তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম’ৰ ‘স্ক্ৰীনৰাইটাৰ্ছ লেব (ফিচাৰ্চ) ২০২৪’-য়ে ২১ খন ৰাজ্যৰ ছগৰাকী ‘ডায়নামিক ৰাইটাৰ’ আৰু ‘স্ক্ৰিপ্ট’ উন্মোচন কৰে

হিন্দী, উৰ্দু, পাহাড়ী, পাঞ্জাৱী, অসমীয়া, মালায়ালম, কন্যাক, ইংৰাজী আৰু মৈথিলীকে ধৰি বহুকেইটা ভাষাত লিখা নিৰ্বাচিত চিত্ৰনাট্য

Posted On: 20 AUG 2024 5:26PM by PIB Guwahati

সমগ্ৰ ভাৰতৰ পৰা মৌলিক কণ্ঠস্বৰৰ বিকাশ, প্ৰতিপালন আৰু প্ৰচাৰৰ বাবে চলি থকা এক প্ৰচেষ্টা হিচাপে এনএফডিচি স্ক্ৰীনৰাইটাৰ্ছ লেব-ৰ ১৭ সংখ্যক সংস্কৰণৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি)য়ে এই বছৰ ২১ খন ৰাজ্যৰ পৰা লাভ কৰা ১৫০ তকৈয়ো অধিক আৱেদনৰ পৰা বিভিন্ন ধৰণৰ ৬ টা প্ৰকল্প বাছনি কৰিছে। বিজ্ঞাপন চলচ্চিত্ৰ, চুটি চলচ্চিত্ৰ, ঔপন্যাসিক, তথ্যচিত্ৰ আৰু ফিচাৰ ফিল্মৰো নিৰ্মাতা ছগৰাকী চিত্ৰনাট্যকাৰে হিন্দী, উৰ্দু, পাহাড়ী, পাঞ্জাৱী, অসমীয়া, মালায়ালম, কন্যাক, ইংৰাজী আৰু মৈথিলীকে ধৰি একাধিক ভাষাত নিৰ্বাচিত চিত্ৰনাট্যসমূহ ৰচনা কৰিছে।

 

স্ক্ৰীণৰাইটাৰ্ছ লেব ২০২৪-ৰ গোটটো (বাওঁফালৰ পৰা সোঁফাললৈ): ময়ূৰ পেটেল (এনএফডিচি দল), ৰীতেশ শ্বাহ (পৰামৰ্শদাতা), অনুৰীতা কে ঝা, ক্লেয়াৰ ডবিন (পৰামৰ্শদাতা), ৰোহিত চৌহান (এনএফডিচি দল), উদ্ধৱ ঘোষ, আকাশ ছাব্ৰা, পীয়ুষ শ্ৰীবাস্তৱ, ত্ৰিপৰ্ণ মৈতী, অনম ডেনিছ, মাৰ্টেন ৰবাৰ্টছ (পৰামৰ্শদাতা) বিনীতা মিশ্ৰ (এনএফডিচি দল)।

 আমি, এনএফডিচি-ত দৃঢ় ভাৱে অনুভৱ কৰোঁ যে এখন সু-লিখিত চিত্ৰনাট্যই এক আকৰ্ষণীয় কাহিনী, আকৰ্ষণীয় চৰিত্ৰ আৰু অৰ্থপূৰ্ণ সংলাপৰ ভেটি গঠন কৰে, এই সকলোবোৰেই হৈছে সফল চলচ্চিত্ৰৰ অপৰিহাৰ্য উপাদান। আমি কেৱল আমাৰ লেখকসকলক তেওঁলোকৰ অনন্য কাহিনীবোৰ ভালদৰে বিকশিত কৰাৰ বাবে প্ৰশিক্ষণ দিয়াই নহয়, লগতে উদ্যোগৰ প্ৰৱণতা আৰু অনুশীলনবোৰ মনত ৰাখি সেইবোৰ ‘ফিল্ম বজাৰ’ত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰযোজক আৰু বিনিয়োগকাৰীসকলৰ ওচৰত সফলতাৰে প্ৰস্তুত কৰিছো।"- এনএফডিচি, ফিল্ম বজাৰ দল

তিনিটা অংশৰ নিবিড় ‘স্ক্ৰীণৰাইটাৰ্ছ লেব’টো হৈছে ভাৰতৰ পৰা মৌলিক কণ্ঠস্বৰ আৰু কাহিনী বিকশিত কৰাৰ বাবে গ্ৰহণ কৰা বিশেষ উদ্যোগ ‘এনএফডিচি লেব’ৰ চলিত পদক্ষেপৰ অংশ। নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে ভাৰত আৰু সমগ্ৰ বিশ্বৰ প্ৰশংসিত চিত্ৰনাট্য বিশেষজ্ঞসকলৰ নিৰ্দেশনাত ব্যক্তিগত বাৰ্তালাপ আৰু ‘গোট অধিৱেশন’সমূহৰ জৰিয়তে বৰ্তমানে থকা চিত্ৰনাট্যসমূহক নিয়াৰিকৈ উপস্থাপন কৰাৰ বাবে এক ৫ মাহীয়া নিবিড় কাৰ্যসূচীত প্ৰসিদ্ধ পৰামৰ্শদাতাসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব। ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লক্ষ্যৰে প্ৰকল্পসমূহ ‘চলচ্চিত্ৰ বজাৰ ২০২৪’-ৰ সময়ছোৱাত এক বিশেষভাৱে আৰ্হি প্ৰস্তুত কৰা অধিৱেশনত প্ৰযোজক আৰু বিনিয়োগকাৰীসকলৰ আগত উপস্থাপন কৰাৰ দিহা কৰা হ'ব।

এনএফডিচি ‘স্ক্ৰীণৰাইটাৰ্ছ লেব ২০২৪’-ৰ বাবে নিৰ্বাচিত ৬ টা প্ৰকল্প হৈছে:

১. হাৱা মিথাই (কেণ্ডি ফ্লছ) অনুৰীতা কে ঝা – মৈথিলী আৰু হিন্দী

টুণ্ডু নামৰ এটি ৬ বছৰীয়া ল’ৰাই তেওঁৰ মাকৰ মৰম ঘূৰাই পাবলৈ তেওঁৰ আটাইতকৈ প্ৰিয় বন্ধু বুল্লুৰ সৈতে ভগৱান হনুমানজীৰ সাধুকথাৰ দ্বাৰা অনুপ্ৰাণিত হৈ সূৰ্যটোকে খাবলৈ বুলি এক হৃদয়স্পৰ্শী আৰু আকৰ্ষণীয় যাত্ৰা আৰম্ভ কৰিছিল।

 

২. আই উইল স্মাইল ইন ছেপ্টেম্বৰ - আকাশ ছাব্ৰা - হিন্দী, উৰ্দু, পাহাড়ী আৰু পাঞ্জাৱী

জীৱনৰ প্ৰেমৰ পৰা বিতাড়িত হোৱাৰ পিছত আৰু ইয়াৰ পিছত সংঘটিত হোৱা এক নিৰ্মম হতাহতিত সন্মুখৰ দাঁতকেইটামানো হেৰুওৱাবলগীয়া হোৱাৰ পিছত পুৰণি দিল্লীৰ এজন যুৱ ‘ব্ৰাছ বেণ্ড’ বাদকে অৱশেষত তেওঁৰ মুখৰ হাঁহিটো ঘূৰাই পাই জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰে।

৩. আনম ডেনিছৰ কালা কালি (দ্য আৰ্ট অব দা ডাৰ্ক) – ইংৰাজী আৰু হিন্দী

দুগৰাকী ভাই-ভনীয়ে তেওঁলোকৰ বন্ধুবৰ্গৰ লগ লাগি কেৱল তেওঁলোকৰ ওপৰত থকা এটা প্ৰজন্মগত অভিশাপ আৱিষ্কাৰ কৰিবলৈ পৰিয়ালৰ এটা মৃত্যুৰ ঘটনাৰ তদন্ত কৰে আৰু তেওঁলোকৰ পৰিয়ালৰ ক'লা যাদুৰ পৰম্পৰা ব্যৱহাৰ কৰি ইয়াৰ সমাৰণি মাৰিবলৈ প্ৰয়াস কৰে।

৪. উদ্ধৱ ঘোষৰ কন্যাক – কন্যাক নাগা, হিন্দী আৰু ইংৰাজী

সভ্যতাৰ প্ৰান্তত নাগালেণ্ডৰ পাহৰিব নোৱাৰা সৌন্দৰ্যৰ মাজত, মানুহৰ মূৰ চিকাৰ কৰা পুৰাতনীয়া জনজাতিৰ মাজত এক মাৰাত্মক বিবাদ আৰম্ভ হয়। ভৱিষ্যতবাণীমূলক দৃষ্টিভঙ্গীৰে ভাৰাক্ৰান্ত আৰু বিশ্বাসঘাতকতাৰে আক্ৰান্ত যুৱ যোদ্ধা থুংপাং কন্যাকে তেওঁলোকৰ সম্প্ৰদায়টোক সুৰক্ষা দিবলৈ আৰু তেওঁলোকৰ হেৰোৱা সন্মান পুনৰুদ্ধাৰ কৰিবলৈ এক নিৰন্তৰ প্ৰয়াসত লিপ্ত হৈছিল, তেওঁ একালৰ বন্ধু আৰু পৰৱৰ্তি সময়ত সুবিধাত পালেই তেওঁক হত্যা কৰিবলৈ উদগ্ৰীব পৰম শত্ৰুত পৰিণত হোৱা চাংবাৰ মুখামুখি হয়, যেন জীয়াই থকাৰ ক্ৰুৰ সংগ্ৰামত ভাতৃয়েইহে ভাতৃৰ বিৰুদ্ধে থিয় দিছে।

 

৫. মঙ্গল – (দি হলী বীষ্ট) ত্ৰিপৰ্ণ মৈতী - অসমীয়া, মালায়ালম আৰু হিন্দী

হাতীৰ পোৱালী হিচাপে বন্দী হোৱা মঙ্গল-য়ে মানুহৰ পৃথিৱীখনৰে একাত্ম হ’বলৈ যাওতে প্ৰেম আৰু ক্ষতি দুয়োটাৰে সন্মুখীন হ’বলগীয়া হয়। এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নি নি, হাত সলনি কৰি কৰি, মঙ্গল অৱশেষত ঈশ্বৰ হিচাপে উপাসনা কৰা এক শ্ৰদ্ধাৰ দেৱতা হৈ যায়, তথাপিও শৃংখলবদ্ধ হৈয়ে থাকে, যেতিয়ালৈকে তেওঁ মুক্ত হোৱাৰ সিদ্ধান্ত নলয়।

 

৬. পীয়ুষ কি তো...নিকল পড়ী- (টু পী অৰ নট টু পী) - পীযুষ শ্ৰীবাস্তৱ – হিন্দী

৩২ বছৰীয়া পীয়ুষ নামৰ এজন সুন্দৰ-সুঠাম যুৱকে তেওঁৰ শহুৰেকৰ প্ৰথম সাক্ষাতৰ সময়ত এক কৌতুকপূৰ্ণ দুঃস্বপ্ন যেন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া টোপোলা বিভ্ৰাটৰ ফলত তেওঁ ‘এডাল্ট ডায়েপাৰ’ অবিহনেই থাকিবলগীয়া হয়, যাৰ ফলত তেওঁ লজ্জাজনক ভাবে বিচনা তিতাৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকাত সময় কটাবলগীয়া হয়। তেওঁ তেওঁৰ বিপদ-বন্ধু পত্নীৰ সহায়ত নতুন ‘পেকেট’ এটা কিনাৰ বাবে তেওঁৰ ৰহস্য গোপনে ৰাখি এক ‘প্ৰফুল্লচিত্ত আৰু হৃদয়স্পৰ্শী’ যাত্ৰা কৰিবলগীয়া হয়।

 

পৰামৰ্শদাতাসকলৰ বিষয়ে

এই বছৰৰ পৰামৰ্শদাতাসকলৰ ভিতৰত আছে এনএফডিচি ‘স্ক্ৰীণৰাইটাৰ্ছ লেব’(ফিচাৰ্ছ)ৰ প্ৰতিষ্ঠাপক মাৰ্টেন ৰাবাৰ্টছ (নিউজিলেণ্ড), ক্লেয়াৰ ডবিন (অষ্ট্ৰেলিয়া), ৰীতেশ শ্বাহ (ভাৰত)

১. মাৰ্টেন ৰাবাৰ্টছ - চলচ্চিত্ৰ উদ্যোগত ৩০ বছৰতকৈয়ো অধিক কালৰ অভিজ্ঞতাৰ সৈতে মাৰ্টেন ৰাবাৰ্টছে প্ৰায় ৫ বছৰ নেডাৰলেণ্ডৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয় ‘আই ইণ্টাৰনেশ্যনেল’ৰ মূৰব্বী হৈ থকাৰ পিচত ‘নিউজিলেণ্ড আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ৰ ‘মহোৎসৱ-পৰিচালক’ হিচাপে শেহতীয়া ভাবে কাৰ্যনিৰ্বাহ কৰি আছিল। ইয়াৰ পূৰ্বে মাৰ্টেনে মুম্বাইৰ ‘এনএফডিচি ইণ্ডিয়া’ত ‘উন্নয়ন আৰু প্ৰশিক্ষণ বিভাগ’ৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, য'ত তেওঁ ‘এনএফডিচি লেবছ’ স্থাপন কৰিছিল, যি ‘লাঞ্চবক্স’ আৰু ‘টিটলি’ৰ দৰে চলচ্চিত্ৰৰ সফলতাত অৰিহণা যোগাইছিল। ইয়াৰ আগতে, ৰাবাৰ্টছে ১২ বছৰ ধৰি আমষ্টাৰডামৰ ‘বিঞ্জাৰ ফিল্মলেব’ৰ ‘শৈল্পিক পৰিচালক’ আছিল, যিয়ে মাইকেল ৰোচকামৰ ‘বুলহেড’, জেনিফাৰ কেণ্টৰ ‘দ্য বাবাডুক’, ফাবিঅ’ গ্ৰাচাডোনিয়া আৰু এণ্টোনিঅ’ পিয়াজ্জাৰ ‘কান বিজয়ী’ ‘ছালভো’, আৰু আদিনা পিণ্টিলিৰ ২০১৮ চনৰ ‘গোল্ডেন বেয়াৰ’ বঁটা বিজয়ী ‘টাচ মি নট’ৰ দৰে সফলতাৰ সাক্ষী হৈছিল। তদুপৰি, মাৰ্টেন ‘টৰিনো ফিল্ম লেব’ৰ ‘পৰামৰ্শদাতা পৰিষদ’ৰ প্ৰতিষ্ঠাপক সদস্য আছিল, ‘ইউৰোপীয় চলচ্চিত্ৰ একাডেমী’ৰ ‘ভোটিং সদস্য’, ‘ইউৰোপীয় চলচ্চিত্ৰ প্ৰচাৰণ বোৰ্ড’ত সেৱা আগবঢ়াইছিল, আৰু নিয়মীয়াকৈ উৎসৱৰ জুৰি হিচাপে সেৱা আগবঢ়ায়, যাৰ ভিতৰত আছে বাৰ্লিনেল (চুটি চলচ্চিত্ৰ জুৰী, ‘জেনেৰেশ্যন ফৰটিনপ্লাছ’, ‘টেডী এৱাৰ্ড’), ‘স্কিপ চিটি টকিঅ’, ‘এডিলেইড চলচ্চিত্ৰ মহোৎসৱ’, আৰু ‘গুয়ানাজুয়াটো চলচ্চিত্ৰ মহোৎসৱ’ আদিৰে জড়িত আছিল।

2. ক্লেয়াৰ ডবিন - ক্লেয়াৰ হৈছে গোলকীয় পৰিমণ্ডলত সক্ৰিয় কাহিনী সম্পাদক, কাৰ্যবাহী প্ৰযোজক, আৰু সৃজনশীল প্ৰযোজক, উন্নয়ন সংস্থা, চিত্ৰনাট্যকাৰ, প্ৰযোজক আৰু পৰিচালকৰ বিশিষ্ট সহযোগী। তেওঁ ২০০৫ চনৰ পৰা সন্মানীয় আন্তঃৰাষ্ট্ৰীয় স্ক্ৰিপ্ট ৱৰ্কশ্বপ ‘একুইনোক্স ইউৰোপ’ৰ বাবে ‘চিত্ৰনাট্য উপদেষ্টা’ হিচাপে কাম কৰি আহিছে, মুখ্য আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰী সদস্য হিচাপে অংশগ্ৰহণ কৰিছে, আৰু লগতে ইটালী, ইউক্ৰেইন, ভাৰত, নৰৱে’, দোহা, ডুবাই, ইৰাণ, জাৰ্মানী আৰু নিউজিলেণ্ডৰ দৰে বিভিন্ন স্থানত ‘ইণ্টাৰনেশ্যনেল স্ক্ৰীণৰাইটিং কৰ্মশালা’ৰ আয়োজন আৰু নেতৃত্ব দি আহিছে। ১৯৮৬ চনৰ পৰা ২০০০ চনলৈ ক্লেয়াৰে অষ্ট্ৰেলিয়াৰ ‘নেশ্যনেল স্ক্ৰীণ এজেন্সী’ত জ্যেষ্ঠ কাৰ্যবাহী (সৃষ্টিশীল)ৰ পদত অধিষ্ঠিত আছিল। ২০০৩ আৰু ২০১৯ চনৰ ভিতৰত ক্লেয়াৰে ‘মেলবৰ্ণ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ (এমআইএফএফ)ৰ সভাপতিত্ব কৰিছিল, যি ‘এমআইএফএফ’ক উদ্যোগটোৰ এক আধাৰ হিচাপে গঢ়ি তোলা পদক্ষেপসমূহৰ তদাৰক কৰিছিল। তেওঁ ‘এমআইএফএফ’-ৰ ‘আন্তৰ্জাতিক চলচ্চিত্ৰ বিত্তীয় বজাৰ’ৰ বাবে পুঁজি সদগ্ৰহ কৰিছিল আৰু ‘এমআইএফএফ প্ৰিমিয়াৰ ফাণ্ড’ স্থাপন কৰিছিল, ৫০ খনতকৈয়ো অধিক অষ্ট্ৰেলিয়ান চলচ্চিত্ৰত বিনিয়োগ কৰিছিল ‘এমআইএফএফ’-ত যিবোৰৰ ‘প্ৰিমিয়াৰ’ হৈছিল। ক্লেয়াৰৰ বিশেষ কৃতিত্বসূহৰ ভিতৰত আছে ২০১৭ চনত অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ উদ্যোগলৈ আগবঢ়োৱা সেৱাৰ বাবে ‘অৰ্ডাৰ অব অষ্ট্ৰেলিয়া’ (এএম) লাভ কৰা আৰু ২০১৯ চনত ‘ভিক্ট'ৰিয়ান স্ক্ৰীণ ইণ্ডাষ্ট্ৰী’ত উৎকৃষ্ট নেতৃত্বৰ বাবে ‘জিল ৰব বঁটা’ লাভ কৰে। বৰ্তমান, ক্লেয়াৰে কেইবাখনো চলচ্চিত্ৰৰ কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰি আছে আৰু নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ইউৰোপ, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তৰ্জাতিক ‘ফিচাৰ ফিল্ম আৰু টিভি’ শৃংখলাৰ চিত্ৰনাট্য সম্পাদনাত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

3. ৰীতেশ শ্বাহ - ৰীতেশ শ্বাহে ‘হিন্দু কলেজ’ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক (১৯৯৩-১৯৯৬) কৰিছিল আৰু ‘এমচিআৰচি’, ‘জামিয়া মিলিয়া ইছলামিয়া’ৰ পৰা ‘গণ সংযোগ পাঠ্যক্ৰম’ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ নতুন দিল্লীৰ ‘এক্ট ৱান আৰ্ট গ্ৰুপ’-ত নাট্যকাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁৰ ৰচনাসমূহৰ ভিতৰত আছে ‘ফ্ৰিঞ্জ বঁটা’ বিজয়ী ‘অথেলো – এ প্লে ইন ব্লেক এণ্ড হোৱাইট’। ৰীতেশে ১৯৯৯ চনৰ পৰা দূৰদৰ্শনত কাম কৰিবলৈ লয়। তেওঁৰ দূৰদৰ্শন বাবে লিখা কৃতিত্বসমূহৰ ভিতৰত আছে ‘জোছ’, ‘কাশ্মীৰ’, ‘কৃষ্ণ অৰ্জুন’ আৰু পুৰস্কাৰ বিজয়ী শৃংখলা ‘কাগাৰ’। ৰীতেশ শ্বাহে ‘কাহানী’ আৰু ‘নমস্তে লণ্ডন’ৰ দৰে চলচ্চিত্ৰত সংলাপ ৰচনা কৰি তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত ‘ডি-ডে’ আৰু ‘এয়াৰলিফ্ট’ৰ দৰে চলচ্চিত্ৰৰ সহ-লিখক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ একক চিত্ৰনাট্য আৰু সংলাপৰ কৃতিত্বসমূহৰ ভিতৰত আছে ‘বি.এ. পাছ’, ‘চিটিলাইটছ’, ‘ফৰ্চ’, সমালোচকৰ দ্বাৰা প্ৰশংসিত ‘পিংক এণ্ড ৰেইড’ৰ দৰে চলচ্চিত্ৰ। ৰীতেশ শ্বাহক ‘বি.এ. পাছ’ৰ বাবে ‘শ্ৰেষ্ঠ কাহিনী’ আৰু ‘ডি-ডে’ৰ বাবে ‘শ্ৰেষ্ঠ চিত্ৰনাট্য’ৰ ‘ফিল্মফেয়াৰ বঁটা’ৰ বাবে মনোনীত কৰা হৈছে যাৰ বাবে তেওঁ ‘জি চিনে এৱাৰ্ডছ’ৰ মনোনয়নো লাভ কৰিছিল। তেওঁ ‘পিংক’ৰ বাবে ‘শ্ৰেষ্ঠ সংলাপ’ৰ ‘ফিল্মফেয়াৰ’, ‘জি চিনে’ আৰু ‘ষ্টাৰ স্ক্ৰীণ বঁটা’ লাভ কৰিছিল।

পূৰ্বৱৰ্তী, ‘এনএফডিচি স্ক্ৰীণৰাইটাৰ্ছ লেব’ৰ পৰা উদ্ভৱ হোৱা আৰু  পুৰস্কাৰ লাভ কৰা প্ৰকল্পসমূহৰ ভিতৰৰ কেইটামান হৈছে ‘লাঞ্চবক্স’ (ৰীতেশ বাত্ৰা), ‘লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা’ (অলংকৃতা শ্ৰীবাস্তৱ), ‘ডম লাগা কে হেইছা’ (শৰৎ কাটাৰিয়া), ‘টিটলি’ (কানু বেহল), ‘চাব’ (অনিৰ), ‘এ ডেথ ইন দা গুঞ্জ’ (কঙ্কনা সেন শৰ্মা), ‘আইলেণ্ড চিটী’ (ৰুচিকা অবেৰয়), ‘বোম্বে ৰোজ’ (গীতাঞ্জলি ৰাও), আৰু ‘চুস্কিট’ (প্ৰিয়া ৰামাচুব্বান), ‘ইন দা বেলি অব এ টাইগাৰ’ (সিদ্ধাৰ্থ জাটলা),  ‘ফায়াৰ ইন দা মাউণ্টেইনছ’ (অজিতপাল সিং) ‘উলোঝুক্কু’ (ক্ৰিষ্টো টমি)ইত্যাদি।

*****

PPG/KS/KB



(Release ID: 2047229) Visitor Counter : 3