নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

ভাৰতৰ কণ্টেইনাৰ পৰিচালনাৰ ক্ষমতা পাঁচ বছৰৰ ভিতৰত দুগুণলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে

শ্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰৰ প্ৰাৰম্ভিক ১০০ দিনত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ডাঙৰ সাফল্যসমূহৰ বিষয়ে আলোকপাত কৰে

অহা পাঁচ বছৰত আমি কণ্টেইনাৰ পৰিচালনাৰ ক্ষেত্ৰত আকৰ্ষণীয় ৪০ নিযুত টিইইউত উপনীত হ’বলৈ প্ৰকল্প নিৰ্ধাৰণ কৰিছো, যাৰ ফলত সমগ্ৰ দেশতে ২০ লাখ চাকৰিৰ সুযোগ সৃষ্টি হ’ব: শ্ৰী সৰ্বানন্দ সোণোৱাল

অনাগত মাহত জেএনপিএ এক কোটি টিইইউৰ কণ্টেইনাৰ পৰিচালনাৰ ক্ষমতা লাভ কৰা প্ৰথমটো ভাৰতীয় বন্দৰ হ’বলৈ গৈ আছে: শ্ৰী সৰ্বানন্দ সোণোৱাল

গ্ৰেট নিকোবাৰ দ্বীপৰ গালাথিয়া বে’ত স্থাপন কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ (আইচিটিপি) , ই এটা ডাঙৰ ট্ৰেন্সশ্বিপমেণ্ট হাব হিচাপে কাম কৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে সামগ্ৰিক উন্নয়নৰ বিষয়ত গুৰুত্ব দিয়া আৰু তেওঁৰ ‘পৰিবহনৰ জৰিয়তে ৰূপান্তৰ’ৰ মন্ত্ৰই ভাৰতৰ সামুদ্ৰিক খণ্ডত এক পৰিৱৰ্তনৰ বতাহ বোলাইছে: শ্ৰী সৰ্বানন্দ সোণোৱাল

পাঁচখন ৰাজ্যত স্থাপন হ’ব জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি ক্লাষ্টাৰ – গুজৰাট, মহাৰাষ্ট্ৰ, কেৰালা, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত: শ্ৰী সোণোৱাল

হাইড্ৰজেন উৎপাদন হাব স্থাপনৰ বাবে ডিপিএ আৰু ভিঅ’চিপিএত আবণ্টন দিয়া

Posted On: 25 SEP 2024 4:28PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী  শ্ৰী সৰ্বানন্দ সোণোৱালে আজি এক  সংবাদমেলত চৰকাৰৰ  প্ৰথম ১০০ দিনৰ ভিতৰত মন্ত্ৰালয়ে লাভ কৰা উল্লেখযোগ্য মাইলৰ খুঁটিসমূহৰ বিষয়ে  বিস্তৃত আভাস দাঙি ধৰে। তেওঁ ভাৰতৰ সামুদ্ৰিক খণ্ডক উন্নতিৰ দিশেৰে  ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।  মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃতকাল ভিজন ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি  এই সংবাদমেল অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানৰ আৰম্ভণিতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি.কে. ৰামচন্দ্ৰনে, মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে , ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চৰকাৰে গ্ৰহণ কৰা  সক্ৰিয় পদক্ষেপৰ বিষয়ে  আলোকপাত  কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ ‘সমৃদ্ধিৰ বাবে বন্দৰ আৰু প্ৰগতিৰ বাবে বন্দৰ’ দৃষ্টিভংগী ভাৰতৰ সামুদ্ৰিক পৰিৱৰ্তনৰ মূল শিলাস্তম্ভ হৈ পৰা বুলি উল্লেখ কৰি তথা  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত দি অহা  অটল নিৰ্দেশনাক স্বীকাৰ কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে ভাষণৰ আৰম্ভণি কৰে। তেওঁ তেওঁৰ ভাষণত  আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে সামগ্ৰিক উন্নয়নৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি আহিছে আৰু তেওঁৰ ‘পৰিবহনৰ জৰিয়তে ৰূপান্তৰ’ৰ মন্ত্ৰই ভাৰতৰ সামুদ্ৰিক পৰিৱেশক সম্পূৰ্ণ ৰূপে সলাই পেলোৱাৰ দিশত আগবাঢ়িছে।সোণোৱালে কয়- “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সামগ্ৰিক উন্নয়নৰ বিষয়ত গুৰুত্ব দিয়া আৰু তেওঁৰ ‘পৰিবহনৰ জৰিয়তে ৰূপান্তৰ’ ৰ মন্ত্ৰই ভাৰতৰ সামুদ্ৰিক খণ্ডত এক লক্ষ্যণীয়  পৰিৱৰ্তনৰ আনিবলৈ সক্ষম হৈছে। সামুদ্ৰিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই চৰকাৰৰ দায়বদ্ধতাই সমগ্ৰ দেশতে অভূতপূৰ্ব অৰ্থনৈতিক বিকাশৰ পথ প্ৰশস্ত কৰি তুলিছে আৰু উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিছে। জলপথ ভাৰতৰ নতুন ঘাইপথলৈ পৰিণত হৈছে।”

তেওঁ প্ৰধানমন্ত্ৰী  মোদীৰ নিৰ্দেশনাত মন্ত্ৰালয়ে গ্ৰহণ কৰা ডাঙৰ পদক্ষেপসমূহৰ বিষয়ে আৰু বিশদভাৱে উল্লেখ কৰে। তেনে পদক্ষেপসমূহৰ জড়িয়তে বন্দৰৰ আন্তঃগাঁথনি বৃদ্ধি, ব্যৱসায়ত  সহজতা উন্নত কৰি তোলা, বহনক্ষমতাৰ প্ৰসাৰ কৰা আৰু নিয়োগৰ সুযোগ সৃষ্টিৰ দিশত লক্ষ্য স্থিৰ কৰা  বুলি মন্ত্ৰী সোণোৱালে কয়।

"কামৰাজাৰ বন্দৰ স্থাপনৰ ২৫ বছৰৰ পাছত বাধ্বন বন্দৰৰ সংযোজনে ভাৰতৰ সামুদ্ৰিক যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, লগতে শেহতীয়াকৈ গালাথিয়া উপসাগৰক এটা ডাঙৰ বন্দৰ হিচাপে চিহ্নিত ।  অহা পাঁচ বছৰত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে  কণ্টেইনাৰ পৰিচালনাক নিযুত   টিইইউত উপনীত কৰোৱাবলৈ প্ৰকল্প গ্ৰহণ কৰিছে, যাৰ ফলত সমগ্ৰ দেশতে ২০ লাখ চাকৰিৰ সুযোগ সৃষ্টি হ’ব। কেৱল জেএনপিএই বৰ্তমানৰ ৬.৬ নিযুত টিইইউৰ পৰা ১০ নিযুতলৈ নিজৰ পৰিচালনা  ক্ষমতা বৃদ্ধি কৰিব।”

 

"জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ কৌশলগত গুৰুত্বক স্বীকাৰ কৰি মন্ত্ৰালয়ে মহাৰাষ্ট্ৰ, কেৰালা, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, আৰু গুজৰাটত  ক্লাষ্টাৰ গঢ়ি তুলিছে। আমি কণ্ডলা আৰু ভিঅ'চি বন্দৰতো হাইড্ৰ'জেন উৎপাদন কেন্দ্ৰৰ উন্নয়নৰ বাবে ৩,৯০০ একৰতকৈ অধিক মাটি আবণ্টন দিছো।"  ভাৰতক স্বচ্ছ শক্তিৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপেপৰিগণিত কৰা হ’ব। ইয়াৰ উপৰি আমি আগন্তুক ‘সাগৰমন্থন: দ্য গ্ৰেট অ’চেন কনফাৰেন্স’ৰ বাবে আগ্ৰহেৰে বাট চাই আছো, যি সন্মিলন  নৱেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত হ’ব, য’ত সাগৰৰ বহনক্ষমতা আৰু নীলা অৰ্থনীতিৰ গুৰুত্ব বৃদ্ধিৰ বিষয়ত বিশেশভাবে আলোকপাত কৰা হ’ব।’

 

 

 

মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সামুদ্ৰিক সামৰ্থ্য বৃদ্ধি কৰা আৰু সামগ্ৰিক খণ্ডৰ উন্নয়নত অৰিহণা যোগোৱা ফ্লেগশ্বিপ প্ৰকল্পৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি মন্ত্ৰালয়ৰ সাফল্যসমূহ উপস্থাপন কৰে। তেওঁ ২৯৮ এমএমটিপিএ ক্ষমতাৰে সকলো বতৰৰে উপযোগী গভীৰ পানীৰ অন্যতম বৃহৎ বন্দৰ হ’বলৈ সাজু হোৱা একবিংশ শতিকাৰ ভাৰতৰ প্ৰথমটো বৃহৎ বন্দৰ প্ৰকল্প বাধ্বন বন্দৰৰ বিষয়ত বিশেশভাবে  গুৰুত্ব আৰোপ কৰে।

 

এই মেগা বন্দৰটোৱে ১.২ নিযুত  নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু বিশ্বৰ শীৰ্ষ ১০টা কণ্টেইনাৰ বন্দৰৰ ভিতৰত ভাৰতীয় বন্দৰ এটাক স্থান দিব, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় জাহাজ সংযোগৰ যথেষ্ট উন্নতি হ’ব আৰু ট্ৰেনজিটৰ সময় তথা  খৰচ হ্ৰাস পাব।

 

 

 

আন এটা মূল প্ৰকল্পৰ বিষয়ত  আলোকপাত কৰি সোণোৱালে কয় যে ইষ্ট ক’ষ্টৰ টুটিক’ৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল, যিয়ে এটা ডাঙৰ ট্ৰেন্সশ্বিপমেণ্ট হাব হিচাপে কাম কৰিব, প্ৰতিটো কণ্টেইনাৰত ২০০ মাৰ্কিন ডলাৰ পৰ্যন্ত ৰাহি কৰিব পৰা যাব আৰু আনুমানিক বাৰ্ষিক ৪ নিযুত মাৰ্কিন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ সঞ্চয় কৰাত সহায় কৰিব।

 

ইজ অৱ ডুয়িং ব্যৱসায়িক পদক্ষেপৰ নীতি আৰু কাৰ্য্যকৰী সহযোগিতাক লাভাৱান্বিত কৰিবলৈ ভাৰতীয় সামুদ্ৰিক কেন্দ্ৰ (আই এম চি) স্থাপন, সামুদ্ৰিক বিবাদ নিষ্পত্তি সুশৃংখলিত কৰিবলৈ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ (আই আই এম ডি আৰ চি) আৰু সাগৰ আংকালান গাইডলাইনে  বন্দৰৰ পৰিৱেশ, বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰা আদিত সহায় কৰিব। ইয়াৰ উপৰি অত্যাধুনিক জাহাজ লিফ্ট আৰু ৱৰ্ক ষ্টেচনেৰে সজ্জিত কোচিন শ্বিপয়াৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধা (আই এছ আৰ এফ)ত কাম আৰম্ভ হোৱাৰ ফলত ভাৰত জাহাজ মেৰামতিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশৰ মাজত  স্থানত স্থান লাভ কৰিব।

 

মন্ত্ৰালয়ে বন্দৰ নেতৃত্বাধীন ঔদ্যোগিক উন্নয়নৰ বাবে ২০০ একৰ বেদখল কৰা মাটি পুনৰ উদ্ধাৰ কৰি দীনদয়াল বন্দৰ বেদখল উচ্ছেদ   সফলতাৰে সম্পন্ন কৰিছে। প্ৰধান বন্দৰসমূহৰ প্ৰদৰ্শন উন্নত হৈছে, ২০২৪ চনত যাতায়াত ৪.৮৭% বৃদ্ধি পাইছে  আৰু বিশ্ব বেংকৰ কণ্টেইনাৰ বন্দৰৰ পৰিৱেশন সূচকাংকত বিশাখাপট্টনম বন্দৰ শীৰ্ষ ২০ টাৰ ভিতৰত আছে। সেউজীকৰণ পদক্ষেপৰ অংশ হিচাপে মন্ত্ৰালয়ে সেউজ টাগ  পৰিৱৰ্তন কাৰ্যসূচী আৰম্ভ কৰিছে আৰু দীনদয়াল বন্দৰত সেউজ হাইড্ৰজেন প্ৰকল্পৰ বাবে মাটি আবণ্টন দিছে। ক্ৰুজ পৰ্যটনত বিশাখাপট্টনমৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল কাৰ্যকৰী কৰা হৈছে, যাৰ ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাইছে।

 

 

 

বন্দৰ, জাহাজ, আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি.কে. ৰামচন্দ্ৰনে, মন্ত্ৰালয়ৰ কৌশলগত পদক্ষেপসমূহৰ এক বিস্তৃত আভাস দাঙি ধৰে। তেওঁ সামুদ্ৰিক আন্তঃগাঁথনি শক্তিশালী কৰা, বিনিয়োগক আগুৱাই নিয়া  আৰু ব্যৱসায়ত সহজতা বৃদ্ধিৰ লক্ষ্যৰে মূল সংস্কাৰৰ বিষয়ত আলোকপাত কৰে।

 

“এই চৰকাৰৰ প্ৰথম ১০০ দিনত মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ সংস্কাৰৰ আঁচনি ৰূপায়ণৰ বাবে সাহসী পদক্ষেপ গ্ৰহণ কৰিছে, যেনে ভাৰতীয় সামুদ্ৰিক কেন্দ্ৰ আৰু ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ স্থাপন, যিবোৰে  ভাৰতক সামুদ্ৰিক আন্তঃগাঁথনি আৰু লজিষ্টিকছত বিশ্বৰ অগ্ৰণী দেশ  হিচাপে স্থান দৃঢ় কৰিব । আমি মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃতকাল ভিজন ২০৪৭ৰ অভিলাষী লক্ষ্যত উপনীত হোৱাৰ পথত আগবাঢ়িছো, যিয়ে বহনক্ষম বৃদ্ধি, বৰ্ধিত সংযোগ, আৰু ব্যৱসায়ত  সহজতা বৃদ্ধিৰ  বিষয়ত গুৰুত্ব আৰোপ কৰে”, এম অ’ পি এছ ডব্লিউৰ সচিব শ্ৰী টি কে ৰামচন্দ্ৰনে এনেদৰে উল্লেখ কৰে।

সংবাদমেলত  ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা ২০ সংখ্যক সামুদ্ৰিক ৰাজ্য উন্নয়ন পৰিষদৰ বৈঠকৰ  কথাও উল্লেখ কৰা হয়, য’ত বিভিন্ন ৰাজ্যৰ মেগা জাহাজ নিৰ্মাণ উদ্যানৰ উন্নয়ন বিশেষ আকৰ্ষণৰ  কেন্দ্ৰবিন্দু আছিল। ইয়াৰ উপৰি ২০২৪ চনৰ আগষ্ট মাহত নাগাপট্টিনাম বন্দৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ প্ৰকল্পক বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে   অনুমোদন জনোৱাৰ বিষয়টোও বিশেষভাবে উল্লেখ কৰা হয়।  যাৰ লক্ষ্য হৈছে নাগাপট্টিনাম (ভাৰত) আৰু কাংকেসন্থুৰাই (শ্ৰীলংকা)ৰ মাজত যাত্ৰীবাহী ফেৰী সেৱা আৰম্ভ কৰা, আঞ্চলিক সংযোগ, বাণিজ্য, পৰ্যটন, আৰু অৰ্থনৈতিক সুযোগ বৃদ্ধি কৰা।

 

শ্ৰী সৰ্বানন্দ সোণোৱালে, ভাৰতৰ সামুদ্ৰিক খণ্ডক অধিক উন্নত কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়ৰ আগন্তুক অগ্ৰাধিকাৰসমূহৰ ৰূপৰেখা দাঙি ধৰে। মূল পদক্ষেপসমূহৰ ভিতৰত আছে গ্ৰেট নিকোবৰ দ্বীপৰ গালাথিয়া বে’ত আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট বন্দৰৰ (আইচিটিপি) কাম আৰম্ভ কৰা, যিয়ে এটা ডাঙৰ ট্ৰেন্সশ্বিপমেণ্ট হাব হিচাপে কাম কৰিব। জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰিবলৈ জাহাজ নিৰ্মাণত আৰ্থিক সাহায্য নীতি সম্প্ৰসাৰণ কৰাৰ লগতে ঘৰুৱা জাহাজৰ মালিকীস্বত্ব বৃদ্ধিৰ বাবে সামুদ্ৰিক উন্নয়ন পুঁজি স্থাপন কৰা হ’ব। ইবিএছ পৰ্টেল (প’ৰ্ট অপাৰেটিং চিষ্টেম)ৰ জৰিয়তে ডিজিটেলাইজেশ্যনৰ জৰিয়তেও মন্ত্ৰালয়ে কাৰ্য্যকৰী দক্ষতা বৃদ্ধি কৰিবলৈ সাজু হৈছে, যিটো পাঁচটা ডাঙৰ বন্দৰত কৰা হ’ব, যাৰ ফলত লজিষ্টিক খৰচ হ্ৰাস পাব আৰু বন্দৰৰ কাৰ্য্যকলাপ সুশৃংখলিত হ’ব।

 

জাহাজৰ সুৰক্ষা, সাগৰীয় প্ৰদূষণ, আৰু সামুদ্ৰিক দায়বদ্ধতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় উত্তম পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰা মাৰ্চেণ্ট শ্বিপিং বিলৰ অধিসূচনাৰ লগতে উপকূলীয় জাহাজ বিধেয়কৰ লগতে প্ৰতিযোগিতামূলক উপকূলীয় জাহাজ চলোৱাৰ পৰিৱেশ গঢ়ি তোলা, পৰিবহণ ব্যয় হ্ৰাস কৰা, ভাৰতীয় জাহাজসমূহৰ প্ৰচাৰ কৰা আদিও উল্লেখ কৰা হৈছে আৰু অভ্যন্তৰীণ জলপথৰ সৈতে সামুদ্ৰিক পৰিবহণ একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

বহনক্ষমতাৰ ক্ষেত্ৰত হৰিট নাউকা আঁচনিখনে আভ্যন্তৰীণ জাহাজক সেউজ ইন্ধনলৈ পৰিৱৰ্তনক প্ৰসাৰিত কৰিব আৰু হাইড্ৰজেন চালিত জাহাজ কোচিন শ্বিপয়াৰ্ডত নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি ভাৰতক প্ৰধান ক্ৰুজিং গন্তব্যস্থান হিচাপে স্থান দিবলৈ ক্ৰুজ ইণ্ডিয়া মিছন আৰম্ভ কৰা হ’ব, য’ত ক্ৰমে  বৃদ্ধি পোৱা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ পৰ্যটনৰ বাবে গোৱাত মৰ্মুগাও বন্দৰ ক্ৰুজ টাৰ্মিনেল কাৰ্যকৰী কৰা হ’ব।

 

 ‘মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত যাত্ৰা অব্যাহত ৰখাৰ সময়ত ভাৰতৰ সামুদ্ৰিক খণ্ডক ৰূপান্তৰিত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো। আন্তঃগাঁথনি বৃদ্ধি, ব্যৱসায় কৰাত সহজতা, আৰু বহনক্ষমতাৰ ওপৰত আমাৰ মনোনিৱেশেৰে আমি দেশখনক বিশ্বব্যাপী সামুদ্ৰিক ক্ষেত্ৰত শক্তিশালী স্থানত উপনীত কৰোৱাবলৈ  আগুৱাই লৈ গৈছো”, শ্ৰী সোণোৱালে লগতে কয়।

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে সামুদ্ৰিক ভাৰত দৃষ্টিভংগী ২০৩০ৰ অধীনত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত দৃঢ়তাৰে মনোনিৱেশ কৰিছে।এই প্ৰচেষ্টাসমূহ বহনক্ষম বৃদ্ধি নিশ্চিত কৰা, উদ্ভাৱনক প্ৰতিপালন  কৰা আৰু এনে নিয়োগৰ সুযোগ সৃষ্টিৰ দিশত নিৰ্দেশিত যিয়ে ভাৰতৰ সামুদ্ৰিক খণ্ডক বিশ্বজুৰি গুৰুত্বপূৰ্ণ কৰি তুলিব। 

 

প্ৰশ্নোত্তৰ অধিবেশনৰ জৰিয়তেস সংবাদমেলৰ সামৰণি  মৰা হয় । আজিৰ এই সংবাদমেলত  সাংবাদিকসকলে মন্ত্ৰী আৰু সচিব উভয়ৰে সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপনৰ সুবিধা লাভ কৰে।



(Release ID: 2058741) Visitor Counter : 9


Read this release in: English , Urdu , Hindi , Tamil