাগত নৃত্য আৰু অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শনৰ  এই মহোৎসৱৰ আন এক উল্লেখনীয় দিশ হ'ব।

 

২০২৪ চনৰ ৬ ডিচেম্বৰত দৰ্শকক "অষ্টলক্ষ্মী "ৰ জৰিয়তে এক মনোমোহা সাংস্কৃতিক অভিজ্ঞতাৰ  প্ৰদান কৰিব পৰা যাব বুলি আশা কৰা হৈছে। যি  অনুষ্ঠানে উৎসৱৰ  প্ৰকৃত তাৎপৰ্যক প্ৰতিফলিত কৰিব।  ইয়াৰ উপৰি বিখ্যাত শ্বিলং চেম্বাৰ কোৰে সাংস্কৃতিক  সন্ধিয়াটো গীত-মাত-সংগীতেৰে বৰ্ণময় কৰি তুলিব।  

 

২০২৪ চনৰ ৭ ডিচেম্বৰ অৰ্থাৎ মহোৎসৱৰ দ্বিতীয় দিনটোত প্ৰদৰ্শন হ'বলগীয়া আন  এক মনোমোহাঅনুষ্ঠান  হৈছে। মিজোৰামৰ  PANGPARI ৰ    অনন্য সাংস্কৃতিক অনুষ্ঠান। গীতৰ ছন্দ আৰু অনন্য সুৰেৰে বেণ্ডটোৱে  দৰ্শকক মোহিত কৰিব। ইয়াৰ পিছত ছিকিমৰ SOFIYUM  বেণ্ডে অনন্য শৈলীৰে গীত-মাত পৰিবেশন কৰিব।  সাংস্কৃতিক কাৰ্যসূচীত  প্ৰসাদ বিদাপাৰ ফেশ্বন শ্ব’ৱে ৰহন চৰাব।  য’ত উত্তৰ-পূব অঞ্চলৰ প্ৰতিভাৱান ডিজাইনাৰসকলৰ সংগ্ৰহসমূহ প্ৰদৰ্শন কৰা হ’ব ।

 

২০২৪ চনৰ ৮ ডিচেম্বৰৰ দিনা  মহোৎসৱত মণিপুৰৰ পৰা অহা বাছাভৰ বেণ্ডে সুৰৰ মায়াজাল ৰচনা কৰিব।  আনহাতে  FEATHERHEADS HAOKUI বেণ্ডে  মধুময় পৰিবেশনেৰে সকলোকে আপ্লুত কৰিব। , আনহাতে ঐতিহ্যমণ্ডিত  টাই খামতি নৃত্যই দেশবাসীৰ ওচৰত  অঞ্চলটোৰ চহকী সাংস্কৃতিক পৰম্পৰাৰ আভাস  দাঙি ধৰিব।  প্ৰতিভাৱান গীটাৰিষ্ট ইমনানলা জামিৰে নিজৰ ভাৰ্চুৱেল দক্ষতাৰে দৰ্শকক মোহিত কৰি সুৰৰ মায়াজালেৰে দৰ্শকক মোহিত কৰিব। অৱশেষত শিল্পীসকলৰ বৈচিত্ৰ্যময় আৰু মনোমোহা কলাত্মক প্ৰদৰ্শনেৰে   দিনটোৰ  কাৰ্যসূচীৰ সামৰণি মৰা হ'ব।

 

অষ্টলক্ষ্মী মহোৎসৱৰ অংশগ্ৰহণকাৰীসকলে  এক অনন্য অভিজ্ঞতা লভিবলৈ সক্ষম হ'ব।  ইয়াত  ঐতিহ্যই আধুনিকতাৰ সৈতে সংপৃক্ত হ'ব।  অঞ্চলটোৰ বৈচিত্ৰময়  ঐতিহ্যক কেৱল উদযাপন কৰাই নহয়, সেইসমূহৰ সমৃদ্ধিৰ বাবেও উৎসাহিত কৰা হ’ব।

 

উত্তৰ-পূব অঞ্চলটোৱে ভাৰতৰ উন্নয়নৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ডনাৰ মন্ত্ৰালয়ৰ  ‘অষ্টলক্ষ্মী মহোৎসৱ’ ৰ পদক্ষেপ উত্তৰ-পূব অঞ্চলৰ সাংস্কৃতিক সম্পদ আৰু বৈচিত্ৰ্যলৈ  সন্মান প্ৰদৰ্শনৰ এক চানেকি হিচাবে পৰিগণিত হ'ব।

 

অষ্টলক্ষ্মী মহোৎসৱৰ বিষয়ে  অধিক তথ্য তলত দিয়া লিংকসমূহত লাভ কৰিব পাৰিব:

 

Website: https://www.ashtalakshmimahotsav.com/

 

Facebook: https://www.facebook.com/profile.php?id=61567815593724&mibextid=ZbWKwL

 

Instagram: https://www.instagram.com/ashtalakshmi_mahotsav/


(Release ID: 2079250) Visitor Counter : 7


Read this release in: Khasi , English , Urdu , Hindi