শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্ৰী অশোক কুমাৰ সিঙে ইএছআইচিৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰে

प्रविष्टि तिथि: 19 AUG 2024 3:05PM by PIB Guwahati

শ্ৰী অশোক কুমাৰ সিং, আইএএছে আজি ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ (ESIC) নতুন দিল্লীস্থিত মুখ্য কাৰ্য্যালয়ত ইয়াৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰে।

 

শ্ৰী অশোক কুমাৰ সিং হৈছে কেৰালা কেডাৰৰ ১৯৯৯ বেচৰ আইএএছ বিষয়া। ইয়াৰ পূৰ্বে তেওঁ কেৰালা চৰকাৰৰ জলসম্পদ বিভাগৰ প্ৰধান সচিব হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ সংগঠনসমূহৰ প্ৰশাসন আৰু পৰিচালনাৰ বিস্তৃত অভিজ্ঞতা লাভ কৰিছে।

কেন্দ্ৰীয় পৰ্য্যায়ত তেওঁ নেচনেল মিছন ফৰ ক্লীন গংগাৰ কাৰ্য্যবাহী সঞ্চালক হিচাপে, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে আৰু ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ সঞ্চালক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছে।

নতুন দিল্লীস্থিত নেচনেল ডিফেন্স কলেজৰপৰা এম ফিল ডিগ্ৰীধাৰী শ্ৰী সিং আইআইটি-কানপুৰৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক।

****

Himanshu Pathak/SB
 


(रिलीज़ आईडी: 2046662) आगंतुक पटल : 105
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Tamil