নৌ-পৰিবহন মন্ত্ৰালয়

ভাৰতত লাইটহাউচ পৰ্যটনৰবৰ্ধনৰ অৰ্থে পৰিকল্পনা অব্যাহত আছেঃ শ্ৰী সৰ্বানন্দ সোণোৱাল

ভিজিঞ্জাম লাইটহাউচত লেজাৰ লাইট আৰু চাউণ্ড শ্ব'ৰ ব্যৱস্থা কৰা হ’বঃশ্ৰী সৰ্বানন্দ সোণোৱাল

লাইটহাউচসমূহত পৰ্যটনৰ সুবিধাসমূহৰবৰ্ধন ঘটোৱা আৰু এইসমূহক বিশেষভাৱে সক্ষম লোকসকলৰ অনুকূলকৈসজ্জিত কৰা হ’বঃ শ্ৰী সোণোৱাল

২০২৪ৰ এপ্ৰিল-জুনত ৫ লাখৰো অধিক পৰ্যটকে লাইটহাউচসমূহ ভ্ৰমণ কৰেঃ শ্ৰী সোণোৱাল

Posted On: 11 JUL 2024 2:30PM by PIB Guwahati

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি কেৰালাৰ ভিজিঞ্জামত লাইটহাউচ পৰ্যটনৰ অগ্ৰগতি সাধনৰ বাবে এখনি অংশীদাৰ বৈঠক অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ (MoPSW)অধীনস্থ সংস্থালাইটহাউচ আৰু লাইটশ্বিপ সঞ্চালকালয়ৰদ্বাৰা আয়োজিত এই বৈঠকৰ উদ্দেশ্য হৈছে লাইটহাউচসমূহৰ অনন্য পৰ্যটন সম্ভাৱনাক ঐতিহাসিক, সাংস্কৃতিক আৰু দৃশ্যগত মিলনৰ কেন্দ্ৰ হিচাপে থূপাই প্ৰদৰ্শনৰ অৰ্থে পৰিকল্পনা আৰু নীতি যুগুত কৰা।

ইয়াত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে কয়, “২০২৪ৰ এপ্ৰিল-জুনত ৫ লাখৰো অধিক পৰ্যটকে লাইটহাউচসমূহ ভ্ৰমণ কৰে। এনে আগমনেপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বিশেষ সামুদ্ৰিক গঠনসমূহক স্পন্দনশীল পৰ্যটনকেন্দ্ৰলৈ ৰূপান্তৰিতকৰণৰ দৃষ্টিভংগীক সজীৱ কৰি তোলে।”তেওঁ কয় যে বিশেষকৈ বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ সুবিধাৰ প্ৰতিটো দিশ বিবেচনাৰে ভিজিঞ্জামত নতুন চাউণ্ড আৰু লাইট শ্ব’ৰ লগতে পৰ্যটকৰ বাবে আন-আন সুবিধাসমূহৰ ব্যৱস্থা কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰে পৰিচালিত হৈ অনুষ্ঠিত কৰা এই বৈঠকে লাইটহাউচ পৰ্যটনক প্ৰোৎসাহিতকৰণৰ লগতে এই পৰিচিত গঠনসমূহক স্পন্দনশীল পৰ্যটন স্থলী হিচাপে পুনৰুজ্জীৱিতকৰণৰ অৰ্থে চৰকাৰৰ অংগীকাৰকেপ্ৰতিফলিত কৰিছে বুলি শ্ৰী সোণোৱালে কয়।

এই বৈঠকৰ লক্ষ্য হৈছে লাইটহাউচৰ অনন্য পৰ্যটন সম্ভাৱনাক প্ৰদৰ্শনেৰেইয়াৰ ঐতিহাসিক, সাংস্কৃতিকআৰু দৃশ্যগত মূল্য সম্পৰ্কে গুৰুত্ব আৰোপ কৰা। ইয়াৰ অৰ্থে চৰকাৰী সংস্থা, পৰ্যটন সংস্থা, স্থানীয় সমাজআৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰসকলৰ মাজত সহযোগিতা আৰু অংশীদাৰিত্ব আৱশ্যকীয়। এই অনুষ্ঠানত পৰ্যটনৰবৰ্ধনৰ জৰিয়তে স্থানীয় সমাজসমূহৰ সম্ভাৱ্য অৰ্থনৈতিক লাভা-লাভ সম্পৰ্কেও আলোকপাত কৰা হয়। ইয়াতলাইটহাউচ পৰ্যটনক প্ৰোৎসাহিতকৰণৰ ক্ষেত্ৰত সম্ভাৱ্য প্ৰত্যাহ্বান আৰু বাধাসমূহ চিনাক্তকৰণেৰেঅংশীদাৰসকলৰবৰঙণি আৰু প্ৰভাৱত গুৰুত্ব আৰোপেৰেতেওঁলোকক প্ৰেৰণা যোগোৱা হয়।

ইয়াত ভাষণ প্ৰদানেৰে শ্ৰী সোণোৱালে কয়, “ভাৰতে বৈচিত্ৰময় ভূগোলেৰে আমাৰ সংস্কৃতি, সামাজিক নীতি-নিয়ম আৰু ইতিহাসৰ প্ৰৱাহমান মিশ্ৰণক প্ৰদৰ্শনৰ ব্যাপক সুযোগ ধাৰণ কৰিছে। লাইটহাউচসমূহ সামুদ্ৰিক পথ-নিৰ্দেশনাৰ মাধ্যমহোৱাৰ উপৰিও পৰ্যটন কেন্দ্ৰ হিচাপে ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাসম্পন্নবৰ্ণাঢ্য ঐতিহাসিক বিৱৰণীৰো প্ৰকাশ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে লাইটহাউচসমূহক পৰ্যটনস্থলী হিচাপে বিকশিত আৰুপ্ৰোৎসাহনেৰে চহকী সামুদ্ৰিক ঐতিহ্যৰ প্ৰতীক হিচাপে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ উপকূলসমূহৰ অৰ্থনৈতিক উন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্য উদযাপনৰ বাবে মন্ত্ৰালয় লাইটহাউচসমূহ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰতঅংগীকাৰবদ্ধ। এই অংশীদাৰ বৈঠক হৈছে অনন্য লাইট আৰু চাউণ্ড শ্ব’ৰ জৰিয়তে ভিজিঞ্জাম লাইটহাউচক এক প্ৰধান পৰ্যটন স্থলী হিচাপে ৰূপান্তৰিতকৰণৰ বাবে বিশাল পদক্ষেপ গ্ৰহণৰ এটি প্ৰয়াস।”

এই বৈঠকত লাইটহাউচসমূহক পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিতকৰণৰ অৰ্থে কৌশল-নিৰ্ধাৰণত গুৰুত্ব আৰোপ কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যটনৰ সুবিধাৰে সমৃদ্ধ ৭৫ লাইটহাউচ উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ৭৫ সংখ্যক খণ্ডতএই লাইটহাউচসমূহৰ বিকাশৰ পৰামৰ্শ আগবঢ়াইছিল। এই বৈঠকত কেৰালা চৰকাৰৰ পৰ্যটন মন্ত্ৰী পিএ মহম্মদ ৰিয়াসকে প্ৰমুখ্য কৰি আন-আন শীৰ্ষ বিষয়াসকলেঅংশগ্ৰহণ কৰে।

দৰ্শনাৰ্থীৰ অভিজ্ঞতাকসমৃদ্ধ কৰিবলৈ ভিজিঞ্জাম লাইটহাউচত একাধিক পৰ্যটন সুবিধা গঢ়ি তোলা হৈছে। ইয়াৰ ভিতৰত শিশুৰ খেলা ঠাই, আকুপ্ৰেচাৰ পথ, মিউজিকেল ফাউন্টেইন আদি। ইয়াত লিফ্টৰ সুবিধা সংস্থাপনে বিশেষভাৱে সক্ষম লোক আৰু জ্যেষ্ঠ নাগৰিকসকলক লাইটহাউচৰ ওপৰৰপৰা মনোৰম দৃশ্য উপভোগ কৰিবলৈ সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও, জীৱ-জন্তুৰ প্ৰতিকৃতি থকা চেলফি পইন্ট, পৰ্যটকৰ বাবে কেফেটেৰিয়া, জিৰণি ল’বলৈ গেজেবো সংযোজন কৰা হৈছে।ইয়াৰ ফলশ্ৰুতিত ভিজিঞ্জাম লাইটহাউচ সকলো দৰ্শনাৰ্থীৰ বাবে অধিক আকৰ্ষণীয় আৰু সুগম গন্তব্যস্থান হৈ পৰিছে। বিশেষকৈ বৃদ্ধ আৰু বিশেষভাৱে সক্ষম পৰ্যটকসকলৰ বাবে পৰিবহণৰ সুবিধাৰ বাবে বেটাৰী চালিত গাড়ীও ব্যৱহাৰ কৰা হৈছে। নতুন সুবিধাৰ সংযোজনৰ লগে-লগে পৰৱৰ্তী মাহত ইয়ালৈ গড়ে মাহিলী প্ৰায় ১৫ হাজাৰ লোকৰ আগমন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

দূৰদৰ্শী এমআইভি ২০৩০ পদক্ষেপৰ অধীনত লাইটহাউচ আৰু লাইটশ্বিপ সঞ্চালকালয় (DGLL)য়ে সমগ্ৰ ভাৰততে লাইটহাউচ পৰ্যটনক সক্ৰিয়ভাৱে প্ৰোৎসাহিত কৰি আহিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে ঐতিহ্য আৰু সামুদ্ৰিক সংগ্ৰহালয়ৰ উন্নয়ন সাধনকে প্ৰমুখ্য কৰি বিকল্প ব্যৱহাৰৰ বাবে বৰ্তমানৰ লাইটহাউচৰ সুবিধাসমূহক পুনৰুজ্জীৱিত কৰা। সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ য়ে লাইটহাউচসমূহক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিস্থানীয় অৰ্থনীতিক লালন-পালন আৰু সাংস্কৃতিক বিনিময়ক প্ৰোৎসাহিতকৰণৰপ্ৰয়াস কৰিছে।

 

🤝Stakeholder's Meet at Vizhinjam Lighthouse

✨Chaired by Sh. @sarbanandsonwal, Union Minister, MoPSW

✨ Aimed to showcase the unique tourism potential of lighthouses

🆕 500,000+ tourists visited @dgll_india Lighthouses in last 3 months pic.twitter.com/4vGpZDxlba

— Ministry of Ports, Shipping and Waterways (@shipmin_india) July 11, 2024

 

*****

MJPS/AK/SB



(Release ID: 2032889) Visitor Counter : 25