প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক; পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা
प्रविष्टि तिथि:
04 OCT 2024 10:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।
এক্সৰ পোষ্টত তেওঁ লিখেঃ
“উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত পথ দুৰ্ঘটনা অতি বেদনাদায়ক। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভগৱানে তেওঁলোকক এই যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি দিয়ক। মই লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছে।”
শ্ৰী মোদীয়ে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে। তেওঁ লগতে কয় যে আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি কয়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্ট কয়ঃ
“প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2061905)
आगंतुक पटल : 80
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam