যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
মাননীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰীৰ ট্ৰাইৰ দ্বাৰা আয়োজিত 'সম্প্ৰচাৰ খণ্ডত উদীয়মান প্ৰৱণতা আৰু প্ৰযুক্তি' সম্পৰ্কীয় আলোচনাচক্ৰ উদ্বোধন
পোষ্ট কৰা হৈছে:
17 OCT 2024 11:48AM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে আজি ট্ৰাইৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ লাহটি, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু আৰু ট্ৰাইৰ সচিব শ্ৰী অতুল কুমাৰ চৌধুৰীৰ সন্মানীয় উপস্থিতিত ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ (আই এম চি-২০২৪) সৈতে সংগতি ৰাখি ট্ৰাইৰ দ্বাৰা আয়োজিত 'সম্প্ৰচাৰ খণ্ডত উদীয়মান প্ৰৱণতা আৰু প্ৰযুক্তি' সম্পৰ্কীয় এখন এবেলাৰ আলোচনাচক্ৰ উদ্বোধন কৰে। এই অনুষ্ঠানটো উদ্যোগ খণ্ডত শেহতীয়া প্ৰযুক্তিগত উন্নয়ন আৰু এইসমূহৰ ক্ৰমবৰ্ধমান পৰৱৰ্তী প্ৰভাৱৰ পটভূমিত আয়োজিত হৈছে।

ট্ৰাইৰ সচিব শ্ৰী অতুল কুমাৰ চৌধুৰীয়ে উষ্ম আদৰণি ভাষণেৰে অনুষ্ঠানটো মুকলি কৰে। আজিৰ আলোচনাচক্ৰ সংশ্লিষ্ট খণ্ডটোত নতুন আলোচনা তথা আলোচনাক উৎসাহিত কৰাৰ বাবে ট্ৰাইৰ ত্বৰান্বিত প্ৰচেষ্টাৰ অংশ হিচাপে আয়োজিত হোৱা বুলি উল্লেখ কৰি তেওঁ শেহতীয়া উন্নয়নৰ পৰিপ্ৰেক্ষিতত নিয়ন্ত্ৰক ৰূপৰেখাৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব পৰা পৰিবৰ্তনসমূহৰ ওপৰত আলোকপাত কৰে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ (এমআইবি) সচিব শ্ৰী সঞ্জয় জাজুৱে তেওঁৰ বিশেষ ভাষণত সম্প্ৰচাৰ খণ্ডক সবল কৰি তোলাৰ বাবে বিকাশমুখী নীতি তথা পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। জনসংযোগৰ সুলভ আহিলা তথা বৰ্ণালীৰ ইতিবাচক ব্যবহাৰেৰে উন্নত মানৰ শব্দ সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত তেওঁ ডিজিটেল ৰেডিঅ'ৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পোনপটীয়াকৈ মোবাইল ফোনলৈ সমল বিতৰণ কৰা ডাইৰেক্ট-টু-ম'বাইল (ডি২এম) সম্প্ৰচাৰৰ লাভালাভৰ বিষয়েও আলোচনা কৰে। তেওঁ উল্লেখ কৰে যে আইআইটি কানপুৰ আৰু সাংখ্য লেবৰ সহযোগত ৰাজহুৱা সেৱা সম্প্ৰচাৰ সংস্থা প্ৰসাৰ ভাৰতীয়ে উচ্চ শক্তি আৰু নিম্ন শক্তিৰ ট্ৰেন্সমিটাৰ দুয়োটা ব্যৱহাৰ কৰি ডি২এম পৰীক্ষণ চলাই আছে। তেওঁ ৫জিৰ পৰিবৰ্তনশীল সম্ভাৱনাৰ ওপৰতো বক্তব্য ৰাখে। এইক্ষেত্ৰত তেওঁ বিশেষকৈ অগমেন্টেড ৰিয়েলিটি আৰু ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ সৈতে সংযুক্ত হৈ অত্যন্ত আকৰ্ষণীয় সম্প্ৰচাৰৰ অভিজ্ঞতা প্ৰদান কৰাটো সম্ভৱ হোৱাৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এভিজিচি-এক্সআৰ) খণ্ডত গুৰুত্বপূৰ্ণ বিকাশ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। ইয়াৰ জৰিয়তে ষ্টাৰ্টআপ সংস্কৃতি বৃদ্ধি, সৃজনশীলতা বৃদ্ধি আৰু সমল ব্যৱহাৰৰ অভিজ্ঞতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ প্ৰকাশ কৰে।
ট্ৰাইৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ লাহটিয়ে তেওঁৰ মূল ভাষণত এম এণ্ড ই খণ্ডৰ গুৰুত্বপূৰ্ণ বিকাশৰ গতিপথৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নতুন মিডিয়া মঞ্চৰ দ্ৰুত সম্প্ৰসাৰণৰ জৰিয়তে এই খণ্ডত বিকাশ ২০২৬ চনৰ ভিতৰত ৩.০৮ ট্ৰিলিয়নত উপনীত হ'ব বুলি অনুমান কৰা হৈছে। তেওঁ অধিক আকৰ্ষণীয় আৰু আন্তঃক্ৰিয়ামূলক অভিজ্ঞতা প্ৰদান কৰা গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত আলোকপাত কৰে। ইণ্টাৰনেট অবিহনে একেলগে কেইবাটাও সম্প্ৰচাৰ কৰিব পৰা ডাইৰেক্ট-টু-ম'বাইল (ডি২এম) সম্প্ৰচাৰ এক বিকল্প সমল বিতৰণ প্ৰযুক্তি হিচাপে বিকশিত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ বিশেষকৈ দূৰদৰ্শন সংযোগৰ অভাৱ থকা অঞ্চলসমূহত ডিজিটেল ৰেডিঅ'ৰ লাভালাভৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সম্প্ৰচাৰ খণ্ডৰ সামগ্ৰিক বিকাশৰ সংবৰ্ধন কৰা, সেৱা প্ৰদানকাৰী সংস্থাসমূহৰ সমান সুযোগ নিশ্চিত কৰা তথা গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা ভৱিষ্যমুখী পৰামৰ্শ আৰু নীতি প্ৰদান কৰিবলৈ ট্ৰাইৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। ট্ৰায়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ নীতি প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে।
উদ্বোধনী ভাষণত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে ভাৰতৰ সম্প্ৰচাৰ খণ্ডত সমল দৰ্শকৰ বাবে প্ৰাথমিক লক্ষ্য হৈ পৰাৰ সমান্তৰালকৈ প্ৰযুক্তিগত উন্নতিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ জনসাধাৰণৰ অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ বাবে সম্প্ৰচাৰ সেৱাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ব্যৱসায়িক সূচলতা বৃদ্ধ কৰিবলৈ এক সুশৃংখল একক-উইণ্ডো প্ৰণালীৰ জৰিয়তে দেশত সমল উৎপাদন সংবৰ্ধনৰ সমান্তৰালকৈ এভিজিচি খণ্ডৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ আহ্বান জনায়। তেওঁ এক সমল-চালিত অৰ্থনীতি হিচাপে ভাৰতৰ বিকাশৰ কথা উল্লেখ কৰাৰ লগতে ইয়াৰ জৰিয়তে কনেটণ্ট ক্ৰিয়েটৰসকল উপকৃত হৈছে বুলি উল্লেখ কৰে। তেওঁ স্থানীয় সমল বৃদ্ধি আৰু নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে ২৩৪ খন নতুন চহৰত এফএম ৰেডিঅ' চেনেল নিলামৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ শেহতীয়া অনুমোদনৰ কথাও উল্লেখ কৰে। তেওঁ সকলোৰে বাবে উচ্চ মানসম্পন্ন মিডিয়া সমলৰ প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ জৰিয়তে অৰ্থনৈতিক বিকাশ আৰু সাংস্কৃতিক প্ৰসাৰৰ ক্ষেত্ৰত সম্প্ৰচাৰ খণ্ডৰ ভূমিকা শক্তিশালী কৰাৰ বাবে প্ৰযুক্তিগত উন্নতি ব্যৱহাৰ কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি দোহাৰে।
আজিৰ আলোচনা চক্ৰৰ লক্ষ্য হৈছে বিভিন্ন সম্প্ৰচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ব্যৱহাৰিক প্ৰয়োগ আৰু পৰিৱৰ্তনশীল সম্ভাৱনা অন্বেষণ কৰা। আলোচনাবোৰ তিনিটা অবিৰত অধিৱেশনত বিভক্ত কৰা হৈছে। প্ৰথমখন অধিৱেশনত 'সম্প্ৰচাৰ প্ৰেক্ষাপটত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ', দ্বিতীয় অধিৱেশনত 'ডাইৰেক্ট টু মোবাইল আৰু ৫জি সম্প্ৰচাৰ : সুযোগ আৰু প্ৰত্যাহ্বান' আৰু অন্তিম অধিৱেশনত 'ডিজিটেল ৰেডিঅ' প্ৰযুক্তি : ভাৰতত নিয়োজন কৌশল' সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অধিৱেশনসমূহৰ বক্তাসকলৰ ভিতৰত আছে যোগাযোগ খণ্ড, দূৰদৰ্শন আৰু ৰেডিঅ' সম্প্ৰচাৰ সংস্থাসমূহৰ প্ৰযুক্তি বিশেষজ্ঞ, ডিভাইচ আৰু নেটৱৰ্ক নিৰ্মাতা, প্ৰযুক্তি খণ্ডৰ কৰ্ণধাৰসকল আৰু চৰকাৰ। এই আলোচনাচক্ৰত শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰী উপস্থিত থাকে।
আলোচনাচক্ৰৰ বিষয়ে যিকোনো তথ্য/স্পষ্টীকৰণৰ বাবে, ট্ৰাইৰ উপদেষ্টা (বি এণ্ড চি এছ) শ্ৰী দীপক শৰ্মাৰ সৈতে advbcs-2@trai.gov.in যোগাযোগ কৰিব পাৰে।
*****
SB/DP/ARJ/DD/AT
(ৰিলিজ আই ডি : 2065772)
অতিথি কক্ষ : 80