পোষ্ট কৰা হৈছে:
12 JUL 2024 1:47PM by PIB Guwahati
গ্ৰাম্য সংযোগ শক্তিশালী কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ, গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অসম ৰাজ্যলৈ আনুমানিক ৩৭৮.৬৮ কোটি টকা বিনিয়োগৰ সৈতে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা (পিএমজিএছৱাই)-তৃতীয়ৰ অধীনত ৫৬৩.৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮ টা পথ আৰু ১৪ খন দলং মঞ্জুৰ কৰিছে।
এই যুগান্তকাৰী পদক্ষেপৰ জৰিয়তে :
- স্বাস্থ্যসেৱা, শিক্ষা আৰু বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সূচলতা বৃদ্ধিহ’ব।
- গ্ৰাম্য অঞ্চলত সংযোগ বৃদ্ধি হ’ব, দূৰৱৰ্তী গাওঁ আৰু নগৰকেন্দ্ৰসমূহৰ মাজৰ ব্যৱধান দূৰ হ’ব।
- অঞ্চলটোত অৰ্থনৈতিক বিকাশ, বাণিজ্য আৰু ব্যৱসায় ত্বৰান্বিতহ’ব।
- নিযুক্তিৰ সুযোগ সৃষ্টি হ’বআৰু স্থানীয় অৰ্থনীতি উৎসাহিত হ’ব।
- চৰকাৰৰসমৃদ্ধ উত্তৰ-পূব আৰু বিকশিত ভাৰত দৃষ্টিভংগীৰ সৈতে সমন্বয় ৰক্ষা হ’ব।
প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা-তৃতীয়ৰ অধীনৰ প্ৰকল্পসমূহে অঞ্চলটোত এক পৰিৱৰ্তনশীল প্ৰভাৱ পেলোৱাৰ লগতেউত্তৰ-পূব অঞ্চলৰ বিকাশ আৰু সমৃদ্ধিত অৰিহণা যোগাব তথা সৰ্বাত্মক প্ৰগতিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দৃঢ়কৰি তুলিব।
*****
SK/SS /BD/DD