@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কেনটেণ্ট হাবত পৰিণত হৈছে ভাৰত: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰিব ৱেভ সন্মিলন, য'ত কেনটেণ্ট ক্ৰিয়েটৰৰ বাবে ২৭ টা বিষয় থাকিব

চৰকাৰে এভিজিচি(AVGC) ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে আৰু ছিংগল উইণ্ডো ব্যবস্থাৰ দ্বাৰা প্ৰস্তুত কৰা কনটেণ্টক প্ৰচাৰ কৰা হৈছে; যাৰ জৰিয়তে ব্যৱসায় সুনিশ্চিত কৰিব পৰা যায়: ডঃ এল. মুৰুগন

ডঃ মুৰুগনে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত সম্প্ৰচাৰ ক্ষেত্ৰত অগ্ৰণীয় প্ৰৱণতা আৰু প্ৰযুক্তিৰ ওপৰত আলোচনা চক্ৰৰ উদ্বোধন কৰে

৫জী ত পৰিবৰ্তনকাৰী ক্ষমতা; ষ্টাৰ্ট আপ সংস্কৃতিক উদগনি দিবৰ বাবে এভিজিচি-এক্স আৰ, সৃষ্টিশীলতা আৰু কনটেণ্ট উপভোগক অভিজ্ঞতাপূৰ্ণ বৃদ্ধি কৰিবলৈ এভিজিচি-এক্সআৰ খণ্ড: শস্য সঞ্জয় জাজু

 Posted On: 17 OCT 2024 4:56PM |   Location: PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমাৰ ৰাজ্য মন্ত্ৰী ডঃ এল. মুৰুগনে আজি ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আইএমচি ২০২৪) উপলক্ষে ট্ৰাইৰ দ্বাৰা আয়োজিত "সম্প্ৰচাৰ ক্ষেত্ৰত উদীয়মান প্ৰৱণতা আৰু প্ৰযুক্তি" বিষয়ত আলোচনাৰ মুকলি কৰে। এই উপলক্ষে ট্ৰাইৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ লাহোতি, আই এণ্ড বি মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু, ট্ৰাইনৰ সচিব শ্ৰী অতুল কুমাৰ চৌধুৰী উপস্থিত থাকে। এই কাৰ্যসূচী উদ্যোগ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা প্ৰযুক্তিগত প্ৰগতি আৰু তাৰ বৰ্ধিত প্ৰভাৱৰ পৃষ্ঠভূমিত আয়োজন কৰা হৈছে।

প্ৰযুক্তিয়ে ভাৰতৰ সম্প্ৰচাৰ ক্ষেত্ৰৰ পৰিৱৰ্তন আনিছে

তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমাৰ ৰাজ্য মন্ত্ৰী ডঃ এল. মুৰুগনে তেওঁৰ উদ্বোধনী ভাষণত ভাৰতৰ সম্প্ৰচাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰগতিৰ পৰিবৰ্তনকাৰী প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰে, য'ত দৰ্শকৰ বাবে বিষয় বস্তু প্ৰাথমিক লক্ষ্য হৈ পৰে।  সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সমাজৰ দুৰ্বল শ্ৰেণীৰ জনসাধাৰ অন্তৰ্ভূক্তিৰ কাৰণে সম্প্ৰচাৰ সেৱা উন্নত কৰাত তেওঁ গুৰুত্ব প্ৰদান কৰে।

আমি কেনটেণ্ট চালিত অৰ্থ ব্যৱস্থাত বাস কৰো আৰু ভাৰতে কেনটেণ্ট হাব হিচাপে আত্মপ্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ লগতে সম্প্ৰচাৰ মাধ্যমেও নিজ ক্ষেত্ৰত বিকাশ কৰিছে আৰু কেনটেণ্ট সৃষ্টিকর্তা সকলক লাভৰ বাবে ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৫-৯ ফেব্ৰুৱাৰী ২০২৫ লৈকে ৱেভ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত কেনটেণ্ট সৃষ্টিকৰ্তা সকলৰ ওচৰত ২৭ টা বিষয় থাকিব। যাৰ জৰিয়তে তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা দেখুৱাৰ সুবিধা লাভ কৰিব। ইয়াৰ দ্বাৰা শেষত নিয়োগৰ সূচনা হ'ব।

তেওঁ এভিজিচি ( এনিমেছন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক) ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ আহ্বান জনায়। কাৰণ ব্যৱসায় কৰিবলৈ যাতে সহজে সুব্যৱস্থিত ছিংগ উইণ্ডো ব্যৱস্থাৰ মাধ্যমেৰে ভাৰতত কনটেণ্ট সৃষ্টি উদগনি দিব পৰা যায়।

তেওঁ এই কথাও উল্লেখ কৰে যে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দ্বাৰা ২৩৪ খন নতুন চহৰত এফ এম ৰেডিঅ' চেনেলৰ নিলামৰ বাবে দিয়া অনুমতি উদ্দেশ্য হৈছে স্থানীয় কনটেণ্টক অনুপ্ৰাণিত কৰা আৰু নিয়োগ সৃষ্টিৰ সুযোগ প্ৰদান কৰা। তেওঁ আৰ্থিক বিকাশ আৰু সাংস্কৃতিক প্ৰচাৰত সম্প্ৰচাৰ ক্ষেত্ৰৰ ভূমিকাক শক্তিশালী কৰিবলৈ কাৰিকৰীক প্ৰগতিৰ সুবিধাৰ বাবে চৰকাৰী প্ৰতিবন্ধকতা দূৰীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। যাৰ জৰিয়তে সকলোৰে বাবে উচ্চ গুণসম্পন্ন মিডিয়া সামগ্ৰী লাভ কৰাটো সুনিশ্চিত হয়। এই প্ৰচেষ্টা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ২০৪৭ এক লক্ষ্য।

ডিজিটেল ৰেডিঅ', ডি২এম সম্প্ৰচাৰ আৰু ৫জী সক্ষমতা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুয়ে তেওঁৰ বিশেষ সম্বোধনত  সম্প্ৰচাৰ ক্ষেত্ৰক সক্ষম কৰি তুলিবলৈ বিকাশমুখী নীতি আৰু তাক আকাৰ প্ৰদানৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ ভূমিকাক উল্লেখ কৰে। তেওঁ ডিজিটেল ৰেডিঅ'ৰ সম্ভাৱনাক এটা সুলভ গণ সংযোগৰ হিচাপে উল্লেখ কৰিছে যি ব্যৱহাৰ অনুকূল আৰু উন্নত শব্দৰ মান প্ৰদান কৰে। তেওঁ ডাইৰেক্ট টু মোবাইল (ডি২এম) সম্প্ৰচাৰ সুবিধা ওপৰতো আলোচনা কৰে। যি পোনপটীয়াকৈ মোবাইলৰ জৰিয়তে কনটেণ্ট ডেলিভাৰ হয়। তেওঁ এই কথাও উল্লেখ কৰে যে প্ৰচাৰ ভাৰতী, আই আই টি কানপুৰ আৰু সংখ্যা লেবৰ সহযোগত উচ্চ শক্তি আৰু নিম্ন শক্তি দুই ধৰণৰ ট্ৰেন্সমিটাৰ প্ৰয়োগ কৰি ডি২এম পৰীক্ষা কৰি থকা হৈছে। তেওঁ ৫জী ৰ পৰিবৰ্তনকাৰী ক্ষমতাৰ ওপৰতো বক্তব্য ৰাখে, বিশেষকৈ যেতিয়া ইমাৰ্চিভ প্ৰযুক্তিৰ যেনে বিবাদ বাস্তৱিকতা আৰু ভাৰসুৱেল বাস্তৱিকতাৰ লগত ইয়াক মিলোৱা যায়, যি অত্যধিক আকৰ্ষণীয় সম্প্ৰচাৰ অনুভব প্ৰদান কৰিব পাৰে। ইয়াৰোপৰি এনিমেছন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক এণ্ড এক্সতেণ্ডেত ৰিয়েলিটি (এভিজিচি-এক্স আৰ) ক্ষেত্ৰত আকাংক্ষিত উন্নয়নৰ কথাও উল্লেখ কৰে, যাৰ জৰিয়তে ষ্টাৰ্টআপ সংস্কৃতি, সৃজনশীলতা আৰু কনটেণ্ট উপভোগৰ অভিজ্ঞতা বঢ়াব পাৰি।

ৰেগুলেটৰী ফ্ৰেমৱৰ্ক শক্তিশালী কৰা

ট্ৰাইৰ সচিব শ্ৰী অতুল কুমাৰ চৌধুৰীয়ে তেওঁৰ আদৰণি ভাষণত উল্লেখ কৰে যে আজিৰ আলোচনাই  ট্ৰায়ে এই খণ্ডৰ নতুন আলোচনা আৰু আলোচনক উৎসাহিত কৰাৰ প্ৰচেষ্টাক আগুৱাই নিয়াত, ৰেগুলেটৰী ফ্ৰেমৱৰ্কত পৰিবৰ্তনত শেহতীয়া কৈ প্ৰয়োজন হোৱা উন্নয়ন সান্দৰ্ভতো আলোকপাত।

এমএণ্ডই ক্ষেত্ৰই ২০২৬ চনত স্পৰ্শ কৰিব ৩.০৮ ট্ৰিলিয়ন

ট্ৰাইৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ লাহতিয়ে তেওঁৰ ভাষণত ৰেখাপাত কৰে মেডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰৰ উল্লেখনীয় বিকাশ সন্দৰ্ভত। য'ত নতুন মেডিয়াৰ সংলগ্নকৰণৰ জৰিয়তে ২০২৬ চনৰ ভিতৰত এই ক্ষেত্ৰ ৩.০৮ ট্ৰিলিয়ন লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। তেওঁ ইমাৰ্চিভ প্ৰযুক্তিৰ পৰিবৰ্তনকাৰী শক্তিকো গুৰুত্ব প্ৰদান কৰে, যি অধিক জড়িত থকা আৰু ইণ্টাৰেকটিভ অভিজ্ঞতা প্ৰদান কৰে। তেওঁ এই কথাটো গুৰুত্ব প্ৰদান কৰে যে ডাইৰেক্ট টো মোবাই (ডি২এম) সম্প্ৰচাৰ এক বিকল্প কেনটেণ্ট বিতৰণ প্ৰযুক্তি হিচাপে প্ৰকাশ পাইছে, যি ইন্টাৰনেটৰ অবিহনেও সম্প্ৰচাৰ অনুমতি প্ৰদান কৰে। ইয়াৰ উপৰিও তেওঁ ডিজিটেল ৰেডিঅ'ৰ সুবিধাৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ সেই ক্ষেত্ৰৰ সমূহত য'ত টেলিভিছন সংযোগ নাই তেনে অঞ্চলত উপভোক্তাৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰাইনে ভৱিষ্যত পৰামৰ্শ আৰু নিয়ম আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সেৱা প্ৰদান কৰা সকলৰ সমান সুবিধা সুনিশ্চিত কৰে আৰু সম্প্ৰচাৰ ক্ষেত্ৰৰ বিকাশক অনুপ্রাণিত কৰে। ট্ৰাইনে শেহতীয়া কৈ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ নীতি প্ৰস্তুতৰ বাবে নিজা অনুৰোধ প্ৰেৰণ কৰিছে।

সম্প্ৰচাৰৰ ভৱিষ্যত উদ্ভাৱনীৰ সন্ধান

আজিৰ আলোচনাৰ উদ্দেশ্য বিভিন্ন সম্প্ৰচাৰ উপযোগী মাধ্যমৰ ইমাৰ্চিভ প্ৰযুক্তিৰ ব্যৱহাৰিক উপযোগী আৰু পৰিবৰ্তকাৰী ক্ষমতাৰ সন্ধান কৰা। আলোচনাচক্ৰৰ সত্ৰ তিনিটা বেক টো বেক চেচনত অনুষ্ঠিত কৰা হয়। প্ৰথম সত্ৰত আলোচনা হয় সম্প্ৰচাৰ ক্ষেত্ৰত ইমাৰ্চিভ প্ৰযুক্তিৰ ব্যৱহাৰ, তাৰ পাছতে ডি২এম আৰু ৫জী সম্প্ৰচাৰ: সম্ভাৱনা আৰু প্রত্যাহ্বান, আৰু অন্তিম চেচন আছিল ডিজিটেল ৰেডিঅ' প্ৰযুক্তি: ভাৰতত সংস্থাপনৰ ৰণকৌশল ।

যোগাযোগ ক্ষেত্ৰ, টেলিভিছন, ৰেডিঅ' আৰু সম্প্ৰচাৰ ক্ষেত্ৰৰ প্ৰযুক্তি বিশেষজ্ঞ, ডিভাইচ আৰু নেটৱৰ্ক প্ৰস্তুকাৰী, প্ৰযুক্তিৰ জ্যেষ্ঠ আৰু চৰকাৰী বিষয়াই অনুষ্ঠিত আলোচনা সত্ৰত অংশগ্ৰহণ কৰে। ১০০ তকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰী উপস্থিত থাকে।

 

Dharmendra Tewari/Kshitij Singha/Shatrunjay Kumar/DS


Release ID: (Release ID: 2066603)   |   Visitor Counter: 70