প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মুক্তিযোদ্ধা শ্যামজী কৃষ্ণ বাৰ্মাৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 04 OCT 2024 9:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৯৫সংখ্যক জন্ম বাৰ্ষিকীত মুক্তিযোদ্ধা শ্যামজী কৃষ্ণ বাৰ্মাক স্মৰণ কৰে৷

শ্ৰী মোদীয়ে তেওঁৰ নিষ্ঠা আৰু দেশৰ প্ৰতি সেৱাৰ মনোভাৱে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব বুলি প্ৰশংসা কৰে৷

শ্ৰী মোদীয়ে এক্সৰ পোষ্টত কয়ঃ

“ভাৰত মাতৃৰ মহান স্বাধীনতা সংগ্ৰামী তথা সাহসী পুত্ৰ শ্যামজী কৃষ্ণ বাৰ্মালৈ তেওঁৰ জন্ম বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেওঁ তেওঁৰ বিপ্লৱী পদক্ষেপৰ জৰিয়তে দেশৰ স্বাধীনতাৰ সংকল্পত বিস্ময়কৰ শক্তিৰ সঞ্চাৰ কৰিছিল। তেওঁৰ নিষ্ঠা আৰু দেশৰ প্ৰতি সেৱাৰ মনোভাৱ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।'”

***

MJPS/RT/DB


(ৰিলিজ আই ডি : 2061900) অতিথি কক্ষ : 115