বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত এন পি এছ বাৎসল্যৰ শুভাৰম্ভ কৰে

বিকশিত ভাৰত@২০৪৭ সৃষ্টিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী পূৰণৰ দিশত এন পি এছ বাৎসল্য এক গুৰুত্বপূৰ্ণ অংশীদাৰ : শ্ৰীমতী সীতাৰমণ
এন পি এছ বাৎসল্য আঁচনি হৈছে সৰ্বাংগীণ অৰ্থনৈতিক উন্নয়নৰ দিশত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ : কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰী
শেহতীয়া সংস্কাৰসমূহে পেঞ্চন কভাৰেজৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে, যাৰ লক্ষ্য হৈছে অধিক সামগ্ৰীৰ জৰিয়তে অধিক অন্তৰ্ভুক্তি ব্যৱস্থা সৃষ্টি কৰা : ডি এফ এছ সচিব
এন.পি.এছ. বাৎসল্য হৈছে সকলোৰে বাবে সামাজিক সুৰক্ষা প্ৰদানৰ সামগ্ৰিক উদ্দেশ্যৰ অধীনত চৰকাৰৰ দূৰদৰ্শী দৃষ্টিভংগী : পি.এফ.আৰ.ডি.এ. অধ্যক্ষ


কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এন পি এছ বাৎসল্যত ছাবস্ক্ৰাইব কৰাৰ বাবে অনলাইন প্লেটফৰ্ম মুকলি কৰাৰ লগতে এই আঁচনিৰ পুস্তিকাও মুকলি কৰে

Posted On: 18 SEP 2024 8:15PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত নাবালকৰ বাবে এখন পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা বাৎসল্য (এন পি এছ বাৎসল্য) মুকলি কৰে। ২০২৪ চনৰ ২৩ জুলাইত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এন পি এছ বাৎসল্য ঘোষণা কৰিছিল।

কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰী; বিত্তীয় সেৱা বিভাগৰ সচিব (ডি এফ এছ) শ্ৰী নাগাৰাজু মাদ্দিৰালা আৰু ভাৰতীয় পেঞ্চন পুঁজি নিয়ামক প্ৰাধিকৰণৰ (পিএফআৰডিএ)ৰ অধ্যক্ষ শ্ৰী দীপক মোহান্তিৰ উপৰি ডিএফএছ আৰু পিএফআৰডিএৰ জ্যেষ্ঠ বিষয়াসকল, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু অন্যান্য সন্মানীয় অতিথিসকল উপস্থিত থাকে।

একেসময়তে সমগ্ৰ দেশৰ ৭৫টা স্থানত এন.পি.এছ. বাৎসল্যৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত নাবালক গ্ৰাহকক ২৫০টাতকৈও অধিক পি আৰ এন বিতৰণ কৰা হৈছিল। সকলো স্থানতে বিদ্যালয়লৈ যোৱা শিশুসকলে উৎসাহেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানতে  কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এনপিএছ বাৎসল্যৰ ছাবস্ক্ৰাইব লোৱাৰ বাবে এটা অনলাইন প্লেটফৰ্মও মুকলি কৰে আৰু আঁচনিখনৰ পুস্তিকা এখনো মুকলি কৰে।

শ্ৰীমতী সীতাৰমণে এনপিএছ বাৎসল্য আঁচনিৰ বিশেষত্বসমূহৰ বিৱৰণ থকা এখন পুস্তিকাও মুকলি কৰে।

শ্ৰীমতী সীতাৰমণ আৰু শ্ৰী চৌধুৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাবালক গ্ৰাহকসকলক স্থায়ী অৱসৰ একাউণ্ট নম্বৰ (পিআৰএএন) কাৰ্ড বিতৰণ কৰে।

উদ্বোধনী অনুষ্ঠানৰ মূল ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে বিকশিত ভাৰত@২০৪৭ সৃষ্টিৰ ক্ষেত্ৰত এই আঁচনিখন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগী পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ উপাদান হ’ব।

শ্ৰীমতী সীতাৰমণে কয় যে এন পি এছ বাৎসল্য হৈছে সকলো নাগৰিকৰ বাবে দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰসাৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গ্ৰাহকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উপৰি, এন.পি.এছ. বাৎসল্য পৰিয়ালৰ বৃদ্ধ আৰু যুৱ সদস্যসকলক আৱৰণ প্ৰদান কৰি আন্তঃপ্ৰজন্মৰ সমতাৰ নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

এন পি এছ বাৎসল্য আঁচনিয়ে যুৱ গ্ৰাহকসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিব আৰু চক্ৰবৃদ্ধি হাৰৰ শক্তিৰ জৰিয়তে বৃহৎ সম্পদ জমা কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আঁচনিখনে মানুহৰ বৃদ্ধ বয়সত মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰিব।

অটল পেঞ্চন যোজনাৰ সফলতাক প্ৰশংসা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “২০১৫ চনত ইয়াৰ আৰম্ভণিৰ পৰাই ৬.৯০ কোটি লোকে অটল পেঞ্চন যোজনাত চাবস্ক্ৰাইব কৰিছে আৰু ৩৫,১৪৯ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰা হৈছে।”

এন পি এছ আঁচনিৰ আৰম্ভণিৰ পৰাই প্ৰতিযোগিতামূলক ৰিটাৰ্ণত আলোকপাত কৰি শ্ৰীমতী সীতাৰমণে কয়, “চৰকাৰী খণ্ডৰ বাবে এন পি এছে ইয়াৰ আৰম্ভণিৰ পৰাই গড়ে ৯.৫% চক্ৰবৃদ্ধি বাৰ্ষিক বিকাশৰ হাৰ (চি এ জি আৰ) ৰিটাৰ্ণ দিছে।”

তদুপলক্ষে অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পংকজ চৌধুৰীয়ে কয় যে এন পি এছ বাৎসল্য আঁচনি সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নৰ দিশত চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ আৰু এই আঁচনি ৰূপায়ণৰ সৈতে জড়িত সকলো প্ৰতিষ্ঠানকে সৰ্বাধিক কভাৰেজ আৰু সংপৃক্ততা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

এই উপলক্ষে দিয়া ভাষণত ডি এফ এছৰ সচিব শ্ৰী নাগাৰাজু মাদ্দিৰালাই এন পি এছ আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ আৰু প্ৰসাৰৰ বাবে বেংককে ধৰি অন্যান্য অংশীদাৰসকলৰ সহযোগিতামূলক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্বাৰোপ কৰে।

শ্ৰী মাদ্দিৰালাই কয় যে অনানুষ্ঠানিক খণ্ডৰ অধিক শ্ৰমিকক পেঞ্চনৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। অৱসৰ পৰিকল্পনাৰ গুৰুত্ব আৰু পেঞ্চন আঁচনিত অংশগ্ৰহণৰ সুবিধাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ডি এফ এছৰ দ্বাৰা পেঞ্চনৰ দিশলৈ লক্ষ্য কৰি ব্যাপক বিত্তীয় শিক্ষা আৰু সাক্ষৰতা অভিযান ৰূপায়ণ কৰা হয়।

শ্ৰী মাদ্দিৰালাই কয়, ‘ভাৰতত পেঞ্চন খণ্ড এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আছে। শেহতীয়া সংস্কাৰে পেঞ্চন কভাৰেজৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে, যাৰ লক্ষ্য হৈছে অধিক সংখ্যক উপায়েৰে অধিক সামগ্ৰী আগবঢ়াই অধিক অন্তৰ্ভুক্তি ব্যৱস্থা সৃষ্টি কৰা। আমি সংস্কাৰ অব্যাহত ৰাখিব লাগিব আৰু গ্ৰাহকৰ মতামত তথা উদ্বেগ গ্ৰহণ কৰি অধিক অন্তৰ্ভুক্তি আৰু বহনক্ষম পেঞ্চন ব্যৱস্থা গঢ়ি তোলাৰ চেষ্টা কৰিছোঁ।”

উন্মোচনী অনুষ্ঠানত দিয়া ভাষণত পিএফআৰডিএৰ অধ্যক্ষ ড০ দীপক মোহান্তিয়ে কয়, “সকলোৰে বাবে সামাজিক সুৰক্ষা প্ৰদানৰ সামগ্ৰিক লক্ষ্যৰ অধীনত চৰকাৰৰ দূৰদৰ্শী চিন্তাধাৰাৰ দৃষ্টিভংগীয়েই আজি এনপিএছ বাৎসল্য মুকলি কৰা হৈছে। ই আমাক চক্রবৃদ্ধি সুতৰ শক্তিক বুজিবলৈ সক্ষম কৰে, যাৰ ফলত সময়ৰ লগে লগে আমাৰ নৱ প্রজন্মৰ আর্থিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে যথেষ্ট পৰিমাণৰ সম্পদ সঞ্চয়ৰ সম্ভাৱনা আছে৷”

পেঞ্চনৰ ক্ষেত্ৰত আগতীয়া আৰম্ভণি হৈছে এক ফলপ্ৰসূ মুখ্য সুবিধা : কম কম পৰিমাণৰ পুঁজি জমা কৰি চক্ৰবৃদ্ধি সুতৰ শক্তি ব্যৱহাৰেৰ যথেষ্ট পৰিমাণৰ পুঁজি লাভ কৰিব পাৰে। মানুহৰ প্ৰায়ে বিভিন্ন বিত্তীয় অগ্ৰাধিকাৰ থাকে আৰু জীৱনৰ পিছৰ কালছোৱালৈকে অৱসৰৰ পৰিকল্পনাৰ কথা সদায় বিবেচনা নকৰিবও পাৰে যাৰ ফলত প্ৰায়ে বৃদ্ধ বয়সৰ উপাৰ্জন অপৰ্যাপ্ত হয়। সেয়েহে আগতীয়াকৈ সঞ্চয় আৰু বিনিয়োগৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে এক পেঞ্চন আঁচনিৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল।

এন.পি.এছ. বাৎসল্যৰ যোগ্যতা নিম্নলিখিত ধৰণৰ ঃ

  1. সকলো নাবালক (বয়স ১৮ বছৰৰ তলৰ)।
  2. নাবালকৰ নামত একাউণ্ট খুলি পিতৃ-মাতৃ বা অভিভাৱকৰ দ্বাৰা সেইটো পৰিচালিত কৰিব পাৰিব। নাবালক ইয়াৰ হিতাধিকাৰী হ’ব।
  3. পিএফআৰডিএৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন উপস্থিতি কেন্দ্ৰ, যেনে- আগশাৰীৰ বেংক, ইণ্ডিয়া পোষ্ট, পেঞ্চন নিধি আৰু অনলাইন প্লেটফৰ্ম (ই-এনপিএছ)ৰ জৰিয়তে আঁচনিখন মুকলি কৰিব পাৰি।
  4. গ্ৰাহকে বছৰি নূন্যতম ১০০০/- টকা বৰঙণি আগবঢ়াব লাগিব। সৰ্বাধিক অৰিহণাৰ কোনো সীমা নাই।
  5.  পিএফআৰডিএই গ্ৰাহকসকলক একাধিক বিনিয়োগৰ বিকল্প প্ৰদান কৰিব। গ্ৰাহকে বিপদাশংকা আৰু আকাংক্ষিত ৰিটাৰ্ণৰ ওপৰত ভিত্তি কৰি চৰকাৰী ছিকিউৰিটি, কৰ্পৰেট ঋণ আৰু ইকুইটিত বিভিন্ন অনুপাতত বিনিয়োগ কৰিব পাৰে।
  6. প্ৰাপ্তবয়স্ক হোৱাৰ পিছত, আঁচনিখন সহজে সাধাৰণ এনপিএছ একাউণ্টলৈ ৰূপান্তৰ কৰিব পাৰি।

****

NB/KMN/KD
 



(Release ID: 2056698) Visitor Counter : 19