তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
'মিচেছ' হৈছে অগণন মহিলাৰ সপোনৰ সৈতে জড়িত এখন চলচ্চিত্ৰ: অভিনেত্ৰী সান্যা মালহোত্ৰা
বিবাহৰ সূক্ষ্মতা আৰু জটিলতাৰ সৈতে যুঁজি থকা মহিলাসকলক বুজি,সহানুভূতি প্ৰদান কৰাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ: পৰিচালক আৰতি কাদাভ
মহিলা-কেন্দ্ৰিক বা পুৰুষ-কেন্দ্ৰিক চলচ্চিত্ৰ নিৰ্মাণৰ ওপৰিও এই বাধাসমূহ দূৰ কৰাটো আমাৰ সামূহিক দায়িত্ব: প্ৰযোজক হৰমন বাৱেজা
গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক আইএফএফআই ২০২৪ ত 'মিচেছ'ৰ গালা প্ৰিমিয়াৰ উপলক্ষে আয়োজিত এখন সংবাদমেলত ছবিখনৰ পৰিচালক আৰতি কাদাভে কয়, "বিবাহৰ পিছত উদ্ভৱ হোৱা বহুতো অসুবিধা আৰু জটিলতা পাৰ কৰা এগৰাকী মহিলাক সকলোৱে বুজাৰ লগতে সহানুভূতিশীল হোৱাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ।"

সংবাদ মাধ্যমক সম্বোধন কৰি কাদাভে ছবিখনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰি কয় যে 'মিচেছ' হৈছে "সাধাৰণ মানুহৰ" কাহিনী যাক বিস্তৃত ৰূপত দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ বাবে প্ৰস্তুত কৰা হৈছে। তেওঁ লগতে কয়, "প্ৰতিগৰাকী মহিলাই হৈছে এই চলচ্চিত্ৰখনৰ বিষয়বস্তু।"
তেওঁ পৰিয়াল আৰু সমাজ দুয়োটা ক্ষেত্ৰতে মহিলাই নীৰৱতা ভংগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু মিচেছে কেনেদৰে এই বিষয়বোৰ এক মসৃণ আৰু আকৰ্ষণীয়ভাৱে বৰ্ণনা কৰিছে তাক উল্লেখ কৰে।
মুখ্য চৰিত্ৰত অভিনয় কৰা সান্যা মালহোত্ৰাই চৰিত্ৰটোৰ সৈতে থকা আৱেগিক সম্পৰ্কক অতি ব্যক্তিগত বুলি অভিহিত কৰে। সান্যাই কয়, "আমাৰ চাৰিওকাষে ৰিচাৰ দৰে বহু মহিলা আছে। মই বহু মহিলাক লগ পাইছো যিয়ে একেধৰণৰ অভিজ্ঞতাৰ মাজেৰে জীৱনটো অতিবাহিত কৰিছে। বহু মহিলাৰ সৈতে কথা পতাৰ পিছত, তেওঁলোকৰ কাহিনী শুনি আৰু তেওঁলোকৰ সংগ্ৰাম বুজি পোৱাৰ পিছত এই চৰিত্ৰটোৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰিছো।'' তেওঁ লগতে কয় যে, ছবিখনত অসংখ্য মহিলাৰ আৱেগ আৰু সপোন জড়িত হৈ আছে। ৰিচাৰ চৰিত্ৰটো গঢ় দিয়াত তেওঁ অনুভৱ কৰা দায়িত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ছানিয়াই কয়, "মই কেতিয়াও কোনো চৰিত্ৰক সহজভাৱে নলওঁ। মই প্ৰতিটো চৰিত্ৰকে গুৰুত্ব সহকাৰে লৈ দায়িত্বশীলতাৰে অভিনয় কৰো। লগতে মই আৱেগক প্ৰামাণিকভাৱে চিত্ৰিত কৰিব বিচাৰো।"
প্ৰযোজক হৰমান বাৱেজাই ছবিখনৰ মূল বাৰ্তাৰ বিষয়ে কয় যে, বিবাহৰ পিছত মহিলাসকলে পৰিৱৰ্তনশীল যাত্ৰাত নামি পৰা প্ৰত্যাহ্বানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মিচেছক ৰিচা নামৰ এগৰাকী মহিলাৰ কাহিনী বুলি অভিহিত কৰে, যিয়ে সমাজৰ আশাৰ বাহিৰত নিজৰ পৰিচয়ক পুনৰ দাঙি ধৰিব বিচাৰে। বাৱেজাই কয়, শিল্পত কোনো লিংগ নাই। সমাজৰ এই বাধাসমূহ ভংগ কৰাটো আমাৰ সামূহিক দায়িত্ব।"
চলচ্চিত্ৰখনৰ কাহিনী অনুসৰি, এগৰাকী উৎসাহী নৃত্যশিল্পী ৰিচাই এজন লাজকুৰীয়া পৰিশ্ৰমী চিকিৎসকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, কিন্তু ঘৰুৱা অন্তহীন কাম আৰু মূল্যহীন প্ৰচেষ্টাৰ দ্বাৰা শ্বাসৰুদ্ধ অনুভৱ কৰিবলৈ ধৰে। নিজৰ পৰিচয় প্ৰতিষ্ঠাৰ বাবে দৃঢ়সংকল্পবদ্ধ ৰিচাই নিজৰ প্ৰেমক ৰন্ধনত সংযুক্ত কৰে আৰু পুৰুষ আধিপত্য চিন্তাধাৰাক সলনি কৰাৰ চেষ্টা কৰে। “মিচেছ” হৈছে এগৰাকী মহিলাৰ আত্ম-আৱিষ্কাৰৰ যাত্ৰা, গতানুগতিক আশাৰ বাহিৰত নিজকে পুনৰ সংজ্ঞায়িত কৰাৰ এক সংগ্ৰাম।
পৰিচালকঃ আৰতি কাদাভ
প্ৰযোজক: জ্যোতি দেশপাণ্ডে, পাম্মী বাৱেজা, হৰমন বাৱেজা
চিত্ৰনাট্য লিখক: অনু সিং চৌধুৰী, হৰমন বাৱেজা, আৰতি কাদাভ
চিত্ৰগ্ৰহণকাৰীঃ প্ৰথম মেহতা
সম্পাদক: প্ৰেৰণা চেহগল
(ৰিলিজ আই ডি : 2076461)
অতিথি কক্ষ : 47