প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ চিকাৰত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে
‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা
পোষ্ট কৰা হৈছে:
29 OCT 2024 7:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিকাৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ একাকলীন সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘হেণ্ডেল’-য়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"ৰাজস্থানৰ চিকাৰত সংঘটিত বাছ দুৰ্ঘটনাটো নিতান্তই হৃদয়বিদাৰক। যিসকলে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঈশ্বৰে তেওঁলোকক এই বেদনা সহ্য কৰাৰ শক্তি দিয়ক। মই সকলো আহতৰ আশু আৰোগ্য কামনা কৰিছো।" ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো সম্ভৱ সহায়ত নিয়োজিত হৈ আছে:PM @narendramodi
প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ চিকাৰত সংঘটিত দুৰ্ঘটনাত প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। আহতসকললৈ ৫০,০০০ টকাকৈ দিয়া হ'ব।"
***
MJPS/VJ/KB
(ৰিলিজ আই ডি : 2069749)
অতিথি কক্ষ : 51
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam