প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ স্বাধীনতা দিৱসৰ ভাষণত কয় যে ভাৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত 'আত্মনিৰ্ভৰ' হৈ পৰিছে আৰু এক বৈশ্বিক উৎপাদন কেন্দ্ৰ হিচাপে উদ্ভাসিত হৈছে

"ভাৰত আগতে সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল, আজি ই শক্তিশালী আৰু সাহসী; সশস্ত্ৰ বাহিনীয়ে আমাক ক্ষতি কৰিবলৈ চেষ্টা কৰা যিকোনো লোকক উচিত প্ৰত্যুত্তৰ দিয়ে"

Posted On: 15 AUG 2024 11:53AM by PIB Guwahati

ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত 'আত্মনিৰ্ভৰশীল' হৈ পৰিছে আৰু যোৱা কেইবছৰমানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে বৈশ্বিক উৎপাদন কেন্দ্ৰ হিচাপে উদ্ভাসিত হৈ উঠিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্ট, ২০২৪ তাৰিখে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ প্ৰতিষ্ঠিত লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এনে এটা সময় আছিল যেতিয়া প্ৰতিৰক্ষা বাজেটৰ বেছিভাগ অংশ বিদেশৰ পৰা অস্ত্ৰ/সঁজুলি সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কিন্তু তেওঁৰ চৰকাৰে দেশক স্বাৱলম্বী কৰি তুলিবলৈ থলুৱা উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ কেইবাটাও ইতিবাচক স্বদেশীকৰণ তালিকাৰ অধিসূচনাকে ধৰি কেইবাটাও সিদ্ধান্ত লোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সশস্ত্ৰ বাহিনীক প্ৰশংসা কৰে, য'ত ৫,৬০০ তকৈও অধিক সামগ্ৰী সংগ্ৰহ নিৰ্ধাৰিত সময়সীমাৰ পিছতহে কেৱল ভাৰতীয় উদ্যোগৰ পৰাহে ক্ৰয় কৰা হৈছে/ ক্ৰয় কৰা হ'ব।

তেওঁ এই বিষয়ত সন্তোষ ব্যক্ত কৰে যে এসময়ত প্ৰতিৰক্ষা সঁজুলি আমদানিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ভাৰতে আজি অসংখ্য দেশলৈ ৰপ্তানি কৰি আছে।

 

স্মৰ্তব্য যে, চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ২০২৩-২৪ বিত্তীয় বৰ্ষত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ১.২৭ লাখ কোটি টকাৰ অভিলেখ উচ্চ স্তৰত উপনীত হৈছে। একেটা বিত্তীয় বৰ্ষত, প্ৰতিৰক্ষা ৰপ্তানি ২১,০৮৩ কোটি টকাৰ অভিলেখ উচ্চ স্তৰ স্পৰ্শ কৰে, যি ২০২২-২৩ বিত্তীয় বৰ্ষতকৈ ৩২.৫% বৃদ্ধি। ইয়াৰ উপৰিও, ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ব্যাপক বৃদ্ধি হৈছে। প্ৰথম তিনিমাহত ৬,৯২৫ কোটি টকাৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰা হৈছে, যি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহতকৈ ৭৮% বৃদ্ধি, যি আছিল ৩,৮৮৫ কোটি টকা।

 

২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ ৰ বিমান আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণত কয় যে এটা সময় আছিল যেতিয়া দেশখন সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল; কিন্তু আজি ই সাহসী আৰু শক্তিশালী, সশস্ত্ৰ বাহিনীয়ে দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা যিকোনো লোকক উপযুক্ত প্ৰত্যুত্তৰ দিছে। তেওঁ দৃঢ়তাৰে কয় যে দেশখনে ইয়াৰ সাহসী সৈনিকসকলৰ বাবে গৌৰৱান্বিত যিয়ে নিস্বাৰ্থভাৱে মাতৃভূমিৰ সেৱা কৰে।

 

সকলো ক্ষেত্ৰতে মহিলাৰ বৰ্ধিত ভূমিকাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে মহিলাসকলে কেৱল দেশৰ প্ৰগতিত অংশগ্ৰহণ কৰাই নহয়, নেতৃত্বৰ ভূমিকা পালন কৰি আছে। তেওঁ কয়, "সেনা, নৌসেনা, বায়ু সেনা হওঁক বা মহাকাশ খণ্ডই হওঁক, আমি আমাৰ দেশৰ নিৰন্তৰ বৰ্ধিত নাৰী শক্তিৰ প্ৰগতিৰ সাক্ষী হৈ আছোঁ।"

 

ABB/Savvy/KG



(Release ID: 2045886) Visitor Counter : 26