গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

ৰাজ্যসমূহে মুক্ত বজাৰ বিক্ৰী আঁচনি (ঘৰুৱা)ৰ অধীনত ই-নিলামত অংশগ্ৰহণ নকৰাকৈ ভাৰতীয় খাদ্য নিগমৰ পৰা প্ৰতি কুইন্টলত ২৮০০ টকা দৰত চাউল ক্ৰয় কৰিব পাৰিব : শ্ৰী প্ৰহ্লাদ যোশী

গুণগত আৰু পুষ্টিকৰ খাদ্য মোদী চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰ, ভাৰত ব্ৰেণ্ডৰ অধীনত চাউল, আটাৰ বিক্ৰী অব্যাহত থাকিব : শ্ৰী যোশী

Posted On: 01 AUG 2024 3:08PM by PIB Guwahati

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে আজি ইয়াত ঘোষণা কৰে যে শস্যৰ নাটনি হোৱা ৰাজ্যসমূহে ১ আগষ্ট, ২০২৪ৰ পৰা ই-নিলামত অংশগ্ৰহণ নকৰাকৈ মুক্ত বজাৰ বিক্ৰী আঁচনিৰ (ঘৰুৱা) (অ’এমএছএছ (ডি))ৰ অধীনত ভাৰতীয় খাদ্য নিগমৰ (এফচিআই) পৰা পোনপটীয়াকৈ খাদ্যশস্য ক্ৰয় কৰিব পাৰিব। নতুন ক্ৰয়ৰ বতৰ আৰম্ভ হোৱাৰ আগেয়ে মজুতৰাশিৰ বিশাল উদ্বৃত্ত হ্ৰাস কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে।

                                                                     

অ’এমএছএছ (ডি)ৰ অধীনত ভাৰত চৰকাৰৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে ৰাজ্যবোৰলৈ প্ৰতি কুইণ্টলত ২৮০০ টকা দৰত পোনপটীয়াকৈ খাদ্যশস্য যোগান ধৰিব। শ্ৰী যোশীয়ে কয় যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে যদি প্ৰতিজন ব্যক্তিৰ বাবে নিৰ্ধাৰিত ৫ কেজিতকৈ অধিক বিনামূলীয়া খাদ্যশস্য ক্ৰয় কৰিব বিচাৰে, তেন্তে পূৰ্বৰ প্ৰতি কুইণ্টলত ২,৯০০ টকাৰ পৰিৱৰ্তে ২,৮০০ টকাকৈ ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে দৃঢ়তাৰে কয় যে ২০২৪ চনৰ ৩০ জুনলৈকে চলিবলগীয়া ‘ভাৰত’ ব্ৰেণ্ডৰ অধীনত আটা আৰু চাউলৰ বিক্ৰী অব্যাহত থাকিব।

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (পিএমজিকেৱাই) সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই প্ৰায় ৮১.৩৫ কোটি হিতাধিকাৰী (অৰ্থাৎ অন্ত্যোদয়া অন্ন যোজনা (এএৱাই) আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল (পিএইচএইচ)ৰ হিতাধিকাৰী)ক বিনামূলীয়া খাদ্যশস্য প্ৰদান অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে। পিএমজিকেএইৰ অধীনত ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঁচ বছৰৰ বাবে এই সুবিধা বাহাল থাকিব আৰু ইয়াৰ বাবে আনুমানিক আৰ্থিক ব্যয় মুঠ ১১.৮০ লাখ কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। "এয়া এতিয়ালৈকে সকলোতকৈ বিশাল আৰু সৰ্ববৃহৎ খাদ্য সুৰক্ষা কাৰ্যসূচী", শ্ৰী যোশীয়ে কয়। ২০২৩-২০২৪ চনত বিতৰণ কৰা খাদ্যশস্যৰ পৰিমাণ হ’ল ৪৯৭ লাখ মেট্ৰিক টন (এল এম টি) আৰু ২০২৪ চনৰ জুন পৰ্যন্ত কেন্দ্ৰই বিতৰণ কৰিছে ১২৫ লাখ মেট্ৰিক টন (এল এম টি)।

                                                                   

দেশৰ ৰক্তহীনতা আৰু পুষ্টিৰ অভাৱ দূৰ কৰাৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পিএমজিকেৱাই আঁচনিৰ অধীনত চৰকাৰে তিনিওটা পৰ্যায় সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু চৰকাৰৰ প্ৰতিখন আঁচনিতে কাষ্টম-মিলৰ চাউলৰ সলনি ফৰ্টিফাইড চাউল ব্যৱহাৰ কৰা হৈছে আৰু ২০২৪ চনৰ মাৰ্চৰ ভিতৰত ১০০ শতাংশ ফৰ্টিফাইড চাউল বিতৰণৰ লক্ষ্যত উপনীত হৈছে। “গুণগত আৰু পুষ্টিকৰ খাদ্য হৈছে প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰ”, তেওঁ কয়।

উচ্চ খাদ্য মুদ্ৰাস্ফীতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিলাহী আৰু অন্যান্য শাক-পাচলি ঋতু অনুসৰি হয়। “বিলাহীৰ দাম সুস্থিৰ হৈ আছে আৰু পি এছ এফ ব্যৱহাৰ নকৰাকৈয়ে প্ৰতি কিলোগ্ৰামত ৬০ টকাকৈ ৰাজসাহায্যযুক্ত বিলাহী উপলব্ধ কৰা হৈছে”, তেওঁ কয়। মাহজাতীয় শস্য সন্দৰ্ভত শ্ৰী যোশীয়ে কয় যে বীজ সিঁচাৰ ক্ষেত্ৰ বৃদ্ধি পাইছে আৰু কৃষকসকলৰ পৰা ১০০% মাহজাতীয় শস্য ক্ৰয় কৰা হ’ব।

শ্ৰী যোশীয়ে লগতে জনায় যে ইথানল উৎপাদন ক্ষমতা বছৰি ১৫৮৯ কোটি লিটাৰলৈ বৃদ্ধি পাইছে, যিখিনি আজিলৈকে দেশৰ ঘৰুৱা ইথানলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যথেষ্ট। চলিত চেনিৰ বতৰৰ বাবে ৯৪.৮%তকৈ অধিক কুঁহিয়াৰৰ বকেয়া সৰ্বনিম্ন স্তৰলৈ লৈ যোৱাৰ বাবে প্ৰায় ১.০৫ লাখ কোটি টকা পৰিশোধ কৰা হৈছে, তেওঁ কয়। তেওঁ লগতে কয় যে কৃষকৰ স্বাৰ্থত ২০২১-২২ চনৰ চেনিৰ বতৰৰ বাবদ প্ৰায় ৯৯.৯% কুঁহিয়াৰৰ বকেয়া আদায় দিয়া হৈছে। পূৰ্বৰ ২০২২-২৩ বৰ্ষৰ চেনিৰ বতৰৰ বাবদ কুঁহিয়াৰৰ মুঠ বকেয়া ১১৪৪৯৪ কোটি টকাৰ প্ৰায় ১১৪২৩৫ কোটি টকা পৰিশোধ কৰা হৈছে আৰু মাত্ৰ ২৫৯ কোটি টকা পৰিশোধ কৰিবলগীয়া আছে। এইদৰে কৃষকসকলক প্ৰায় ৯৯.৮% কুঁহিয়াৰৰ বকেয়া প্ৰদান কৰা হৈছে, শ্ৰী যোশীয়ে কয়।

এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড সন্দৰ্ভত শ্ৰী যোশীয়ে উল্লেখ কৰে যে আজিলৈকে দেশজুৰি ১৪৫ কোটি টকাৰ পোৰ্টেবিলিটি লেনদেন কৰা হৈছে। আন্তঃৰাজ্যিক নাইবা অন্তঃৰাজ্যিকৰ এন এফ এছ এৰ হিতাধিকাৰীসকলক মুঠ ২৯৩ লাখ মেট্ৰিক টন (এল এম টি) খাদ্যশস্য বিতৰণ সম্পন্ন হৈছে।

 

***

AD/NS/AM/KD
 



(Release ID: 2040286) Visitor Counter : 32