প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৃষকসকলৰ কল্যাণৰ বাবে সকলো প্ৰচেষ্টা আৰু সিদ্ধান্ত লোৱা হ'ব
Posted On:
14 SEP 2024 6:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ কল্যাণৰ বাবে কৃষকৰ উপাৰ্জন আৰু গ্ৰাম্যাঞ্চসত নিয়োগ বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰে।
কৃষি আয় আৰু গ্ৰাম্য নিযুক্তি বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তসমূহৰ সন্দৰ্ভত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে পিয়াজৰ ৰপ্তানি শুল্ক হ্ৰাস কৰাই হওক বা খোৱা তেলত আমদানি শুল্ক বৃদ্ধি কৰাই হওক, এনে সিদ্ধান্তই আমাৰ খাদ্যসামগ্ৰীৰ উৎপাদকসকলক যথেষ্ট লাভান্বিত কৰিব। এই সিদ্ধান্তসমূহে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে গ্ৰাম্য অঞ্চলত নিযুক্তিৰ সুযোগো বৃদ্ধি কৰা হ'ব।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’ত লিখিছে;
"দেশৰ খাদ্য সুৰক্ষাৰ বাবে যিসকলে দিন-ৰাতি কাম কৰি আছে আমি আমাৰ সেইসকল কৃষক ভাই-ভনীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই। পিঁয়াজৰ ৰপ্তানি শুল্ক হ্ৰাস কৰা ই হওঁক বা খোৱা তেলৰ আমদানি শুল্ক বৃদ্ধি কৰাই হওঁক এনে বহুতো সিদ্ধান্তই আমাৰ খাদ্য প্ৰদানকাৰীসকলক যথেষ্ট লাভান্বিত কৰিব। ই কেৱল তেওঁলোকৰ উপাৰ্জনেই বৃদ্ধি নকৰে, লগতে গ্ৰাম্য অঞ্চলত নিযুক্তিৰ সুযোগো বৃদ্ধি কৰিব।”
****
MJPS/ST/KB
(Release ID: 2055942)
Visitor Counter : 34
Read this release in:
Telugu
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam