স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

আজি দেশৰ ১৭০ খন চহৰত সফলতাৰে পৰিচালিত কৰা হয় নীট পিজি ২০২৪

২,২৮,৫৪০ গৰাকী প্ৰাৰ্থীক এন.বি.ই.এম.এছ.-ৰ দ্বাৰা এডমিট কাৰ্ড প্ৰদান কৰা হয়

এই হাই-ষ্টেক পৰীক্ষাৰ নিৰাপদ আৰু মসৃণ পৰিচালনা নিশ্চিত কৰাৰ বাবে উচ্চ স্তৰৰ সুৰক্ষা ব্যৱস্থা লোৱা হৈছে

Posted On: 11 AUG 2024 7:58PM by PIB Guwahati

নীট পিজি ২০২৪ আজি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বায়ত্তশাসিত সংস্থা নেচনেল ব'ৰ্ড অফ এক্সপেকচনচ ইন মেডিকেল চাইন্সেছ (এনবিইএমএছ)ৰ দ্বাৰা সফলতাৰে পৰিচালনা কৰা হয়।

 

নীট পিজি ২০২৪ সমগ্ৰ দেশৰ মুঠ ১৭০ খন চহৰৰ ৪১৬ টা কেন্দ্ৰত দুটা শ্বিফ্টত অনুষ্ঠিত কৰা হয়। এন.বি.ই.এম.এছ.-ৰ দ্বাৰা ২,২৮,৫৪০ জন প্ৰাৰ্থীক প্ৰৱেশ পত্ৰ জাৰী কৰা হৈছিল। প্ৰাৰ্থীসকলক যিমান দূৰ সম্ভৱ তেওঁলোকৰ ৰাজ্যৰ ভিতৰতে পৰীক্ষা কেন্দ্ৰ আৱণ্টন কৰা হৈছিল।

 

নীট  পিজিৰ নিৰাপদ আৰু মসৃণ পৰিচালনা নিশ্চিত কৰিবলৈ, এন.বি.ই.এম.এছ.-এ ইয়াৰ দিল্লীস্থিত দ্বাৰকা কাৰ্যালয়ত কেন্দ্ৰীয় কমাণ্ড কেন্দ্ৰ স্থাপন কৰিছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়,  এন.বি.ই.এম.এছ.-ৰ গভর্নিং ব’ডি,  এন.বি.ই.এম.এছ.-ৰ কাৰ্যবাহী সঞ্চালক আৰু বিষয়াসকলে তেওঁলোকৰ দলৰ সৈতে পৰীক্ষাটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল।

 

নীট পিজিৰ পৰিচালনা নিৰীক্ষণৰ বাবে পৰীক্ষা কেন্দ্ৰসমূহত ১৯৫০ ৰো অধিক স্বতন্ত্ৰ মূল্যায়ক আৰু ৩০০ ফ্লাইং স্কোৱাডৰ সদস্য নিযুক্ত কৰা হৈছিল। দেশজুৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ তত্বাৱধানৰ বাবে আঠটা আঞ্চলিক কমাণ্ড কেন্দ্ৰও স্থাপন কৰা হৈছিল।

 

পৰীক্ষাটোৰ বিষয়ে যিকোনো ভুল তথ্য ৰোধ কৰিবলৈ এন.বি.ই.এম.এছ.-এ সামাজিক মাধ্যমত নিবিড়ভাৱে নিৰীক্ষণ কৰিছিল আৰু নিশ্চিত কৰিছিল যে কেৱল প্ৰমাণিক তথ্যহে অংশীদাৰসকলক দিয়া হয়।

 

বিভিন্ন সংস্থাৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ লগতে বৰ্ধিত নিৰাপত্তা ব্যৱস্থাই নীট পিজিৰ নিৰাপদ আৰু মসৃণ পৰিচালনা নিশ্চিত কৰিছে যাৰ ফলত এই পৰীক্ষাৰ অখণ্ডতা বজাই ৰখা হৈছে।

****

 

MV/DS



(Release ID: 2044337) Visitor Counter : 29