পৰ্যটন মন্ত্ৰালয়
কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ দ্বাদশ সংস্কৰণ উদ্বোধন কৰিলে কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে
মন্ত্ৰী শেখাৱটে উত্তৰ-পূব ভাৰতৰ চহকী সংস্কৃতি আৰু পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে
টুৰিজিম মাৰ্টে বহনক্ষম পৰ্যটনক প্ৰসাৰিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি উত্তৰ-পূবৰ সম্ভাৱনা প্ৰদৰ্শন কৰিব .
Posted On:
27 NOV 2024 4:49PM by PIB Guwahati
আজি অসমৰ কাজিৰঙাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ দ্বাদশ সংস্কৰণৰউদ্বোধন কৰে কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে । এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু।
কেন্দ্ৰীয় মন্ত্ৰী শেখাৱাটে তেওঁৰ ভাষণত উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে সাংস্কৃতিক বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ইয়াৰ চহকী খাদ্য, শিল্পকলা তথা জৈৱ বৈচিত্ৰ্যৰ প্ৰশংসা কৰে।
এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট উত্তৰ-পূব ভাৰতৰ বাবে নিজৰ চহকী সংস্কৃতি আৰু বৈচিত্ৰ্যক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ এক উল্লেখযোগ্য সুযোগ বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে সমগ্ৰ বিশ্বৰ পৰ্যটনৰ প্ৰতি আগ্ৰহী লোকসকলক এই অঞ্চলৰ অসাধাৰণ ঐতিহ্যই আকৰ্ষণ কৰি আহিছে।
তেওঁ কাজিৰঙাত আইটিএম আয়োজনৰ তাৎপৰ্যৰ বিষয়ত আলোকপাত কৰি কয় যে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় মঞ্চত উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান গুৰুত্ব প্ৰতিফলিত হৈছে। কাজিৰঙাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানক এক বিশেষ অনুষ্ঠান বুলিও তেওঁ অভিহিত কৰে।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত দশকত অঞ্চলটোৰ উন্নয়ন ত্বৰান্বিত হৈছে আৰু এই গতিধাৰা অব্যাহত থাকিব।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট আয়োজন কৰাৰ সৈতে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনৰ বিষয়টোৰ মিল আছে। তেওঁ উদ্যানখনৰ উল্লেখযোগ্য বিকাশৰ কথা স্বীকাৰ কৰি কয় যে যোৱা ১০ বছৰত ইয়াৰ ক্ষেত্ৰফল ৪০০ বৰ্গ কিলোমিটাৰৰ পৰা ১৩০০ বৰ্গ কিলোমিটাৰলৈ সম্প্ৰসাৰিত হৈছে।
এই অনুষ্ঠানে কেৱল কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্যক উদযাপন কৰাই নহয়, উত্তৰ-পূবৰ পৰ্যটনৰ বিশাল সম্ভাৱনাক অন্বেষণ কৰাৰ বাবেও এক মঞ্চ হিচাবে কাম কৰিব বুলি তেওঁ কয়। । তেওঁ লগতে কয় যে এই অঞ্চলত পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আছে আৰু এই মাৰ্টে ইয়াৰ বৃদ্ধিৰ বাবে দুৱাৰ মুকলি কৰি দিছে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনাগত বছৰবোৰত ভাৰতৰ পৰ্যটনৰ সম্ভাৱনা অধিক বৃদ্ধি পাব, এই বৃদ্ধিত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
অনুষ্ঠানত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে এই মাৰ্টে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰী আৰু ইনফ্লুৱেঞ্চাৰসকলক সুযোগ প্ৰদান কৰিব । এই অনুষ্ঠানে উত্তৰ-পূবৰ পৰ্যটনৰ বিশাল সম্ভাৱনাক কেৱল উদ্যোগ হিচাপেই নহয়, সাংস্কৃতিক বিনিময়, পৰিৱেশ সংৰক্ষণ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবেও এক পৰিৱৰ্তনশীল শক্তি হিচাপে উজ্জ্বল কৰি তুলিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়।
বৈচিত্ৰ্যময় ভূ-প্ৰকৃতি, চহকী উদ্ভিদ জগত আৰু প্ৰাণীজগত, জনগোষ্ঠীয় সংস্কৃতি , প্ৰাচীন পৰম্পৰা, স্থানীয় উৎসৱ আৰু অনন্য কলা-কৃষ্টিৰ বাবে বিখ্যাত কাজিৰঙাত ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট । ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এই অনুষ্ঠানৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰিছে।
অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত অসমৰ ওপৰত এখন কফি টেবুল বুক “গুৱাহাটী এণ্ড এৰাউণ্ড” আজি উন্মোচন কৰা হয়। গুৱাহাটী আৰু ইয়াৰ বৈচিত্ৰ্যময় পৰিৱেশৰ চহকী ঐতিহ্য, সংস্কৃতি আৰু বৈচিত্ৰ্যৰ কথা গ্ৰন্থখনত বিস্তৃত ভাবে আলোকপাত কৰা হৈছে। গ্ৰন্থখনে অঞ্চলটোৰ ঐতিহাসিক সাৰমৰ্মক ধৰি ৰখাৰ প্ৰয়াস কৰিছে।
এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টে উত্তৰ-পূব ভাৰতৰ পৰ্যটন আৰু সাংস্কৃতিক দক্ষতাৰ একাধিক বিষয়ক সামৰি লৈছে। চলিত বৰ্ষৰ জুলাই মাহত ‘চৰাইদেউৰ মৈদাম’ক ৪৩ সংখ্যক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। আহোম ৰাজবংশৰ সময়ৰে সাংস্কৃতিক ঐতিহ্য হিচাপে পৰিচিত এই মৈদামৰ স্বাকৃতিয়ে অসম তথা ভাৰতক গৌৰৱান্বিত কৰিছে। বিশ্ব ঐতিহ্য হিচাপে ঘোষণাৰ এই কথা অসম আৰু উত্তৰ-পূব ভাৰতৰ অপৰিসীম পৰ্যটন আৰু সাংস্কৃতিক তাৎপৰ্য্যৰ প্ৰমাণ হিচাবে পৰিগণিত হৈছে। কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ কথাও আজি আলোচনাত স্থান লাভ কৰে।
এইবাৰৰ পৰ্যটন মাৰ্টত ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন বিষয়ৰ সভা, নতুন উদ্ভাৱন, ডিজিটেলাইজেচন, যুৱ উদ্যোগীকৰণৰ প্ৰসংগ , স্থানীয় সামগ্ৰীৰ প্ৰচাৰ , মহিলা সবলীকৰণ, এডভেঞ্চাৰ পৰ্যটন, বন্যপ্ৰাণী সংৰক্ষণ, হোমষ্টে, খাদ্য প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া, লাইভ মিউজিক, উত্তৰ-পূব বজাৰ, চৰাইদেউ মৈদাম, ৰংঘৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হাতীকুলি চাহ বাগিচা, অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য আদি বিষয়সমূহ সামৰি লোৱা হৈছে।
আইটিএম-এ পৰ্যটন মন্ত্ৰালয়ৰ ট্ৰেভেল ফৰ লাইফ পদক্ষেপৰ সৈতে সংগতি ৰাখি বহনক্ষমতাৰ শক্তিশালী প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰিব। শক্তি-দক্ষ পদ্ধতি ব্যৱহাৰ কৰি পৰিৱেশৰ ওপৰত প্ৰভাৱ কম কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে ।এই মাৰ্টে অঞ্চলটোৰ পৰ্যটন সামগ্ৰীসমূহৰ বিষয়ে অধিক আলোচনা কৰাৰ বাবেও এক মঞ্চ হিচাপে মুকলি কৰি দিছে। এই অনুষ্ঠানে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলকো জড়িত কৰিছে।
(Release ID: 2078086)
Visitor Counter : 14