তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
‘চানফ্লাৱাৰছ ৱেৰ ফাৰ্ষ্ট ৱান টু ন’’ লোককাহিনী আৰু মোৰ শৈশৱৰ অভিজ্ঞতাৰ দ্বাৰা অনুপ্ৰাণিত: পৰিচালক চিদানন্দ এছ নাইক
উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে তেওঁলোকৰ চলচ্চিত্ৰ যাত্ৰা আৰম্ভ কৰাৰ বাবে চুটি চলচ্চিত্ৰ এক উৎকৃষ্ট ৰূপ: চিদানন্দ এছ নাইক
#IFFIWood, ২২ নৱেম্বৰ ২০২৪
আজি ৫৫ তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আইএফএফআই) অনুষ্ঠিত এক মনোমোহা সংবাদমেলত প্ৰশংসিত চুটি ছবি চানফ্লাৱাৰছ ৱেৰ ফাৰ্ষ্ট ৱান টু ন’ৰ কুশলীসকলে সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ এই চলচ্চিত্ৰখন নিৰ্মাণৰ বিষয়ে তেওঁলোকৰ অন্তৰ্দৃষ্টি ভাগ বতৰা কৰে।

বাৰ্তালাপৰ সময়ত পৰিচালক চিদানন্দ এছ নাইকে প্ৰকাশ কৰে যে চানফ্লাৱাৰছ ৱেৰ ফাৰ্ষ্ট ৱান টু ন’ ভাৰতীয় লোককাহিনী আৰু তেওঁৰ শৈশৱৰ অভিজ্ঞতাত গভীৰভাৱে নিহিত হৈ আছে, যি পৰম্পৰাগত কাহিনী আৰু ব্যক্তিগত স্মৰণৰ কাব্যিক সৌন্দৰ্য একত্ৰিত কৰা এক আখ্যান তৈয়াৰ কৰে। তেওঁ চলচ্চিত্ৰখনক “বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ এক কাব্যিক অভিব্যক্তি” বুলি বৰ্ণনা কৰে, প্ৰকল্পটোৱে কেনেদৰে তেওঁৰ সাংস্কৃতিক বিষয়বস্তু আৰু কাহিনী কোৱাৰ অন্বেষণ প্ৰতিফলিত কৰে তাক বুজায়।

এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁৰ যাত্ৰাৰ বিষয়ে সোধাত, চিদানন্দই যুৱ আৰু উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে চুটি চলচ্চিত্ৰৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কৰি কয়, “চুটি চলচ্চিত্ৰ হৈছে উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে তেওঁলোকৰ চলচ্চিত্ৰ যাত্ৰা আৰম্ভ কৰাৰ এক উৎকৃষ্ট মঞ্চ, যি তেওঁলোকক বিভিন্ন শৈলী, কৌশল আৰু কাহিনী কোৱাৰ প্ৰকাৰৰ সৈতে পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰে।” তেওঁ লগতে কয় যে এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে, তেওঁ সদায় সময়, স্থান আৰু ব্যয়ৰ মাজত ভাৰসাম্য গঢ়ি তুলিবলৈ চেষ্টা কৰে, আনহাতে ছবিখনে ইয়াৰ দৰ্শকৰ মূল্য বৃদ্ধি কৰাটো নিশ্চিত কৰে।
চলচ্চিত্ৰখনৰ প্ৰযোজনা প্ৰক্ৰিয়াও সমানে লক্ষণীয় আছিল, প্ৰযোজনা ডিজাইনাৰ প্ৰণৱ খোটে সীমিত সম্পদৰ সীমাবদ্ধতাৰ ভিতৰত ছবিখন জীৱিত কৰাৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিছিল। তেওঁ মন্তব্য কৰে, “এফটিআইআই, পুনেৰ দ্বাৰা প্ৰযোজিত চানফ্লাৱাৰছ ৱেৰ ফাৰ্ষ্ট ৱান টু ন’ৱে আমাক সৃষ্টিশীলভাৱে চিন্তা কৰিবলৈ আৰু আমাৰ বাবে উপলব্ধ সীমাবদ্ধ নিৰ্দেশনা আৰু সম্পদৰ ভিতৰত উদ্ভাৱনী সমাধান বিচাৰিবলৈ প্ৰেৰিত কৰিছিল।”
চানফ্লাৱাৰছ ৱেৰ ফাৰ্ষ্ট ৱান টু ন’, লাইভ একচন চুটি চলচ্চিত্ৰ শ্ৰেণীত ৯৭ তম একাডেমী বঁটাৰ বাবে আনুষ্ঠানিকভাৱে যোগ্যতা অৰ্জন কৰিছে। এই উল্লেখযোগ্য সাফল্যটোৰ আগতে কান চলচ্চিত্ৰ মহোৎসৱৰ লা চিনেফ ছিলেক্চনত চলচ্চিত্ৰখনে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল, যি ভাৰতীয় লোককাহিনী আৰু পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত এই কানাড়া ভাষাৰ প্ৰকল্পটোৰ বাবে বিশ্বব্যাপী স্বীকৃতি ।
চলচ্চিত্ৰখনৰ বিষয়ে:
ৰঙীণ | ১৬’ | ২০২৩ | কানাড়া
গাওঁখনৰ কুকুৰা চুৰি কৰা এগৰাকী বৃদ্ধ মহিলাৰ কাহিনী, যি সম্প্ৰদায়টোক বিশৃংখল কৰি তোলে। কুকুৰাটো ঘূৰাই আনিবলৈ, বুঢ়ীগৰাকীৰ পৰিয়ালক নিৰ্বাসনলৈ প্ৰেৰণ কৰি এক ভৱিষ্যতবাণী কৰা হৈছিল।
কলা-কুশলী
পৰিচালক চিদানন্দ এছ নায়েক
প্ৰযোজক এফটিআইআই, পুনে
পৰ্দা লেখক চিদানন্দ এছ নায়েক
সম্পাদক মনোজ ভি
চিত্ৰগ্ৰহণকাৰী সুৰজ ঠাকুৰ
***
PIB IFFI CAST AND CREW | Rajith/Athira/Swadhin/Darshana | IFFI 55 - 50 /AA
(Release ID: 2076364)