তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
‘ছফৰনামা’ উন্মোচনৰ জড়িয়তে আৰম্ভ হল আইএফফিয়েষ্টা ‘ছফৰ’
‘ স্বাধীন নোহোৱা অৱস্থাতো আমি ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছো; এই কথাই আমাৰ চহকী ঐতিহ্যৰ সাক্ষ্য বহন কৰে আৰু ইয়াত আমি বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একেখিনি কথাই প্ৰদৰ্শন কৰিছো:’ সঞ্জয় জাজু, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ৰ সচিব
‘চিনেমাত ভাষা কোনো বাধা নহয়। আমি দক্ষিণত তেনেকৈ নাভাবো’- অক্কিনেনী নাগাৰ্জুন ৰাও
আইএফফিয়েষ্টা: ৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চিনেমা, সংস্কৃতি, আৰু ইতিহাসৰ এক দৰ্শনীয় সংযোজন উদ্বোধন
ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ ৫৫ সংখ্যক সংস্কৰণত সংগীত কলা, আৰু মনোৰঞ্জনৰ এখন দুৱাৰ মুকলি কৰি দিছে। সেই কথা প্ৰতিফলিত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৰ লগতে বিশিষ্ট চলচ্চিত্ৰ অভিনেতা তথা প্ৰযোজক শ্ৰী অক্কিনেনী নাগাৰ্জুন ৰাওৱে আজি ফিটা কাটি গোৱাৰ পানাজীৰ কলা একাডেমীত ‘ছফৰনামা: ভাৰতীয় চিনেমাৰ বিৱৰ্তন’ প্ৰদৰ্শনী উন্মোচন কৰে। ভাৰতৰ চহকী চিনেমাৰ পৰম্পৰা আৰু ইতিহাস সন্দৰ্ভত মানুহৰ সৈতে যোগাযোগ বৃদ্ধিৰ উদ্দেশ্যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৱে স্থাপন কৰিছে এই মাল্টিমিডিয়া প্ৰদৰ্শনী।
উদ্বোধনী অনুষ্ঠানত শ্ৰী জাজুৱে কয় যে ভাৰতীয় চিনেমাৰ ইতিহাস ৰাজা হৰিশচন্দ্ৰ ছবিৰ পৰাই আৰম্ভ হৈছিল। যেতিয়া ভাৰত ঔপনিৱেশিক শাসনৰ অধীনত আছিল। তাৰ লগে লগে ভাৰতে চিনেমাৰ বাবে এটা পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। সেই পৰম্পৰা এতিয়ালৈকে অক্ষত অৱস্থাত আছে। আই এফ এফ আইৰ এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে সেই চহকী ঐতিহ্যলৈ শ্ৰদ্ধা জ্ঞাপন কৰা আৰু চিনেমাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ তথা ইয়াৰ জৰিয়তে আমি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা চহকী সাংস্কৃতিক মূল্যবোধৰ প্ৰতি মানুহক আগ্ৰহী কৰিবলৈ , বিশেষকৈ যুৱ , ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত পৰম্পৰাসমূহ প্ৰদৰ্শন কৰা।
সুপৰিচিত অভিনেতা শ্ৰী নাগাৰ্জুনে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত এই কথা আনন্দৰে আলোকপাত কৰে যে তেওঁৰ বাবে সকলো চিনেমাই ভাৰতীয় আৰু ইয়াত ভাষাৰ কোনো প্ৰতিবন্ধকতা নাই। তেওঁ লগতে উল্লেখ কৰে যে তেওঁৰ পিতৃ অকিনেনী নাগেশ্বৰ ৰাৱৰ লগতে ৰাজ কাপুৰ, মহম্মদ ৰফি আৰু তপন সিনহাৰ দৰে আন শতবৰ্ষীয় কিংবদন্তিসকলে চিনেমাৰ এনে বৈচিত্ৰময় উত্তৰাধিকাৰ লাভ কৰাটো সঁচাকৈয়ে অভূতপূৰ্ব আছিল।
‘ছফৰনামা’ প্ৰদৰ্শনীত এইবাৰ আই এফ এফ আইত শতবাৰ্ষিকী পালন কৰা চাৰিগৰাকী কিংবদন্তি - ৰাজ কাপুৰ, মহম্মদ ৰফি, তপন সিনহা আৰু অকিনেনী নাগেশ্বৰ ৰাওৰ নামত চাৰিটা গেলেৰী উচৰ্গা কৰা হৈছে। এই প্ৰদৰ্শনীত এই চাৰিগৰাকী চিনেমাৰ কিংবদন্তিৰ সৈতে জড়িত বিষয়বস্তু, পোষ্টাৰ, ভিডিঅ’, আৰু স্মৃতিগ্ৰন্থকে ধৰি বিৰল আৰ্কাইভ সামগ্ৰীৰে সন্মান জনোৱাৰ লগতে ভাৰতীয় চিনেমাক গঢ় দিয়া এই ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।
২০২৪ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈকে জনসাধাৰণৰ বাবে মুকলি এই প্ৰদৰ্শনীখনে ভাৰতীয় চিনেমাৰ প্ৰথম দিনৰ পৰা সমসাময়িক পৰিৱৰ্তনলৈ ইয়াৰ যাত্ৰাৰ গতিশীল অন্বেষণৰ এক ছবি দাঙি ধৰিছে। প্ৰদৰ্শনীখনে যথেষ্ট সংখ্যক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। যাৰ ফলত ই নৱপ্ৰজন্মৰ বাবে এক শৈক্ষিক অভিজ্ঞতা হিচাপে পৰিগণিত হ’ব। এই প্ৰদৰ্শনীত প্ৰজেকচন মেপিং, ভাৰ্চুৱেল ৰিয়েলিটি, অগমেণ্টেড ৰিয়েলিটি, ডিজিটেল কুইজ আৰু ডিজিটেল প্ৰহেলিকাৰ দৰে শেহতীয়া প্ৰযুক্তিগত উপাদান উপস্থাপন কৰা হৈছে।
এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে কেটিবি - ভাৰত হে্য হাম, এনিমেচন ছিৰিজ ছিজন-২ মুকলি কৰে । স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত এই এনিমেটেড ধাৰাবাহিকখন ১ ডিচেম্বৰৰ পৰা দূৰদৰ্শন, নেটফ্লিক্স, প্ৰাইম ভিডিঅ’ আৰু ৱেভছত প্ৰচাৰ হোৱাৰ লগতে আকাশবাণীত ৰেডিঅ’ ধাৰাবাহিক আৰু স্পটিফাইতৰ প’ডকাষ্টত প্ৰচাৰ কৰা হ’ব। এই ধাৰাবাহিকখন ১২টা ভাৰতীয় ভাষাত—হিন্দী, তামিল, তেলেগু, কানাড়া, মালয়ালম, পাঞ্জাবী, মাৰাঠী, গুজৰাটী, বাংলা, অসমীয়া আৰু ওডিয়াকে ধৰি—আৰু সাতটা আন্তঃৰাষ্ট্ৰীয় ভাষাত – ফৰাচী, জাৰ্মান, স্পেনিছ, ৰাছিয়ান, কোৰিয়ান, চীনা ভাষাত উপলব্ধ হ’ব আৰু আৰবী ভাষাই ইয়াক ১৫০খন দেশৰ দৰ্শকৰ বাবে সুলভ কৰি তুলিব, যাৰ ফলত ইয়াৰ প্ৰসাৰতা আৰু অধিক বৃদ্ধি পাব।
উন্মোচনৰ সময়ত দূৰদৰ্শনৰ পৰম্পৰা আৰু প্ৰসাৰ ভাৰতীৰ নতুন অ’টিটি ইনিচিয়েটিভ ৱেভছৰ ভৱিষ্যতক চিহ্নিত কৰি এটা গীতো মুকলি কৰা হয়।
উন্মোচনী অনুষ্ঠানত প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গৌৰৱ দ্বিবেদী; শ্ৰী যোগেশ বাৱেজা, ডিজি, চিবিচি; শ্ব'টোৰ সৃষ্টিকৰ্তা, গ্ৰেফিটি ষ্টুডিঅ'ৰ মুঞ্জল শ্ৰফ আৰু তিলক শ্বেট্টী; নেটফ্লিক্স ইণ্ডিয়াৰ ৰাজহুৱা নীতিৰ সঞ্চালক মহিমা কৌল আৰু প্ৰাইম ভিডিঅ’ এছভিঅডিৰ সঞ্চালক আৰু মুৰব্বী শিলাংগী মুখাৰ্জীও উপস্থিত থাকে।
অধিক জানিবলৈ পঢ়ক:
https://pib.gov.in/PressReleasePage.aspx?PRID=2072099
https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2072447#:~:text=International%20Jury%20%E2%80%93%20Mr.%20Ashutosh%20Gowariker,a%20renowned%20Australian%20film%20editor.
https://www.newsonair.gov.in/IFFIESTA-at-iffi-2024-goa-to-bring-communities-together-through-magic-of-films/
https://iffigoa.org/
(Release ID: 2075993)
Visitor Counter : 2