গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ কেন্দ্ৰীয় অংশীদাৰিত্ব আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ)ৰ পৰা অগ্ৰিম হিচাপে বানপীড়িত গুজৰাট, মণিপুৰ আৰু ত্ৰিপুৰালৈ ৬৭৫ কোটি টকা মুকলি কৰিবলৈ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰে বানপীড়িত ৰাজ্যসমূহক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ

বানপীড়িত অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু মণিপুৰত ক্ষতিপূৰণৰ স্বচক্ষে মূল্যায়নৰ বাবে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আইএমচিটি) প্ৰতিনিধি প্ৰেৰণ

শেহতীয়াকৈ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত বিহাৰ আৰু পশ্চিমবংগৰ ক্ষয়-ক্ষতিৰ স্বচক্ষে মূল্যায়নৰ বাবে শীঘ্ৰে প্ৰেৰণ কৰিব আইএমচিটিৰ দল

এইবাৰ চৰকাৰে এছডিআৰএফৰ অধীনত ২১খন ৰাজ্যলৈ ৯০৪৪.৮০ কোটি টকা আৰু এনডিআৰএফৰ অধীনত ১৫খন ৰাজ্যলৈ ৪৫২৮.৬৬ কোটি টকাৰ লগতে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত ১১খন ৰাজ্যলৈ ১৩৮৫.৪৫ কোটি টকা মুকলি কৰিছে

কেন্দ্ৰীয় চৰকাৰে সকলো বানপীড়িত ৰাজ্যত প্ৰয়োজনীয় এনডিআৰএফ দল, সেনাৰ দল আৰু বায়ুসেনাৰ দল নিয়োগ কৰাৰ লগতে সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে

Posted On: 30 SEP 2024 7:45PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ পৰা কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে গুজৰাটলৈ ৬০০ কোটি, মণিপুৰলৈ ৫০ কোটি আৰু ত্ৰিপুৰালৈ ২৫ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ)ৰ পৰা অগ্ৰিম ধন মুকলি কৰিবলৈ অনুমোদন জনাইছে। চলিত বৰ্ষৰ দক্ষিণ-পশ্চিম মৌচুমীৰ ফলত প্ৰবল বৃষ্টিপাত, বানপানী আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰে বানপীড়িত ৰাজ্যসমূহক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ।

চলিত বৰ্ষত অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু মণিপুৰ অতিমাত্ৰা বৃষ্টিপাত, বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হয়। এই সকলো ৰাজ্যৰ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আইএমচিটি)ৰ প্ৰতিনিধিক প্ৰেৰণ কৰা হৈছে। বাকী ৰাজ্যসমূহলৈ অতিৰিক্ত আৰ্থিক সাহায্যৰ সিদ্ধান্ত আইএমচিটিৰ প্ৰতিবেদন লাভ কৰাৰ পিছত লোৱা হ’ব।

তদুপৰি, শেহতীয়াকৈ বিহাৰ আৰু পশ্চিমবংগও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু ৰাজ্যসমূহৰ ক্ষয়ক্ষতি স্বচক্ষে মূল্যায়ন কৰাৰ বাবে এই ৰাজ্যসমূহলৈ শীঘ্ৰে আইএমচিটিৰ দল প্ৰেৰণ কৰা হ’ব।

চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফৰ অধীনত ২১খন ৰাজ্যলৈ ৯০৪৪.৮০ কোটি টকা আৰু এনডিআৰএফৰ অধীনত ১৫খন ৰাজ্যলৈ ৪৫২৮.৬৬ কোটি টকাৰ লগতে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত ১১খন ৰাজ্যলৈ ১৩৮৫.৪৫ কোটি টকা মুকলি কৰিছে। আৰ্থিক সাহায্যৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে বানপীড়িত ৰাজ্যসমূহলৈ প্ৰয়োজনীয় এনডিআৰএফ দল, সেনাৰ দল আৰু বায়ুসেনাৰ দলকে ধৰি সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে।

*****

RK / ASH / RR / PS/DB



(Release ID: 2060546) Visitor Counter : 5