নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৪-২৫ বৰ্ষৰ বাবে বন্দৰৰ মুদ্ৰাকৰণ

Posted On: 06 AUG 2024 1:40PM by PIB Guwahati

‘মুখ্য বন্দৰ প্ৰাধিকৰণ’ আৰু ‘ৰেহাইপ্ৰাপ্ত কৰ্তৃপক্ষ’ৰ মাজত ৰাজহৰ অংশ/ৰয়েলটীৰ ক্ষেত্ৰত মুকলি প্ৰতিযোগিতামূলক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে এক নিৰ্দিষ্ট সময়ৰ বাবে ৰেহাই চুক্তিৰ আধাৰত নিৰ্দিষ্ট প্ৰকল্প/বাৰ্থ/টাৰ্মিনেলৰ বাবে মুখ্য বন্দৰসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে। ৰেহাইৰ ম্যাদ উকলি যোৱাৰ পিছত সম্পত্তিটো বন্দৰ প্ৰাধিকৰণক হস্তান্তৰ কৰা হয়। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ‘ভি অ’ চিদাম্বৰনাৰ বন্দৰ’ (৭০৫৫ কোটি টকা), ‘দীনদয়াল বন্দৰ’ (১৮৮০ কোটি টকা), ‘শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ’ (১০৬৫ কোটি টকা)ক ‘পিপিপি প্ৰকল্প’ৰ ৰূপত প্ৰদানৰ জৰিয়তে ১০০০০ কোটি টকা বিনিয়োগৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পসমূহক ইতিমধ্যে চৰকাৰে অনুমোদন জনাইছে। অধিক স্বায়ত্ততা, নমনীয়তা আৰু ব্যক্তিগত বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে ‘মুখ্য বন্দৰ প্ৰাধিকৰণ আইন, ২০২১’ প্ৰণয়ন কৰি ‘মুখ্য বন্দৰ ন্যাস আইন, ১৯৬৩’, ‘আদৰ্শ ৰেহাই চুক্তি’ (এমচিএ)ৰ সংশোধন, আৰু ‘পিপিপি প্ৰকল্প’ৰ বাবে শুল্ক নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে।

আজি ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এই তথ্য প্ৰদান কৰে।

***

MJPS/AK/KB


(Release ID: 2042198) Visitor Counter : 38