প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে লকহিড মাৰ্টিনৰ 'মেক ইন ইণ্ডিয়া, মেক ফৰ ৱৰ্ল্ড' অংগীকাৰৰ শলাগ লয়

Posted On: 19 JUL 2024 11:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৃষ্টি বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত প্ৰতিৰক্ষা মেজৰ লকহিড মাৰ্টিনৰ অংগীকাৰৰ শলাগ লৈছে।

 

লকহিড মাৰ্টিনৰ চিইঅ’ জিম টাইকলেটে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে (PMO) এক্সত এইদৰে প’ষ্ট কৰেঃ

 

"@LockheedMartin-ৰ চিইঅ’ জিম টাইকলেটে প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে। লকহিড মাৰ্টিন হৈছে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ এক মূল অংশীদাৰ। আমি 'মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৃষ্টি বাস্তৱায়িতকৰণৰ দিশত ইয়াৰ অংগীকাৰক আদৰণি জনাইছোঁ।"

***

DS/RT/SB
 



(Release ID: 2034284) Visitor Counter : 34