তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
'নিখুঁততাৰ প্ৰতি আগ্ৰহ:' ৫৫ সংখ্যক ‘ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ত ৰমেশ চিপ্পিৰ চলচ্চিত্ৰীয় যাত্ৰা উন্মোচিত কৰা হয়
‘এআই’-য়ে কেৱল সৃষ্টিশীলতাক বৃদ্ধি কৰিব পাৰে, মানুহৰ মনক প্ৰতিস্থাপিত কৰিব নোৱাৰে। সঠিক সিদ্ধান্ত ল'বলৈ আমাৰ বুদ্ধি ব্যৱহাৰ কৰাটো হৈছে গুৰুত্বপূৰ্ণ: ৰমেশ চিপ্পি
প্ৰতিটো অভিজ্ঞতাই মূল্যৱান পাঠ প্ৰদান কৰে। আমি আমাৰ বিফলতাৰ পৰা অংকুৰিত হ’ব পাৰোঁ আৰু ভৱিষ্যতৰ বাবে উন্নত হ’ব পাৰোঁ: ৰমেশ চিপ্পি
৫৫ সংখ্যক ‘ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ (আইএফএফআই)ত "নিখুঁততাৰ প্ৰতি আগ্ৰহ: ৰমেশ চিপ্পিৰ দৰ্শন" শীৰ্ষক এক মনোগ্ৰাহী অধিৱেশনে ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী শ্ৰদ্ধেয় পৰিচালকৰ জীৱন আৰু শিল্পীসত্বাৰ এক সমৃদ্ধিশালী অন্বেষণ আগবঢ়ায়। ৰমেশ চিপ্পীৰ বৰ্ণাঢ্য কেৰিয়াৰত আলোকপাত কৰা এই অধিৱেশনখন ‘মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট স্কিলছ কাউন্সিল’-ৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত চোনিয়ে পৰিচালনা কৰিছিল।
ৰমেশ চিপ্পিৰ চলচ্চিত্ৰ নিৰ্মাণ যাত্ৰাৰ প্ৰাৰম্ভিক বৰ্ষসমূহৰ এক আভাস:
অধিৱেশনটো মোহিত চোনিৰ পৰিচয়পৰ্বৰে আৰম্ভ হৈছিল, যিয়ে ৰমেশ চিপ্পিৰ বিশাল অভিজ্ঞতাৰ পৰা শিকিবলৈ আৰু তেওঁৰ নিখুঁততাৰ সংজ্ঞা তৈয়াৰ কৰা অনন্য সুযোগসমূহত গুৰুত্ব আৰোপ কৰে। কথোপকথনটো 'শ্বাহেনশ্বাহ' ছবিত তেওঁৰ চমু কিন্তু স্মৰণীয় আত্মপ্ৰকাশৰে আৰম্ভ কৰি চিপ্পীৰ উদ্যোগৰ প্ৰাৰম্ভিক দিনসমূহৰ প্ৰতিফলনৰে আৰম্ভ হৈছিল। বাৰ্তালাপত চিপ্পীয়ে মাত্ৰ ন বছৰ বয়সতে তেওঁ চলচ্চিত্ৰ ছেটত প্ৰথম ‘এক্সপোজাৰ’ পোৱাৰ কথা জানিবলৈ দিয়ে। চলচ্চিত্ৰ নিৰ্মাণত তেওঁৰ জীৱনজোৰা যাত্ৰাৰ এয়াই আছিল আৰম্ভণি। চলচ্চিত্ৰ বিদ্যালয়ৰ আনুষ্ঠানিক আগমনৰ বহু আগতেই তেওঁৰ শিক্ষা পোনপটীয়াকৈ চলচ্চিত্ৰ ছেটত উন্মোচিত হৈছিল।
এ জাৰ্নি অব কনষ্টেণ্ট লাৰ্ণিং: 'আন্দাজ'ৰ পৰা 'শ্বোলে'লৈ
'আন্দাজ'ৰ দৰে আইকনিক চলচ্চিত্ৰৰ পৰা 'সীতা ঔৰ গীতা'লৈ তেওঁৰ যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি চিপ্পীয়ে চলচ্চিত্ৰ নিৰ্মাণৰ পৃথিৱীখনত নিৰন্তৰ শিক্ষা গ্ৰহণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "শিকাৰ কোনো অন্ত নাই। "আমি সদায়ে আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰয়াসত ব্ৰতী হৈছো, গোটেই দলটোৰ সৈতে, কলাকুশলীৰ পৰা কৰ্মচাৰীলৈকে, প্ৰক্ৰিয়াটোৰ প্ৰতিটো পদক্ষেপত জড়িত হৈছোঁ।" 'শ্বোলে' নিৰ্মাণৰ কথা স্মৰণ কৰি তেওঁ এটা গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণৰ বিষয়ে এক অন্তৰ্দৃষ্টিপূৰ্ণ কাহিনী সহভাগ কৰে। বতৰৰ পৰিস্থিতিৰ সৈতে প্ৰাৰম্ভিক বিফলতা স্বত্বেও, চিপ্পিয়ে উল্লেখ কৰে কেনেকৈ ডাৱৰীয়া আকাশৰ তলত চিত্ৰগ্ৰহণ কৰা দৃশ্যৰ চূড়ান্ত ফলাফলে দৃশ্যটোৰ বাবে সঠিক মনোভাৱক অপূৰ্ব ৰূপত ভাস্বত কৰিছিল। তেওঁ প্ৰতিটো ফ্ৰেমত নিখুঁততা অৰ্জন কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ নিদৰ্শন দাঙি ধৰি তেওঁ কয়, "শ্বোলেত এটা দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিবলৈ ২৩ দিন লাগিছিল।"
আধুনিক চলচ্চিত্ৰত প্ৰযুক্তিৰ ভূমিকা
চিপ্পীয়ে প্ৰযুক্তিগত উন্নতিয়ে কেনেদৰে চলচ্চিত্ৰ নিৰ্মাণৰ দৃশ্যপট সলনি কৰিছে সেই বিষয়েও কয়। তেওঁ বিশেষ প্ৰভাৱৰ বিৱৰ্তন আৰু ‘কৃত্ৰিম বুদ্ধিমত্তা’ (এআই)ৰ চলচ্চিত্ৰ নিৰ্মাণৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা কেনেদৰে আছে সেই সন্দৰ্ভত মন্তব্য কৰে, যদিও তেওঁ সতৰ্ক কৰি দিয়ে যে প্ৰযুক্তিয়ে সৃষ্টিশীলতাৰ প্ৰতি সেৱাহে আগবঢ়াব লাগে, ইয়াক প্ৰতিস্থাপিত কৰিব নালাগিব। "এআই-য়ে কেতিয়াও মানুহৰ মন সলনি কৰিব নোৱাৰে। ই কেৱল সৃজনশীলতাৰ পৰিপূৰক হ'ব পাৰে, আৰু সঠিক সিদ্ধান্ত ল'বলৈ মন প্ৰয়োগ কৰাটো অত্যাৱশ্যকীয়," চিপ্পীয়ে ব্যাখ্যা কৰে।
কাহিনী কোৱা আৰু অনুপ্ৰেৰণা বিচাৰি উলিওৱাৰ কলা
তেওঁ কেনেকৈ তেওঁৰ কাহিনীবোৰ ডাঙৰ পৰ্দাত জীৱন্ত কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত চিপ্পীয়ে তেওঁৰ চলচ্চিত্ৰসমূহৰ সফলতাৰ শ্ৰেয় দলবদ্ধ কৰ্ম-কুশলতা আৰু সহযোগিতাক প্ৰদান কৰে। তেওঁ উল্লেখ কৰে, "দলটোৰ সামূহিক প্ৰচেষ্টাইহে আমাক নিখুঁততা প্ৰাপ্ত কৰাত সহায় কৰে।"
ভুল আৰু নিৰন্তৰ উন্নতিক আঁকোৱালি লোৱা
অধিৱেশনটোৰ সামৰণিত ৰমেশ চিপ্পীয়ে চলচ্চিত্ৰ নিৰ্মাণৰ বিকাশৰ গুৰুত্ব সম্পৰ্কে তেওঁৰ অন্তিম চিন্তা-ধাৰা সহভাগ কৰে। "ভুল কৰাটো স্বাস্থ্যকৰ," বুলি তেওঁ মন্তব্য কৰে। "প্ৰতিটো অভিজ্ঞতাই আমাক মূল্যৱান একোটা পাঠকে শিকায়। আমি আমাৰ বিফলতাৰ পৰা শিকোঁ আৰু ভৱিষ্যতৰ বাবে উন্নত হওঁ।"
চিপ্পিয়ে শিকাৰ মূল্য দোহাৰে, পৰিৱৰ্তনক আদৰণি জনাই আৰু চিনেমাৰ সদা-বিকশিত পৃথিৱীখনত নিৰন্তৰ নিখুঁততাৰ বাবে প্ৰয়াসত গুৰুত্ব আৰোপ কৰে। অধিৱেশনটো এক অনুপ্ৰেৰণাদায়ক টোকাৰে সমাপ্ত হয়।
* * *
PIB IFFI CAST AND CREW | Rajith/Bineet/Darshana | IFFI 55 - 116
(Release ID: 2078563)
Visitor Counter : 5