প্ৰতিৰক্ষা মন্ত্ৰালয়

ৰাজস্থানত ভাৰত-মাৰ্কিন যুটীয়া সামৰিক অনুশীলন যুদ্ধ অভ্যাস আৰম্ভ

Posted On: 09 SEP 2024 2:45PM by PIB Guwahati

ভাৰত-মাৰ্কিনৰ যুটীয়া সামৰিক অনুশীলন যুদ্ধ অভ্যাস-২০২৪ৰ বিংশ সংস্কৰণ আজিৰে পৰা ৰাজস্থানৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জৰ বিদেশী প্ৰশিক্ষণ ন’ডত আৰম্ভ হৈছে। ৯ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰ, ২০২৪লৈ অনুষ্ঠিত হ’বলগীয়া এই অনুশীলন ২০০৪ চনৰ পৰা বছৰি ভাৰত আৰু আমেৰিকাৰ মাজত পৰ্যায়ক্ৰমে অনুষ্ঠিত হৈ আহিছে।

এই সংস্কৰণত সৈন্যৰ শক্তি আৰু সঁজুলিৰ ক্ষেত্ৰত যুটীয়া অনুশীলনৰ পৰিসৰ আৰু গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। ৬০০জনীয়া ভাৰতীয় সেনাৰ দলটোক ৰাজপুট ৰেজিমেণ্টৰ এটা বেটেলিয়নৰ লগতে অন্যান্য অস্ত্ৰ-শস্ত্ৰ আৰু সেৱাৰ জোৱানে প্ৰতিনিধিত্ব কৰিছে৷ একেধৰণৰ শক্তিৰে গঠিত আমেৰিকাৰ দলটোক প্ৰতিনিধিত্ব কৰিব আমেৰিকান সেনাৰ আলাস্কাস্থিত ১১নং এয়াৰবৰ্ণ ডিভিজনৰ ১-২৪ বেটেলিয়নৰ সৈনা বাহিনীয়ে।

ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ৰ অধীনত কেতবোৰ পৰিস্থিতিত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাবলৈ দুয়োপক্ষৰ যুটীয়া সামৰিক সামৰ্থ্য বৃদ্ধি কৰাটোৱেই এই অনুশীলনৰ লক্ষ্য। অনুশীলনত অৰ্ধমৰুভূমিৰ পৰিৱেশত সম্পাদিত কাৰ্য্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

অনুশীলনৰ সময়ত আখৰা কৰিবলগীয়া কৌশলগত অনুশীলনসমূহৰ ভিতৰত আছে সন্ত্ৰাসবাদী কাৰ্য্যৰ বিৰুদ্ধে যুটীয়াভাৱে প্ৰত্যুত্তৰ দিয়া, যৌথ পৰিকল্পনা আৰু বাস্তৱ ক্ষেত্ৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অনুকৰণ কৰা সংযুক্ত ক্ষেত্ৰ প্ৰশিক্ষণৰ অনুশীলন আদি।

যুদ্ধ অভ্যাসে যৌথ অভিযান চলোৱাৰ কৌশল, কৌশল আৰু পদ্ধতিৰ ক্ষেত্ৰত উভয় পক্ষই উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰিবলৈ সক্ষম হ’ব। ইয়াৰ জৰিয়তে দুয়োখন সেনাবাহিনীৰ মাজত আন্তঃকাৰ্য্যক্ষমতা, বনহ’মি আৰু সতীৰ্থতা বিকশিত কৰাত সহায়ক হ’ব। এই যৌথ অনুশীলনে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰিব, যাৰ ফলত দুয়োখন বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক বৃদ্ধি পাব।

 ***

SC/DB



(Release ID: 2053191) Visitor Counter : 16