প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হাৰিয়ানাৰ কৈথালত পথ দুৰ্ঘটনাত নিহতসকলৰ বাবে আগবঢ়োৱা এককালীন অনুদানলৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 12 OCT 2024 5:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কৈথালত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখকৈ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদানলৈ অনুমোদন জনাইছে।

‘এক্স’ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে:

"প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ কৈথালত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখকৈ টকাৰ অনুদানলৈ অনুমোদন জনাইছে। আহতসকলক প্ৰতিগৰাকীক ৫০,০০০ টকাকৈ দিয়া হ'ব।"

***

MJPS/SR/KB



(Release ID: 2064464) Visitor Counter : 23