বিত্ত মন্ত্ৰালয়

অহা তিনি বছৰৰ ভিতৰত ভূমি সম্পৰ্কীয় সংস্কাৰ আৰু কাম সম্পূৰ্ণ কৰিবলৈ উদ্গনি

গ্ৰাম্য ভূমি সম্পৰ্কীয় কামে ঋণ প্ৰবাহ আৰু অন্যান্য কৃষি সেৱাও সহজ কৰি তুলিব

নগৰ অঞ্চলৰ ভূমিৰ অভিলেখ জিআইএছ মেপিঙৰ জৰিয়তে ডিজিটেলাইজ কৰা হ’ব

Posted On: 23 JUL 2024 12:57PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ‘কেন্দ্ৰীয় বাজেট ২০২৪-২৫’ দাখিল কৰি কয় যে গ্ৰামাঞ্চল আৰু চহৰ দুয়োটাতে, ভূমি সম্পৰ্কীয় সংস্কাৰ আৰু কামক উপযুক্ত ৰাজকোষীয় সাহায্যৰ জৰিয়তে অহা তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰা হ’ব। সংস্কাৰসমূহত ভূমি প্ৰশাসন, পৰিকল্পনা আৰু পৰিচালনা, নগৰ পৰিকল্পনা, ব্যৱহাৰ আৰু নিৰ্মাণ সম্পৰ্কীয় আইন অন্তৰ্ভুক্ত হ’ব।

শ্ৰীমতী সীতাৰমণে বিতং তথ্য দি কয় যে গ্ৰাম্য ভূমিৰ সৈতে জড়িত কামসমূহৰ ভিতৰত আছে সকলো মাটিৰ প্লটৰ বাবে ইউনিক প্লট আইডেন্টিফিকেশ্যন নম্বৰ (ULPIN) বা ভূ-আধাৰ নিৰ্ধাৰণ, কেডাষ্ট্ৰেল মেপ ডিজিটেলাইজেশ্যন, বৰ্তমানৰ মালিকীস্বত্ব অনুসৰি মানচিত্ৰ উপ-প্ৰভাগৰ জৰীপ কৰা , ভূমি পঞ্জীয়ন স্থাপন, আৰু কৃষক পঞ্জীয়নৰ সৈতে সংযোগ স্থাপন অন্তৰ্ভুক্ত। এই কামবোৰে ঋণৰ প্ৰবাহ আৰু অন্যান্য কৃষি সেৱাও সহজ কৰি তুলিব।

নগৰীয়া ভূমিৰ সৈতে জড়িত কামৰ সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে কয় যে নগৰ অঞ্চলৰ ভূমিৰ অভিলেখ জিআইএছ মেপিঙৰ জৰিয়তে ডিজিটেলাইজ কৰা হ’ব। সম্পত্তিৰ অভিলেখ প্ৰশাসন, উন্নীতকৰণ আৰু কৰ প্ৰশাসনৰ বাবে তথ্য প্ৰযুক্তি ভিত্তিক ব্যৱস্থা স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা নগৰীয়া স্থানীয় সংস্থাসমূহৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন হ’ব বুলিও তেওঁ কয়।

**********

NB/SS/DD



(Release ID: 2035889) Visitor Counter : 9