কেবিনেট
azadi ka amrit mahotsav g20-india-2023

কেবিনেটে লিগ’চেলুল’জিক বাঅ’মাছ আৰু আন-আন নবীকৰণযোগ্য ফিডষ্টকৰ ব্যৱহাৰেৰে উন্নত জৈৱ ইন্ধন প্ৰকল্পসমূহক আৰ্থিক সহায় আগবঢ়াবলৈ “প্ৰধানমন্ত্ৰী জীৱন (JI-VAN) যোজনা”ৰ সংশোধনীত অনুমোদন জনায়

Posted On: 09 AUG 2024 10:21PM by PIB Guwahati

জৈৱ ইন্ধনৰ ক্ষেত্ৰখনৰ শেহতীয়া অগ্ৰগতিৰ সৈতে খোজ মিলাবলৈ আৰু অধিক বিনিয়োগক প্ৰলুব্ধ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি সংশোধিত প্ৰধানমন্ত্ৰী জীৱন (JI-VAN) যোজনাত অনুমোদন জনায়।

সংশোধিত আঁচনিখনে আঁচনি ৰূপায়ণৰ সময়সীমা পাঁচ (৫) বছৰ অৰ্থাৎ ২০২৮-২৯লৈকে বৃদ্ধি কৰে আৰু ইয়াৰ পৰিসৰত লিগ’চেলুল’জিক ফিডষ্টক অৰ্থাৎ কৃষি আৰু বনজ অৱশিষ্ট, ঔদ্যোগিক আৱৰ্জনা, সংশ্লেষণ (syn) গেছ, শেলাই আদিৰপৰা উৎপাদিত উন্নত জৈৱ ইন্ধন অন্তৰ্ভুক্ত কৰা হৈছে। “বল্ট অন” প্লান্ট আৰু “ব্ৰাউনফিল্ড প্ৰজেক্টে”ও এতিয়া ইয়াৰ অভিজ্ঞতাৰ লাভ আহৰণ কৰিবলৈ আৰু ইয়াৰ কাৰ্য্যক্ষমতাৰ অগ্ৰগতি সাধন কৰিবলৈ সক্ষম হ’ব।

একাধিক প্ৰযুক্তি আৰু একাধিক ফিডষ্টকক প্ৰোৎসাহিত কৰিবলৈ এতিয়া এই খণ্ডত নতুন প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে প্ৰকল্পৰ প্ৰস্তাৱক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব।

কৃষকসকলক তেওঁলোকৰ কৃষি অৱশিষ্টৰ বিনিময়ত পাৰিতোষিক আয় প্ৰদান কৰা, পৰিবেশ প্ৰদূষণ ৰোধ কৰা, স্থানীয় কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা, ভাৰতৰ শক্তি সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাত অৰিহণা যোগোৱাই হৈছে এই আঁচনিখনৰ লক্ষ্য। ইয়াৰ উপৰিও, ই উন্নত জৈৱ ইন্ধন প্ৰযুক্তিৰ বিকাশত সহায় কৰিব আৰু মেক ইন ইণ্ডিয়া মিছনক প্ৰোৎসাহিত কৰিব। ইয়াৰ লগতে, ২০৭০ৰ ভিতৰত ভাৰতৰ নেট শূন্য জিএইচজি নিৰ্গমনৰ অভিলাষী লক্ষ্যত উপনীত হোৱাতো সহায় কৰিব।

প্ৰধানমন্ত্ৰী জীৱন যোজনাৰ জৰিয়তে উন্নত জৈৱ ইন্ধনক প্ৰোৎসাহিতকৰণৰ অৰ্থে ভাৰত চৰকাৰৰ দায়বদ্ধতাই বহনক্ষম আৰু আত্ম-নিৰ্ভৰ শক্তি খণ্ডৰ প্ৰতি চৰকাৰখনৰ সমৰ্পণৰ মনোভাৱকে প্ৰতিফলিত কৰে।

পটভূমিঃ

চৰকাৰে ইথানল মিশ্ৰিত পেট্ৰল (EBP) কাৰ্য্যক্ৰমৰ অধীনত পেট্ৰলত ইথানলৰ মিশ্ৰণক প্ৰোৎসাহিত কৰি আহিছে, যাৰ ভিত্তিত ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে (OMC) ইথানলৰ সৈতে মিহলি পেট্ৰল বিক্ৰী কৰিছে। ইবিপি কাৰ্য্যসূচীৰ অধীনত পেট্ৰলৰ সৈতে ইথানলৰ মিশ্ৰণ ২০১৩-১৪ ইথানল যোগান বছৰত (ESY) ৩৮ কোটি লিটাৰৰপৰা ইএছৱাই, ২০২২-২৩ত ৫০০ কোটি লিটাৰৰো অধিকলৈ বৃদ্ধি পাইছে আৰু সংশ্লিষ্ট মিশ্ৰণৰ শতাংশ ১.৫৩% ৰপৰা ১২.০৬%লৈ বৃদ্ধি পাইছে। ২০২৪ৰ জুলাইত মিশ্ৰণৰ শতাংশই ১৫.৮৩% স্পৰ্শ কৰিছে আৰু চলিত ইএছৱাই, ২০২৩-২৪ত ক্ৰমবৰ্ধমান মিশ্ৰণৰ শতাংশই ১৩% অতিক্ৰম কৰিছে।

ইএছৱাই, ২০২৫-২৬ৰ শেষৰফালে ২০% মিশ্ৰণৰ লক্ষ্যত উপনীত হোৱাৰ পথত অ’এমচিসমূহ আগবাঢ়িছে। অনুমান কৰা হৈছে যে ২০% মিশ্ৰণ লাভ কৰিবলৈ ইএছৱাই, ২০২৫-২৬ৰ সময়ছোৱাত ১১০০ কোটি লিটাৰৰো অধিক ইথানলৰ প্ৰয়োজন হ’ব, যাৰ বাবে মিশ্ৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু আন-আন ব্যৱহাৰৰ বাবে (পানীয়, ৰাসায়নিক, ঔষধ আদি) ১৭৫০ কোটি লিটাৰৰ ইথানল ডিষ্টিলেচন ক্ষমতা সংস্থাপনৰ আৱশ্যকতা আহি পৰিছে।

ইথানল মিশ্ৰণৰ লক্ষ্য পূৰণৰ বাবে চৰকাৰে ২য় প্ৰজন্মৰ (2G) ইথানল (উন্নত জৈৱ ইন্ধন)ৰ দৰে বিকল্প উৎসতো গুৰুত্ব আৰোপ কৰিছে। চেলুল’জিক আৰু লিগ’চেলুল’জিক উপাদান থকা উদ্বৃত্ত বাঅ’মাছ/কৃষি আৱৰ্জনা, ঔদ্যোগিক আৱৰ্জনা আদিক উন্নত জৈৱ ইন্ধন প্ৰযুক্তিৰ ব্যৱহাৰেৰে ইথানললৈ ৰূপান্তৰিত কৰিব পাৰি।

দেশত ২জি ইথানল ক্ষমতাক উৎসাহিতকৰণৰ লগতে এই খণ্ডত বিনিয়োগক প্ৰলুব্ধ কৰিবলৈ ২জি বাঅ’-ইথানল প্ৰকল্পক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ০৭-০৩-২০১৯ত “প্ৰধানমন্ত্ৰী জীৱন (JI-VAN-জৈৱ ইন্ধন-বাতাবৰণ অনুকূল ফচল অৱশেষ নিৱাৰণ) যোজনা”ৰ অধিসূচনা জাৰি কৰা হয়।

এই আঁচনিৰ অধীনত ভাৰতীয় তেল নিগম লিমিটেডে হাৰিয়ানাৰ পানীপতত স্থাপন কৰা প্ৰথমটো ২জি ইথানল প্ৰকল্প মাননীয় প্ৰধানমন্ত্ৰীয়ে ২০২২ৰ ১০ আগষ্টত ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিছিল। আন-আন ২জি বাণিজ্যিক প্ৰকল্পসমূহ বিপিচিএল, এইচপিচিএল আৰু এনআৰএলে ক্ৰমে বৰগড় (ওড়িশা), বাথিণ্ডা (পঞ্জাৱ) আৰু নুমলীগড় (অসম)ত স্থাপন কৰিছে আৰু এই প্ৰকল্পকেইটাও সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে।

*****

MJPS/DS/BM/SKS/SB
 



(Release ID: 2043998) Visitor Counter : 52