প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে টিজেডএমঅ’ ইণ্ডিয়াৰ এমডি শ্ৰীমতী এলিনা পশ্লুছজ্নিক সাক্ষাৎ কৰে

Posted On: 22 AUG 2024 9:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন স্বচ্ছতা সামগ্ৰী প্ৰস্তুত কৰা পোলেণ্ডৰ আগশাৰীৰ কোম্পানী টিজেডএমঅ’ ইণ্ডিয়াৰ এমডি শ্ৰীমতী এলিনা পশ্লুছজ্নিক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে মেক ইন ইণ্ডিয়া অভিযান আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) নীতিৰ শেহতীয়া উদাৰীকৰণকে ধৰি ভাৰতৰ বিভিন্ন নীতি আৰু পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তেওঁ ভাৰতত বৃদ্ধি পোৱা বজাৰ আৰু বিনিয়োগৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখি টিজেডএমঅ’ৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে।

শ্ৰীমতী পশ্লুছজ্নিয়ে ভাৰতত দিয়া সমৰ্থন আৰু সুযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

**********

MJPS/AK



(Release ID: 2047981) Visitor Counter : 6