গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

আজি নতুন দিল্লীৰ লোকপিয়ল ভৱনত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে চিভিল ৰেজিষ্ট্ৰেচন ছিষ্টেম (চি আৰ এছ) মোবাইল এপ্লিকেচন মুকলি কৰে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

চৰ্দাৰ পেটেলে দেশখনক একতাৰ ডোলেৰে বন্ধাৰ লগতে শক্তিশালী ভাৰতৰ আধাৰ স্থাপন কৰিছিল

জাতীয় স্বাৰ্থৰ বাবে সংগ্ৰাম আৰু ত্যাগৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা লৌহ পুৰুষৰ এই প্ৰতিমূৰ্তিয়ে দেশত গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ অদম্য সমৰ্পণৰ প্ৰমাণ হিচাপে সকলোকে অনুপ্ৰাণিত কৰি থাকিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীৰ অধীনত চিভিল ৰেজিষ্ট্ৰেচন ছিষ্টেম (চি আৰ এছ) মোবাইল এপ্লিকেচন মুকলি কৰাটো শাসন ব্যৱস্থাৰ সৈতে প্ৰযুক্তিক একত্ৰিত কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ

এই এপ্লিকেশ্যনৰ জৰিয়তে নাগৰিকে যিকোনো ঠাইৰ পৰাই নিজৰ ৰাজ্যৰ চৰকাৰী ভাষাত জন্ম-মৃত্যুৰ পঞ্জীয়ন কৰিব পাৰিব, যাৰ ফলত পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় সময় বহু পৰিমাণে হ্ৰাস পাব

Posted On: 29 OCT 2024 7:16PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ লোকপিয়ল ভৱনত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে চিভিল ৰেজিষ্ট্ৰেচন ছিষ্টেম (চিআৰএছ) মোবাইল এপ্লিকেচন মুকলি কৰে।

এক্স প্লেটফৰ্মৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে চৰ্দাৰ পেটেলে দেশখনক একতাৰ ডোলেৰে বন্ধাৰ লগতে শক্তিশালী ভাৰতৰ আধাৰ স্থাপন কৰিছিল। জাতীয় স্বাৰ্থৰ বাবে সংগ্ৰাম আৰু ত্যাগৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা লৌহ পুৰুষৰ এই প্ৰতিমূৰ্তিয়ে দেশত গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ অদম্য সমৰ্পণৰ প্ৰমাণ হিচাপে সকলোকে অনুপ্ৰাণিত কৰি থাকিব।

এক্স প্লেটফৰ্মৰ আন এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীৰ অধীনত চিভিল ৰেজিষ্ট্ৰেচন ছিষ্টেম (চিআৰএছ) মোবাইল এপ্লিকেচন মুকলি কৰাটো শাসন ব্যৱস্থাৰ সৈতে প্ৰযুক্তিক একত্ৰিত কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ। তেওঁ কয় যে এই এপ্লিকেশ্যনে নাগৰিকসকলক যিকোনো সময়তে, যিকোনো স্থানৰ পৰা আৰু নিজৰ ৰাজ্যৰ চৰকাৰী ভাষাত পঞ্জীয়ন কৰাৰ সুবিধা প্ৰদান কৰি জন্ম-মৃত্যুৰ পঞ্জীয়ন নিৰৱচ্ছিন্ন আৰু চাপমুক্ত কৰি তুলিব। ইয়াৰ দ্বাৰা পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় সময় বহু পৰিমাণে হ্ৰাস পাব।

*****

RK/VV/ASH/PS/MS


(Release ID: 2070018) Visitor Counter : 21